মালিক আছগাৰ হাছমী / নতুন দিল্লী
আলিগড়ৰ সংকীৰ্ণ পথৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) আৰু ভাৰতীয় ক্ৰিকেট দলৰ ড্ৰেছিং ৰুমলৈ ৰিংকু সিঙৰ যাত্ৰা হিন্দী ছবিৰ স্ক্ৰীপ্টৰ দৰে। কঠোৰ পৰিশ্ৰম, ক্ৰিকেটৰ প্ৰতি ত্যাগ আৰু দায়বদ্ধতাৰ মাজতে ৰিংকু সিঙৰ জীৱনত দুগৰাকী ব্যক্তিৰ প্ৰধান ভূমিকা আছে, তেওঁলোক হৈছে--মহম্মদ জীছান আৰু মাছুদ-উজ জাফৰ আমিনী। তেওঁলোকে এজন সাধাৰণ এলপিজি চিলিণ্ডাৰ কঢ়িওৱা শ্ৰমিকৰ পুত্ৰক ৰিংকু সিঙৰ দৰে তাৰকা ক্ৰিকেটলৈ ৰূপান্তৰিত কৰিছে।
এখন ফটোত ক্ৰিকেটাৰ ৰিংকু সিঙৰ একমাত্ৰ ভগ্নী নেহা সিঙে দাড়ি থকা এজন মানুহৰ হাতৰ কব্জিত ৰাখী বান্ধি থকা দেখা গৈছে, যাক তেওঁ "জীছান ভাই" বুলি কয়। ৰিংকু সিঙৰ পৰিয়ালৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য হৈ পৰা এই ব্যক্তিজন হৈছে মহম্মদ জীছান। ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত এছিয়া কাপ ২০২৫ত পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত মেচ উইনিং শ্বটটো মাৰিবলৈ ৰিংকু সিঙৰ সৌভাগ্য নহ'লহেঁতেন বুলি ক’লেও অতিৰঞ্জিত কৰা নহয়, যদিহে তেওঁৰ জীৱনত মহম্মদ জীছান আৰু শৈশৱৰ প্ৰশিক্ষক মাছুদ-উজ-জাফৰ আমিনি নাথাকিলহেঁতেন।
ৰিংকু সিঙৰ পিতৃয়ে গোবিলা গেছ ৱেৰহাউছত চিলিণ্ডাৰ ডেলিভাৰীৰ কাম কৰিছিল। ৫টা সন্তানৰ ভৰণ-পোষণৰ বাবে মাহিলী ২,০০০ টকা তেওঁৰ বাবে যথেষ্ট নাছিল। এনে আৰ্থিক সীমাবদ্ধতাৰ বাবে পিতৃয়ে ১২ বছৰীয়া ৰিংকু সিঙক ক্ৰিকেট ত্যাগ কৰি তেওঁৰ কামত সহায় কৰিবলৈ আহ্বান জনাইছিল। দেউতাকৰ কথা মতে ল'ৰাজনে ক্ৰিকেট খেলা এৰি দিছিল আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত নিয়োজিত হৈছিল। এই সময়ত ৰিংকুৰ শৈশৱৰ বন্ধু মহম্মদ জীছান তেওঁৰ জীৱনলৈ আহিছিল।
বন্ধু মহম্মদ জীছানৰ সৈতে ক্ৰিকেটাৰ ৰিংকু সিং
বাতৰি অনুসৰি, জীছানে ৰিংকুৰ পিতৃক কেৱল তেওঁক ক্ৰিকেট খেলিবলৈ অনুমতি দিবলৈয়েই নহয়, তেওঁৰ সকলো খৰচৰ বাবেও নিজৰ সঞ্চয়ৰ ধন ব্যয় কৰিছিল। দুয়ো বন্ধু এদিন কানপুৰলৈ এখন স্কুল টুৰ্ণামেণ্টৰ বাবে গৈছিল। তাত, ৰিংকু সিঙৰ পঞ্জীয়ন নথি হেৰাল, আৰু আয়োজকসকলে তেওঁক খেলিবলৈ নিদিলে। জীছানে ৰিংকুক ইমানেই ভাল পাইছিল যে তেওঁ নিজৰ হাতত থকা ধন খৰচ কৰি কোনোমতে নিজৰ বন্ধুক খেলাৰ সুবিধা কৰি দিছিল।
ৰিংকু সিঙৰ ক্ৰিকেট কেৰিয়াৰৰ প্ৰাৰম্ভিক কালছোৱাত দুই বন্ধুৰ মাজত বন্ধুত্বৰ বহুতো কাহিনী আছে। সেইবাবেই, যেতিয়া ৰিংকুক কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰিছিল, তেতিয়া তেওঁৰ ভগ্নী নেহা সিঙে ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, "জীছান ভাইয়ে তেওঁক কলকাতা নাইট ৰাইডাৰ্ছৰ ওচৰলৈ লৈ গৈছিল"। সেয়ে, ৰিংকুৰ পৰিয়ালে "জীছান ভাই"ক পৰিয়ালৰ সদস্য বুলি গণ্য কৰে আৰু তেওঁ প্ৰতিটো পৰিয়ালৰ অনুষ্ঠানত উপস্থিত থাকে।
