নিকুঞ্জ নাথ
ভাৰত–পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস আৰু ইৰান–ইছৰাইল সংঘাত বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি দাবী কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নতুন বছৰৰ দ্বিতীয় দিনটোত ভেনিজুৱেলাত সামৰিক আক্ৰমণ চলোৱা ঘটনাই বিশ্ব ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। নিজকে বিশ্ব শান্তিৰ মধ্যস্থতাকাৰী হিচাপে উপস্থাপন কৰি অহা স্বয়ং ট্ৰাম্পৰ এনে কাৰ্যত হচকিত হৈ পৰিছে সমগ্ৰ বিশ্ব।
উল্লেখ্য যে দক্ষিণ এছিয়াত ভাৰত–পাকিস্তানৰ মাজত যুদ্ধ পৰিস্থিতি ৰোধ কৰা আৰু মধ্য প্ৰাচ্যত ইৰান–ইছৰাইলৰ মাজত সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কূটনৈতিক ভূমিকাৰ কথা উল্লেখ কৰি ট্ৰাম্পৰ সমৰ্থকসকলে ট্ৰাম্পক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰিব লাগে বুলি দাবী কৰি আহিছিল। কিন্তু এই দাবীৰ মাজতেই ভেনেজুৱেলাত আমেৰিকাৰ সামৰিক আক্ৰমণে ট্ৰাম্পৰ “শান্তিৰ ভাবমূর্তি”ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এফালে শান্তিৰ কথা কোৱা আৰু আনফালে সাৰ্বভৌম দেশ এখনত আক্ৰমণ চলোৱা ঘটনাই আমেৰিকাৰ দ্বৈত নীতি স্পষ্ট কৰি তুলিছে।
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
উল্লেখ্য যে শনিবাৰে পুৱতি নিশা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত এক শক্তিশালী বিস্ফোৰণ আৰু আকাশত যুদ্ধবিমান উৰণৰ তীব্ৰ শব্দই ৰাজধানীত আতংকৰ সৃষ্টি কৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা AFP আৰু এছ’চিয়েটেড প্ৰেছে (AP) প্ৰকাশ কৰা মতে, স্থানীয় সময় অনুসৰি পুৱতি নিশা ২ মান বজাত কাৰাকাছৰ বিভিন্ন অঞ্চলত কমেও সাতটা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে ভীতিগ্ৰস্ত হৈ বহু লোক ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহে।
ট্ৰুথ ছ’চিয়েলত ড’নাল্ড ট্ৰাম্পৰ দাবীঃ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দাবী কৰিছে। কাৰাকাছত বিমান আক্ৰমণৰ পিছতে আমেৰিকান বাহিনীয়ে মাদুৰোৰ পত্নীক বন্দী কৰা বুলি ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েলত দাবী কৰে। অৱশ্যে ভেনিজুৱেলা চৰকাৰে বৰ্তমানলৈ তেওঁলোকৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰা নাই। অৱশ্যে ভেনিজুৱেলাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে বুলি স্বীকাৰ কৰিছে।
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে এই আক্ৰমণ প্ৰত্যক্ষভাৱে অস্বীকাৰ কৰা নাই যদিও আমেৰিকাৰ হেঁচা বৃদ্ধিৰ পিছতো তেওঁ আলোচনাৰ বাবে সাজু বুলি কয়। শেহতীয়াকৈ আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে৷ নিজৰ আকাশমাৰ্গ বন্ধ কৰি দি আমেৰিকাই নতুন অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি তেল টেংকাৰ জব্দ কৰিছে। যদিও এই আক্ৰমণ সন্দৰ্ভত ভেনিজুৱেলা চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যদিও বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানীত নিৰাপত্তা আৰু সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰিছে।
নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ট্ৰাম্পৰ দাবী
বিশ্লেষকসকলে আশংকা কৰিছে যে যদিহে এই আক্ৰমণৰ আঁৰত কোন সেয়া নিশ্চিত হয়, তেন্তে লেটিন আমেৰিকাৰ ৰাজনৈতিক আৰু নিৰাপত্তা পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব। ইতিমধ্যে ভেনিজুৱেলা ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ মাজত আছে আৰু বাহ্যিক আক্ৰমণৰ সম্ভাৱনাই আঞ্চলিক অস্থিৰতাক আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে।
আমেৰিকা আৰু ভেনিজুৱেলাৰ সম্পৰ্কঃ
ভেনিজুৱেলা আৰু আমেৰিকাৰ মাজৰ এই উত্তেজনা নতুন নহয়। দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক আগৰ পৰাই তিক্ততাৰে ভৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও কিছুদিন পূৰ্বে কেৰিবিয়ানলৈ আমেৰিকাৰ নৌসেনা বাহিনী প্ৰেৰণ কৰিব বুলি কৈছিল। কূটনৈতিক বিশেষজ্ঞসকলে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছিল যে ইয়াৰ ফলত ভেনিজুৱেলাত আক্ৰমণ হ’ব পাৰে। অৱশ্যে মাজনিশাৰ আক্ৰমণৰ বিষয়ে স্পষ্ট কৰি দিয়ে আমেৰিকাৰ বিষয়াসকলে। কোৱা হয় যে ভেনিজুৱেলাৰ কাৰাকাছ অঞ্চলত ড্ৰাগছ সৰবৰাহ ৰোধৰ বাবে ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছিল।
ট্ৰাম্পৰ উদ্বিগ্নতাৰ কাৰণঃ
কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভেনিজুৱেলা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত থকা আকাশমাৰ্গ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ উপৰি ভেনিজুৱেলাত তেল টেংকাৰৰ যাতায়াতত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দৰাচলতে ভেনিজুৱেলা হৈছে বিশ্বৰ সৰ্ববৃহৎ তেল ভাণ্ডাৰৰ দেশ। দক্ষিণ আমেৰিকাৰ এই দেশখনে দৈনিক প্ৰায় ১০ লাখ বেৰেল তেল উৎপাদন কৰে। কিন্তু শেহতীয়াকৈ মাদুৰো চৰকাৰ চীন আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠ হৈ পৰিছে। ইয়াৰ ফলত ট্ৰাম্পৰ উদ্বেগ বৃদ্ধি পায়। ইয়াৰ মাজতে চিএনএনে কিছুদিন পূৰ্বে আমেৰিকাই ভেনিজুৱেলাৰ এটা বন্দৰত আক্ৰমণ চলোৱা বুলি দাবি কৰিছিল। সেই বন্দৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ হোৱা বুলি অভিযোগ কৰা হৈছিল। আৰু সেইবাবেই তাত আক্ৰমণ কৰা হয়।
ইয়াৰ পূৰ্বে ট্ৰাম্পে কেৰিবিয়ান অঞ্চলত এখন বিমানবাহী জাহাজ আৰু যুদ্ধজাহাজ নিয়োগ কৰিছিল, যিটো তেওঁ প্ৰথমে ড্ৰাগছ বিৰোধী অভিযান হিচাপে উল্লেখ কৰিছিল। অৱশ্যে তেওঁ বাৰে বাৰে ভেনিজুৱেলাৰ ভূখণ্ড আক্ৰমণ কৰাৰ ভাবুকি দি আহিছিল।
যোৱা ছেপ্টেম্বৰৰ পৰা আমেৰিকাৰ বাহিনীয়ে কেৰিবিয়ান সাগৰ আৰু পূব প্ৰশান্ত মহাসাগৰত কেইবাখনো জাহাজত আক্ৰমণ চলাইছে। ৱাশ্বিংটনে দাবী কৰে যে এই জাহাজসমূহ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত। আমেৰিকাৰ সেনাবাহিনীৰ তথ্য অনুসৰি এই আক্ৰমণত কমেও ১০৭ জন লোক নিহত হয়।
