২০২৫ চনত অসমত চাহৰ উৎপাদন ৪ শতাংশ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 4 h ago
২০২৫ চনত অসমত চাহৰ উৎপাদন ৪ শতাংশ বৃদ্ধি
২০২৫ চনত অসমত চাহৰ উৎপাদন ৪ শতাংশ বৃদ্ধি
 
গুৱাহাটী
 
প্রতিকূল বতৰ, বৰষুণৰ পৰিমাণ হ্রাস,কীট-পতংগৰ আক্ৰমণ, মূল্য স্থবিৰতা, নিম্নমানৰ চাহৰ আমদানি আদিৰ দৰে বিভিন্ন প্রত্যাহ্বানৰ মাজতো ২০২৫ বৰ্ষটোত ভাৰতৰ চাহ উদ্যোগটোরে উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত তুলনামূলকভাবে উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০২৪ বৰ্ষত চাহৰ উৎপাদন হ্রাস পোৱাৰ পিচত ২০২৫ বর্ষটোত উৎপাদন বৃদ্ধি হোৱাটোৱে উদ্যোগটোৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মত ব্যক্ত কৰে ভাৰতীয় চাহ সংস্থাৰ অধ্যক্ষ সন্দীপ সিংহানিয়ে।
 
বিগত বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষৰ অক্টোবৰলৈকে প্রায় ৪৫ নিযুত কিলোগ্রাম অধিক চাহ উৎপাদন হয়। বিগত বৰ্ষটোৰ জানুৱাৰী-অক্টোবৰৰ সময়ছোৱাত ভাৰতত মুঠ ১,১৬৪ নিযুত কিলোগ্রাম চাহ উৎপাদন হয়। ২০২৪ বৰ্ষৰ একে সময়ছোৱাত উৎপাদনৰ পৰিমাণ আছিল ১,৩০৪ নিযুত কিলোগ্রাম। উৎপাদনৰ ক্ষেত্ৰত অসম আৰু পশ্চিমবংগৰ উৎপাদনকাৰীসকলে সফলতা লাভকৰিবলৈ সক্ষম হৈছে।
 
বৃহৎ চাহ বাগিচাসমূহৰ তুলনাত ক্ষুদ্র চাহ খেতিয়কসকলৰ উৎপাদন প্রায় ৪০-৪৫ নিযুত কিলোগ্রাম বৃদ্ধি হৈছে। চাহৰ উৎপাদন বৃদ্ধি পোৱাৰ বিপৰীতে ক্ষুদ্র চাহ খেতিয়কসকলে মূল্য লাভৰ ক্ষেত্ৰত সংকটৰ সম্মুখীন হয় ২০২৫ বৰ্ষটোত। জুলাই-অক্টোবৰৰ সময়ছোৱাত ক্ষুদ্র চাহ খেতিয়কসকলৰ দ্বাৰা উৎপাদিত চাহৰ মূল্য প্রতি কিলোত প্রায় ৩০-৬০ টকা হ্রাস হৈছে। আনহাতে ২০২৫ বর্ষটোত চাহ নিলাম কেন্দ্রসমূহৰ গড় মূল্য হ্রাস পোৱা পৰিলক্ষিত হৈছে। তথ্যত প্রকাশ পোৱামতে বিদায়ী বর্ষটোত জানুৱাৰী-ডিচেম্বৰৰ সময়ছোৱাত অসমৰ চাহৰ উৎপাদন প্রায় ৪ শতাংশ বৃদ্ধিৰ আশা কৰা হৈছে।
 
২০২৫ বৰ্ষৰ অন্তর্তীকালীন চাহ উৎপাদনৰ তথ্য প্রকাশ পাইছে। এই বর্ষটোত অসমত প্রায় ৬৭৫ নিযুত কিলোগ্রাম চাহ উৎপাদন হোৱাৰ কথা প্রকাশ কৰা হৈছে। ২০২৪ চনত অসমত উৎপাদনৰ পৰিমাণ আছিল ৬৫০ নিযুত কিলোগ্রাম। অর্থাৎ ২০২৪ বৰ্ষৰ তুলনাত ২০২৫ বর্ষটোত প্রায় ২৫ নিযুত কিলোগ্রাম অধিক চাহ উৎপাদন হৈছিল। ইফালে বিদায়ী বৰ্ষটোৰ ১ এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে গুৱাহাটী চাহ নিলাম কেন্দ্রত বৃহৎ চাহ বাগিচাৰ ফেব্ৰুৰীসমূহৰ চিটিচি চাহৰ গড় মূল্য প্রতি কিলোত ২৫০.২৭ টকা হৈছেগৈ। ২০২৪ চনত এই মূল্য আছিল ২৭৩.৯৬ টকা।
 
অর্থাৎ ২০২৫ বৰ্ষটোত গড় মূল্য পূৰ্বৰ বৰ্ষতকৈ ২৩.৬৯ টকা হ্রাস হৈছে। এইদবে বটলিফ ফেক্টৰীসমূহৰ গড় মূল্যও ২০২৫ বৰ্ষত প্রায় ৩৬.৩১ টকা হ্রাস পাই প্রতি কিলোত ১৭২.৬৮ টকা হৈছেগৈ। ২০২৪ বর্ষত এই মূল্য আছিল প্রতি কিলোত ২০৮.৯৯ টকা। ইক্ৰাৰ উপাধ্যক্ষ সুমিত জুনজুনবালাই কয় যে পৰম্পৰাগতভাৱে চাহ উৎপাদনকাৰীৰ দেশ শ্রীলংকাত উৎপাদন প্রায় ২৫০ নিযুত কিলোগ্রামলৈ হ্রাস হৈছে।
 
শ্রীলংকাত এনেদৰে চাহৰ উৎপাদন হ্রাস পোৱাৰ ফলত ভাৰতৰ চাহ উদ্যোগটোৰ বাবে বজাৰ অংশীদারিত্ব বৃদ্ধি কৰাৰ লগতে উন্নত ৰপ্তানি মূল্য লাভৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ কয় যে ইৰান, ইৰাক আৰু চীনৰ দৰে দেশসমূহত চাহৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ উৎপাদনকাৰীসকলে ৰপ্তানি বৃদ্ধি কৰাৰ সুযোগ আহি পৰিছে। ২০২৬ চনত অসম আৰু পশ্চিমবংগত শ্রমিকৰ মজুৰি বৃদ্ধি পোৱাৰ সম্ভাৱনা থকাৰ বাবে ভাৰতৰ চাহ উদ্যোগটোত কেতবোৰ সালসলনি হোৱাৰ সম্ভাৱনাৰ কথাও প্রকাশ কৰিছে বিষয়াগৰাকীয়ে।