'আত্মহত্যা ইছলামত হাৰাম; আত্মঘাতী বোমা কেতিয়াও ইছলামৰ অংশ হ'ব নোৱাৰে'

Story by  atv | Posted by  [email protected] • 1 h ago
দিল্লী বিস্ফোৰণৰ পিছৰ দৃশ্য
দিল্লী বিস্ফোৰণৰ পিছৰ দৃশ্য
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
ৰাজধানী দিল্লীৰ লালকিল্লাৰ আত্মঘাতী বোমাৰু উমৰ উন নবীৰ এক ভয়াৱহ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত উমৰে আত্মহত্যাক শ্বহীদৰ সৈতে তুলনা কৰি গৌৰৱ কৰা দেখা গৈছে। লগতে আত্মঘাতী বোমাৰুক ইছলামৰ এটা অংশ বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।
 
১০ নৱেম্বৰৰ সন্ধিয়া এখন গাড়ীত কাশ্মীৰী চিকিৎসকজনে আত্মঘাতী বোমা বিস্ফোৰণ কৰাৰ ফলত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৫ গৰাকী লোকক আহত হয়। এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰাৰ পূৰ্বেই ৰেকৰ্ড কৰিছিল এই ভিডিঅ'টো।   আৰক্ষীয়ে তেওঁৰ সহযোগীসকলৰ পৰা এই ভিডিঅ'টো উদ্ধাৰ কৰিছে। পৰৱৰ্তী সময়ত ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ ইছলামিক পণ্ডিত তথা নেতাসকলে ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।
 
যদিও চৰকাৰে সংবাদ মাধ্যমসমূহক সন্ত্ৰাসবাদীৰ ঘটনা সম্পৰ্কে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান কৰিছে। লগতে সন্ত্ৰাসবাদক উৎসাহিত নকৰাকৈ বা আনক একে পথত উৎসাহিত  নকৰাকৈ বাতৰি পৰিৱেশন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে। তথাপিও সংবাদ মাধ্যম, ব্লগ আৰু স্বতন্ত্ৰ ক্ৰিয়েটৰসকলে গোটেই দিনটো এই ক্লিপটো ব্যৱহাৰ কৰিছে।
 
আত্মঘাতী বোমাৰু উমৰ উন নবী
 
ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমিয়ে কয় যে, "প্ৰথম কথা হৈছে, আত্মহত্যা ইছলামত হাৰাম। সৃষ্টি আৰু ধ্বংসৰ মালিক এজনেই, সেইজন হৈছে মহান আল্লাহ। উমৰ উন নবীয়ে আত্মঘাতীক ইছলামৰ অংশ বুলি কৈছে, তেওঁ আচলতে ইছলামক বুজিয়ে পোৱা নাই। তেওঁ ইছলামৰ বিষয়ে ভুলকৈ বুজিছিল বা কোনোবাই তেওঁক ইছলামৰ বিষয়ে ভুলকৈ বুজাইছিল। ইছলামত আত্মহত্যা মহা পাপ আৰু ইয়াৰ কাৰণে কোৰআন আৰু হাদিছত শাস্তিও আছে। গতিকে ইছলামত নিজৰ জীৱনটো শেষ কৰাৰো অধিকাৰ আল্লাহে কাকো দিয়া নাই। আমাৰ সমাজত আত্মহত্যা কৰিলে কবৰস্থানৰ একেবাৰে চুকত ঠাই দিয়া হয়। বৰ্তমান সমাজবোৰত ড্ৰাগছ সেৱন বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিক কবৰস্থানতে কবৰ দিয়া নহ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। ইছলামক ভুলকৈ বুজি তেওঁ নিজকো শেষ কৰিলে আৰু নিৰীহলোকসকলকো হত্যা কৰিলে। এয়া আচলতে ভয়ংকৰ। ইছলামে হিংসাক কেতিয়াও আশ্ৰয় নিদিয়ে।"
 
