গুৱাহাটী
আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী মহানগৰখনত বিগত বর্ষ অর্থাৎ ২০২৫ চনতো সংঘটিত এনে ঘটনাৰ মুঠ ৫,৭৮৬ টা গোচৰ ৰুজু হৈছে। গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তর্গত থানা, আৰক্ষী চকীত ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত এই পাঁচ সহস্রাধিক গোচৰ মহানগৰ আৰক্ষীয়ে ৰুজু কৰে।
শুকুৰবাৰে খানাপাৰাস্থিত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ নৱনির্মিত ভবনত অনুষ্ঠিত এখন সংবাদমেলত প্রকাশ কৰে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে। সংবাদমেলত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ এই বিষয়াগৰাকীয়ে প্রকাশ কৰা অনুসৰি বিগত ২০২৩-২৪ চনৰ তুলনাত ২০২৫ বর্ষত ৰুজু হোৱা গোচৰৰ সংখ্যা কম। তেওঁ জনোৱামতে ২০২৩ চনত ৯,৩৯৩, ২০২৪ চনত ৭,৪১২ টা গোচৰ ৰুজু হৈছিল। সেই অনুসৰি বিগত বৰ্ষত মহানগৰ আৰক্ষীয়ে অপৰাধ প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা বুলি
সংবাদমেলত তেওঁ সদৰী কৰে।
উচ্চপদস্থ আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেলত জনোৱামতে বিগত বৰ্ষত গুৱাহাটীত ৫৫৩ টা বাহন চুৰিৰ ঘটনা পঞ্জীয়ন হৈছে। উক্ত বর্ষটোত মহানগৰ আৰক্ষীয়ে গাড়ী-মটৰ চুৰিত জড়িতৰ অভিযোগত মুঠ ২৩৯ টা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। লগতে ২৬৭ খন চুৰি বাহন উদ্ধাৰ কৰিছে। যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্রকাশ কৰামতে ২০২৩ চনত গুৱাহাটীত ১,০৩২ আৰু ২০২৪ চনত ১,১১৮ টা গাড়ী চুৰিৰ ঘটনা পঞ্জীয়ন হৈছিল। সেই অনুপাতে বিগত বৰ্ষত বাহন চুৰিৰ ঘটনা হ্রাস পোৱা বুলিও তেওঁ সংবাদমেলত কয়।
ইফালে সংবাদমেলত আৰক্ষী বিষয়াগৰাকীয়ে জনোৱামতে গুৱাহাটীৰ ৰাজপথত যান-বাহন আইন উলংঘাৰে গাড়ী-মটৰ চলোৱাসকলৰ পৰা মহানগৰ আৰক্ষীয়ে বিগত বর্ষত ৫০,২১,৫৭,০০০ টকা জৰিমনা হিচাপে আদায় কৰিছে। বিগত বৰ্ষত গুৱাহাটীৰ থানা-আৰক্ষী চকীসমূহত পঞ্জীয়ন হোৱা দুর্ঘটনাৰ সংখ্যা ১,০২৬ টা বুলি আজিৰ সংবাদমেলত তেওঁ কয়।
বিগত বৰ্ষত দুর্ঘটনাৰ সংখ্যা পূৰ্বৰ তুলনাত কম বুলিও তেওঁ জানিবলৈ দিয়ে। প্রসংগক্রমে মহানগৰ আৰক্ষীৰ উচ্চপদস্থ এই বিষয়াগৰাকীয়ে নৱবৰ্ষ উদ্যাপনৰ এই সময়ছোৱাত অর্থাৎ ৩১ ডিচেম্বৰত গুৱাহাটীত কোনো দুর্ঘটনা সন্দৰ্ভত থানা-আৰক্ষী চকীত গোচৰ ৰুজু হোৱা নাই বুলিও ব্যক্ত কৰে। তদুপৰি সংবাদমেলত তেওঁ কয়- 'বিগত বৰ্ষত গুৱাহাটীত ৪০৬ টা এন ডি পি এছ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে এই গোচৰত মুঠ ৫৫৫ অভিযুক্তক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উক্ত বর্ষটোত গুৱাহাটীত ১১.৯১৯ কিলোগ্রাম হেৰ'ইন, ৫২৯.৩০১ কিলোগ্রাম ভাং, ৯,৮৬৫ টা এন ডি পি এছ ছিৰাপৰ বটল আৰু ৩৪,৯১৮ টা এন ডি পি এছ টেবলেট সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে।
বিগত বৰ্ষত ম'বাইল চুৰিৰ ২০৩ টা গোচৰ থানা-আৰক্ষী চকীসমূহত ৰুজু হৈছে। ম'বাইল চুৰিৰ অভিযোগত মহানগৰ আৰক্ষীয়ে ২০৩ টা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ১,১৫৯ টা চুৰি ম'বাইল উদ্ধাৰ কৰিছে। বিগত বর্ষটোত পাণবজাৰ চাইবাৰ থানাত ১৮ টা চাইবাৰ জালিয়াতিৰ গোচৰ ৰুজু হয়।' আজিৰ সংবাদমেলত অংকুৰ জৈনে ২০২৫ চনত মহানগৰখনত ১,৮৫৪ টা সম্পত্তিকেন্দ্ৰিক গোচৰ ৰুজু হৈছে বুলি কয়। এই গোচৰত মুঠ ২,১১৮ টা অভিযুক্তক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্রহণ কৰে।