আন এজন ব্যক্তিত্ব আছে, যাৰ অবিহনে ৰিংকু সিঙে ভাৰতীয় খেলুৱৈ হিচাপে দেশবাসীৰ সন্মুখত চিনাকী দিব নোৱাৰিলেহেঁতেন। তেওঁ হৈছে ৰিংকুৰ শৈশৱৰ প্ৰশিক্ষক মাছুদ-উজ-জফৰ আমিনী। আমিনীয়ে প্ৰথমতে ৰিংকুৰ প্ৰতিভা চিনাক্ত কৰিছিল আৰু তেওঁক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছিল। ইংৰাজী আলোচনী আউটলুকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰশিক্ষক আমিনীয়ে ৰিংকুৰ প্ৰেৰণাদায়ক যাত্ৰাৰ কথা বৰ্ণনা কৰে।
প্ৰশিক্ষক আমিনীয়ে কয়, "মই আলিগড় ক্ৰীড়া ষ্টেডিয়ামত প্ৰশিক্ষক আছিলো। ১২ বছৰ আগতে ৰিংকুৱে মোৰ ওচৰলৈ আহিছিল। তেওঁ সদায় গ্ৰাউণ্ডলৈ আহিছিল আৰু মই খেলুৱৈসকলক প্ৰশিক্ষণ দি থকা চাইছিল। মই দুই-এঠাইত ৰিংকুৰ খেল দেখিছিলো, আৰু তেওঁক প্ৰশিক্ষণত যোগদান কৰিবলৈ অনুৰোধ কৰিছিলো।"
অৱশ্যে ৰিংকুৰ পিতৃয়ে বিচৰা নাছিল যে ৰিংকুৱে ক্ৰিকেট খেলক। তেওঁৰ ইচ্ছা আছিল যে ৰিংকুৱে পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ'ব। কিন্তু ৰিংকুৰ পঢ়াৰ প্ৰতি কোনো আগ্ৰহ নাছিল আৰু তেওঁ ক্ৰিকেট খেলিবলৈ বিচাৰিছিল। সেই সময়তে ৰিংকুৰ মাজত প্ৰশিক্ষক আমিনীয়ে 'মেচ উইনাৰ'ৰ এক অসাধাৰণ ক্ষমতা দেখিছিল। শান্ত-সমাহিত আৰু ইতিবাচক স্বভাৱে ৰিংকুক বিশেষ কৰি তুলিছিল।
শৈশৱৰ প্ৰশিক্ষক আমিনীৰ সৈতে ৰিংকু সিং
"তেওঁ যেতিয়া বেটিং কৰিবলৈ গ্ৰাউণ্ডত নামে, তেতিয়া পৰিস্থিতি ভালদৰে মূল্যায়ন কৰিব পাৰে আৰু সেই অনুসৰি বেটিং কৰে। ৰিংকুৱে আৰম্ভণিৰে পৰা ভাল প্ৰদৰ্শন কৰিছিল। তেওঁ আগ্ৰাত উত্তৰ-প্ৰদেশৰ অনূৰ্ধ্ব-১৬ দলৰ হৈ প্ৰথমখন মেচত ১৫০ ৰান অতিক্ৰম কৰিছিল। তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। তেওঁ ইউপি অনূৰ্ধ্ব-১৯, ৰঞ্জী ট্ৰফী আৰু অৱশেষত আইপিএলত স্থান লাভ কৰিবলৈ সক্ষম হয়।"-প্ৰশিক্ষকগৰাকীয়ে কয়।
আমিনীয়ে পুনৰ কয় যে তেওঁ চৰকাৰী ষ্টেডিয়ামত থকা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা কোনো মাচুল লোৱা নাছিল। আজি ৰিংকুৰ প্ৰভাৱত তেওঁৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে। প্ৰশিক্ষক আমিনীয়ে খেলুৱৈ আৰু অভিভাৱকসকলক কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্য ধৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ ব্যাখ্যা কৰে যে ক্ৰিকেটত প্ৰতিযোগিতা তীব্ৰ আৰু সফলতাৰ বাবে ব্যতিক্ৰমী প্ৰদৰ্শন প্ৰয়োজন। ৰিংকুৱে ইয়াৰ উদাহৰণ দাঙি ধৰিছে।
তেওঁ আই পি এলত বেঞ্চত বহু সময় অতিবাহিত কৰিছিল, তথাপিও তেওঁ ধৈৰ্য্য ধৰিছিল আৰু নিজৰ খেল আৰু ফিটনেছৰ ওপৰত কাম কৰি গৈছিল। ১০-১২ বছৰৰ সংগ্ৰামৰ পিছত ৰিংকু সিং এতিয়া এজন তাৰকা। তেওঁৰ পৰিয়ালটো গেছ গুদামৰ এটা সৰু কোঠাৰ পৰা চহৰৰ ৫০০ বৰ্গফুটৰ এটা ঘৰলৈ স্থানান্তৰিত হৈছে।