ভেনিজুৱেলাঃ
ভেনিজুৱেলা দক্ষিণ আমেৰিকাৰ উত্তৰ উপকূলৰ কেৰিবিয়ান সাগৰৰ সীমাৰেখাত অৱস্থিত এখন দেশ। ভেনিজুৱেলাৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ কাৰাকাছ। ভেনিজুৱেলা ৩০০ বছৰতকৈও অধিক সময় ধৰি স্পেইনৰ উপনিবেশ আছিল। ১৯ শতিকাৰ আৰম্ভণিতে ভেনিজুৱেলা দক্ষিণ আমেৰিকাৰ প্ৰথম স্পেনিছ উপনিবেশসমূহৰ ভিতৰত অন্যতম যিয়ে স্বাধীনতা ঘোষণা কৰিছিল। পূৰ্বতে ইয়াক ৰিপাব্লিক অৱ ভেনিজুৱেলা নামেৰে জনা গৈছিল। ১৯৯৯ চনত ইয়াৰ নাম আনুষ্ঠানিকভাৱে সলনি কৰি বলিভাৰিয়ান ৰিপাব্লিক অৱ ভেনিজুৱেলা কৰা হয়, যাৰ নামকৰণ কৰা হয় ভেনিজুৱেলাৰ স্বাধীনতাত অৰিহণা যোগোৱা সামৰিক নেতা ছিমন বলিভাৰৰ নামেৰে। স্বাধীনতাৰ পিছৰে পৰা ভেনিজুৱেলাই আভ্যন্তৰীণ সংঘাত আৰু একনায়কত্ববাদৰ সময়ছোৱাৰ মাজেৰে পাৰ হৈ আহিছে। ভেনিজুৱেলাৰ ৰাজনীতিত সামৰিক বাহিনীৰ প্ৰবল প্ৰভাৱ আছে। ১৯৫০ৰ দশকৰ শেষৰ ফালে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে দেশখন শাসন কৰি আহিছে।
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো
ভেনিজুৱেলা প্ৰথমে এখন কৃষিপ্ৰধান দেশ আছিল। কিন্তু ২০ শতিকাৰ আৰম্ভণিতে বিশাল পেট্ৰলিয়াম ভাণ্ডাৰৰ আৱিষ্কাৰে ইয়াৰ অৰ্থনীতিৰ গতিপথ সলনি কৰি পেলায়। ১৯৭০ চনৰ পৰা ৰাষ্ট্ৰ নিয়ন্ত্ৰিত কোম্পানীসমূহে ইয়াত তেল উৎপাদনৰ তদাৰক কৰি আহিছে। ইয়াৰ তেল উদ্যোগে বিপুল সম্পদৰ সৃষ্টি কৰিছে যদিও ভেনিজুৱেলাৰ ধনী আৰু দুখীয়াৰ মাজত স্পষ্ট বিভাজন আছে। ব্যৱসায়ী, তেল কোম্পানীৰ কাৰ্যবাহী, বৃহৎ মাটিৰ গৰাকী এই দেশৰ অধিকাংশ সম্পদৰ মালিক।
ভেনিজুৱেলাৰ ৰাজহৰ বৃহৎ অংশ খনিজ তেল বিক্ৰীৰ পৰা আহে। ১৯৮৯ চনত এবাৰ ভেনিজুৱেলা খাদ্য সংকটৰ সন্মুখীন হৈছিল। তেতিয়া সেই সময়ৰ চৰকাৰে পৰিস্থিতি পৰিচালনা কৰিছিল। ২০১৩ চনত ছাভেজৰ উত্তৰাধিকাৰী নিকোলাছ মাদুৰোৰ চৰকাৰে তেলৰ মূল্য হ্ৰাস কৰাৰ ফলত ৰাজহত বৃহৎ লোকচান হয়। চৰম আৰ্থিক অব্যৱস্থাৰ বাবে সমগ্ৰ দেশতে এক ভয়াৱহ খাদ্য সংকটে দেখা দিয়ে। বিদেশৰ পৰা খাদ্য আমদানি কৰিবলগীয়া হৈছিল। অৰ্থনীতিৰ পতন ঘটিছিল।
ভেনিজুৱেলাৰ প্ৰায় ৮২ শতাংশ লোক দুখীয়া, ৫৩ শতাংশ লোক অতি দৰিদ্ৰ, তেওঁলোকে আনকি মৌলিক খাদ্য সামগ্ৰীও ক্ৰয় কৰিব নোৱাৰে। ২০২৪ চনৰ এএফপিৰ পৰা প্ৰতিবেদন মতে, পূৰ্বৰ ধনী পেট্ৰ'-ৰাষ্ট্ৰখনৰ এদশক নৌহওঁতেই জিডিপি ৮০ শতাংশ হ্ৰাস পাইছে, যাৰ ফলত প্ৰায় সাত নিযুত নাগৰিকে দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। ভেনিজুৱেলাবাসীৰ বেছিভাগে মাহে মাত্ৰ কেইটামান ডলাৰেৰেহে জীৱন নিৰ্বাহ কৰে৷ দেশখনত স্বাস্থ্যসেৱা আৰু শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিকল পৰাৰ লগতে বিদ্যুৎ আৰু ইন্ধনৰে নাটনি হৈছে৷ ২০২৫ চনত গ্ল'বেল ইনোভেচন ইনডেক্স(Global Innovation Index)ত ১৩৯ ৰেংকৰ ভিতৰত ভেনিজুৱেলাৰ অৱস্থান আছিল ১৩৬৷