ইছলামিক চেন্টাৰ অফ ইণ্ডিয়াৰ অধ্যক্ষ মৌলানা খালিদ ৰছিদ ফাৰংজী মহলীয়ে কয়, "দিল্লীৰ বিস্ফোৰণত জড়িত এজন সন্ত্ৰাসবাদীৰ দ্বাৰা প্ৰকাশিত ভিডিঅ' ইছলামৰ মৌলিক শিক্ষাৰ বিপৰীত। যি ধৰণে তেওঁ আত্মঘাতী বোমা বিস্ফোৰণ ইছলামত আইনীভাৱে অনুমোদিত বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। ইছলাম সদায় যিকোনো ধৰণৰ হিংসাৰ বিৰোধী। কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বা আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে ইছলামৰ সম্পৰ্ক স্থাপন কৰাটো সম্পূৰ্ণ ভিত্তিহীন।"
 
লেখক আমব্ৰীন জাইদিয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, "এই ব্যক্তিজন হৈছে উগ্ৰবাদে কি কৰে তাৰ এক উদাহৰণ। আৰু এই কাৰণেই ভাৰতীয় মুছলমানসকলে সাহসেৰে, অকলশৰীয়াকৈ সংগ্ৰাম কৰিব লাগিব। এয়া কাৰো অনুমোদনৰ বাবে নহয়, এয়া আমাৰ নিজৰ সুৰক্ষা, মৰ্যাদা আৰু ভৱিষ্যতৰ বাবে।"
 
"এইটো হৈছে উগ্ৰপন্থীয়ে কৰা কাৰ্য্য। আৰু এই কাৰণেই ভাৰতীয় মুছলমানসকলে সাহসেৰে সংগ্ৰাম কৰিব লাগে। কেৱল কাৰো অনুমোদনৰ বাবে নহয়, বৰঞ্চ আমাৰ নিজৰ সুৰক্ষা, মৰ্যাদা আৰু ভৱিষ্যতৰ বাবে। মই সেই দানৱৰ ভিডিঅ'টো শ্বেয়াৰ নকৰো। তেওঁৰ নৃশংসতা মানুহৰ মাজত বিয়পাই দিয়াৰ যোগ্য নহয়। কিন্তু এটা কথা স্পষ্ট কৰি দিওঁ যে উগ্ৰবাদ কোনো ভাবুকি নহয়। আমি এতিয়া ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব। ইতিমধ্যে দেৰি  হৈছে। কিন্তু ইয়াতকৈ আৰু বেয়া হ'ব নালাগে!
 
আত্মঘাতী বোমা বিস্ফোৰণক জেহাদৰ কৌশল হিচাপে উপস্থাপন কৰা চিকিৎসক গৰাকীৰ ভিডিঅ' শ্বেয়াৰ কৰাটো উচিত নহয় বুলিও উল্লেখ কৰে লেখিকা আমব্ৰিন জাইডিয়ে।
 
শ্ৰীনগৰৰ প্ৰাক্তন মেয়ৰ জুনেইদ মাত্ত'য়ে এক্সত কয় যে, "মই দিল্লীৰ বিস্ফোৰণৰ অভিযুক্ত উমৰ উন নবিৰ ভিডিঅ'টো চালো। ই অতি ঘৃণনীয়, ধ্বংসাত্মক আৰু বিকৃত মানসিকতা যাৰ কোনো ভিত্তি নাই ইছলামত। প্ৰকৃততে ইছলামে যুদ্ধৰ সময়তো এনেধৰণৰ সন্ত্ৰাস আৰু ধ্বংসাত্মক কাৰ্যৰ নিষেধাজ্ঞা আৰোপ কৰিছে। তেওঁৰ দৰে লোকসকল ইছলামৰ শিক্ষাৰ বিৰোধী। তেওঁলোক মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু। তেওঁলোকৰ অপবিত্ৰতা উগ্ৰ চিন্তাধাৰাই আমাৰ ধৰ্মক বিকৃত কৰিছে। প্ৰত্যেক ইছলামিক পণ্ডিত, ইমাম আৰু খতিবে স্পষ্টভাৱে এই বিকৃত মানসিকতাক প্ৰত্যাহ্বান জনাই ইছলামত ইয়াৰ দৃষ্টান্ত কি এই বিষয়ে স্পষ্ট কৰিব লাগে। উগ্ৰবাদ আমাৰ বিশ্বাসত নাইবা মানৱতাত নাই"