নতুন দিল্লী
২০২৬ চনৰ ফিফা বিশ্বকাপৰ মূল মঞ্চলৈ আৰু দুটা ইউৰোপীয় দলে যোগ্যতা অর্জন কৰিছে। গ্ৰুপৰ অন্তিমখন খেলত জয়লাভ কৰি জাৰ্মানী আৰু নেদাৰলেণ্ডছে ফিফাৰ সন্মানীয় প্রতিযোগিতাখনত খেলাৰ যোগ্যতা অর্জন কৰে।
সোমবাৰে নিশা লেইপজিগত অনুষ্ঠিত গ্রুপ এৰ অন্তিমখন খেলত জার্মানীয়ে শ্ল'ভাকিয়াক ৬-০ গ'লত বিধ্বস্ত কৰি বিশ্বকাপলৈ পথ প্ৰশস্ত কৰে। একপক্ষীয় মেচখনত ৪ বাৰৰ চেম্পিয়ন জাৰ্মানীৰ হৈ লেৰয় ছানে দুটাকৈ গ'ল স্ক'ৰ কৰে। প্ৰথমৰ পৰাই নিজৰ নিয়ন্ত্ৰণত ৰখা মেচখনৰ ১৮ মিনিটত জার্মানীয়ে প্রথমটো সফলতা লাভ কৰে।
নিক বল্টমেডে দলটোৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰে। ইপিনে, ২৯ মিনিটত ছার্গে গাব্রি, ৩৬ আৰু ৪১ মিনিটত লেৰয়ে, ৬৭মিনিটত ৰিডল বাকু আৰু ৭৯ মিনিটত আছান কুৱেড্রাগোৱে গ'ল স্ক'ৰ কৰে। জার্মানীয়ে গ্ৰুপ এৰ ৬খন মেচৰ ৫খনত জয় আৰু এখনত পৰাস্ত হৈ ১৫ পইণ্টেৰে গ্ৰুপত শীর্ষস্থান লাভকৰি বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে।
উল্লেখযোগ্য যে জার্মানীয়ে ২১তম বাৰৰ বাবে বিশ্বকাপ খেলিব। ইফালে, নেদাৰলেণ্ডছেও লিথুৱেনিয়াক সহজেই ৪-০ গ'লত পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে। গ্রুপ জিত ৮খন মেচৰ ৬খনত জয় আৰু দুখন ড্র খেলি মুঠ ২০ পইন্ট লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থানত থকা নেদাৰলেণ্ডছে আমষ্টাৰডামত অনুষ্ঠিত একপক্ষীয় মেচখনৰ কোনো এটা সময়তে বিপক্ষ দলটোক প্রত্যাহ্বান জনোৱাৰ সুযোগ দিয়া নাছিল।
তাৰোপৰি অহা বছৰ ৪৮ টা দলৰ মাজত বিশ্বকাপ অনুষ্ঠিত হ'ব। ইতিমধ্যে ৩৪টা দলে মূল ৰাউণ্ডৰ বাবে যোগ্যতা অর্জন কৰিছে আৰু ১৪টা দলে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে। উল্লেখ্য যে অহা বছৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ'ব।