বিজয় হাজাৰে ট্ৰফীত খেলিব লাগিব ক'হলি আৰু ৰোহিতে

Story by  atv | Posted by  [email protected] • 1 h ago
বিজয় হাজাৰে ট্ৰফীত খেলিব লাগিব ক'হলি আৰু ৰোহিতে
বিজয় হাজাৰে ট্ৰফীত খেলিব লাগিব ক'হলি আৰু ৰোহিতে
 
নতুন দিল্লী
 
টেষ্ট আৰু টি-২০ৰ পৰা ইতিমধ্যে অৱসৰ লৈছে দুয়োজনে। সম্প্রতি ৰোহিত শৰ্মা আৰু বিৰাট ক'হলিয়ে দেশৰ জাৰ্ছি পৰিধান কৰি খেলে কেৱল এদিনীয়াত। এই সংস্কৰণত ভবিষ্যতে দলত স্থান পাবলৈ দুয়োৰে সন্মুখত সম্প্রতি কঠিন প্রত্যাহ্বান।
 
ঘৰুৱা ক্রিকেট নেখেলিলে দুয়োৰে বাবে ফর্ম ধৰি ৰখা অসম্ভৱ। ঘৰুৱা ক্রিকেট খেলিবলৈ ব'র্ডে দুয়োকে নির্দেশ দিছে। সম্প্রতি অস্ট্রেলিয়া শৃংখলাত ভাল খেলিলেও পৰৱৰ্তী শৃংখলাৰ বাবে ঘৰুৱা শৃংখলাৰ প্ৰদৰ্শনৰ ওপৰতেই নিৰ্ভৰ কৰিব দুয়োৰে ভৱিষ্যৎ। ডিচেম্বৰ মাহৰ শেষ সপ্তাহত আৰম্ভহ'ব বিজয় হাজাৰে ট্ৰফী।
 
এদিনীয়া সংস্কৰণৰ এই টুর্নামেন্টত দুয়োকে খেলাৰ পৰামৰ্শ দিছে ব'র্ডে। ৰোহিত শর্মাই ইতিমধ্যে মুম্বাই ক্রিকেট সন্থাক বিজয় হাজাৰে ট্ৰফীত খেলিব বুলি জনাই দিছে। সেই অনুসৰি তাৰকাগৰাকীয়ে অনুশীলনো অব্যাহত ৰাখিছে। কিন্তু বিৰাট ক'হলিয়ে এই সন্দৰ্ভত দিল্লী ক্রিকেট সংস্থাক একো জনোৱা নাই। ক'হলি সম্প্রতি লণ্ডনত।
 
অহা ৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে হ'বলগা এদিনীয়াত দুয়োজনেই দলত স্থান লাভ কৰাটো নিশ্চিত। অহা জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ আগেয়ে বিজয় হাজাৰে ট্ৰফীত খেলি দুয়োজনে সুস্থতাৰ প্ৰমাণ দিব লাগিব। যোৱা ৮ বছৰ ধৰি বিজয় হাজাৰেত খেলা নাই ৰোহিত শর্মাই। আনহাতে শেষবাৰ ক'হলিয়ে খেলিছিল ১৩ বছৰ আগেয়ে।