নতুন দিল্লী
সদ্যসমাপ্ত মহিলা বিশ্বকাপৰ অভূতপূর্ব সাফল্যৰ পিচত বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে আই চি চিয়ে। পৰৱৰ্তী বিশ্বকাপত বৃদ্ধি হ'ব অংশগ্রহণকাৰী দেশৰ সংখ্যা। ২০২৯ চনৰ পৰা দহ দলীয় বিশ্বকাপৰ আয়োজন কৰা হ'ব। শুকুৰবাৰে ডুবাইত সামৰণি পৰা সভাৰ অন্তত আই চি চিয়ে এটা বিবৃতিৰ জৰিয়তে জনাইছে যে সদ্যসমাপ্ত বিশ্বকাপত স্টেডিয়ামত বহি মেচ উপভোগ কৰিছে প্রায় তিনি লাখ দর্শকে।
মহিলা ক্রিকেটৰ ইতিহাসত এয়া সর্বাধিক। টিভি কিম্বা ম'বাইলত মেচ উপভোগ কৰা দৰ্শকৰ সংখ্যাও বাঢ়িছে। প্রায় ৫০ কোটি দর্শকে খেল উপভোগ কৰিছে। দৰ্শকৰ ক্রমবর্ধমান আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখি আই চি চিয়ে প্রতিযোগিতাত দল বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ ফলত অধিক মেচৰ লগতে প্রতিযোগিতাৰ সামগ্রিক গুণগত মানো বাঢ়িব। সহযোগী সদস্য দেশসমূহৰ মাজত লাভাংশৰ পৰিমাণ দহ শতাংশ বৃদ্ধি কৰা হৈছে।
ইয়াৰ ফলত দেশসমূহে ঘৰুৱা ক্রিকেটৰ উন্নতি আৰু পৰিকাঠামো শক্তিশালী কৰাত নজৰ দিব পাৰিব। ১২৮ বছৰ বিৰতিৰ মূৰত ২০২৮ অলিম্পিকত অন্তর্ভুক্ত হৈছে ক্রিকেট। এছিয়ান গেমছত ইতিমধ্যে আৰম্ভ হৈছে। এইবাৰ ২০২৭ৰ আফ্রিকান গেমছ আৰু পেন এম গেমছতো অন্তর্ভুক্ত ক্রিকেট। নতুনকৈ গঠন কৰা হৈছে আই চি চিৰ মহিলা কমিটী। এই কমিটীত অন্তর্ভুক্ত হৈছে মিতালি ৰাজ আৰু অমল মজুমদাৰ।