মুম্বাইৰ ৰাজপথৰ পৰা PiKademy-এ আৰম্ভ কৰিছে নতুন শিক্ষা বিপ্লৱ

Story by  atv | Posted by  [email protected] • 1 h ago
মুম্বাইৰ ৰাজপথৰ পৰা PiKademy-এ আৰম্ভ কৰিছে নতুন শিক্ষা বিপ্লৱ
মুম্বাইৰ ৰাজপথৰ পৰা PiKademy-এ আৰম্ভ কৰিছে নতুন শিক্ষা বিপ্লৱ
 
মালিক আছগৰ হাছমী/নতুন দিল্লী

মুম্বাইৰ ভিখৰোলি পশ্চিমাঞ্চলৰ এক জনপূৰ্ণ পথ, য'ত জনতাই দৈনন্দিন জীৱন-যাপনৰ সমস্যাবোৰৰ সৈতে যুঁজ দি আছে, তাৰ এটা সৰু কোঠাত এক বৃহৎ বিপ্লৱৰ সূচনা হৈছে। এই কোঠাটো কোনো চহকী লেবৰেটৰী বা দামী মেচিন থকা শ্ৰেণীকোঠা নহয়, এয়া তেনেই এক সাধাৰণ স্থান য'ত আৱৰ্জনা, ফটা-ছিৰা কাপোৰ আৰু পুৰণি কম্পিউটাৰৰ যন্ত্ৰাংশ ৰখা হয়। কিন্তু এই স্থানতে শ্ৰমিক আৰু ৰিক্সাচালকৰ সন্তানে এতিয়া ৰবট নিৰ্মাণ কৰিছে, গেম ডিজাইন কৰিছে আৰু বাস্তৱ জগতৰ সমস্যাৰ সমাধান বিচাৰিছে।
 
প্ৰকল্প-ভিত্তিক শিক্ষাৰ প্ৰকৃত অৰ্থ প্ৰদান কৰা এখন অনন্য বিদ্যালয় PiKademy
 
এই বিপ্লৱ আনিছে PiKademy-এ৷ PiKademy হ’ল প্ৰকল্প-ভিত্তিক শিক্ষাৰ প্ৰকৃত অৰ্থ প্ৰদান কৰা এখন অনন্য বিদ্যালয়। এই বিদ্যালয়খন আৰম্ভ কৰিছে আই আই টি মুম্বাইৰ প্ৰাক্তন গৱেষক ইকৰা শ্বেইখে, তেওঁৰ সৈতে আছে হামজা খান। ইকৰাই লাখ লাখ টকাৰ চাকৰি ত্যাগ কৰি এই বঞ্চিত শিশুৰ শিক্ষাৰ পৰিৱৰ্তন সাধন কৰিবলৈ আগবাঢ়িছে আৰু তেওঁৰ সিদ্ধান্তই আজি বহু শিশুৰ সপোন পূৰণ কৰিছে।
 
বিদ্যালয়খনে আজি পূৰণ কৰিছে বহু শিশুৰ সপোন
 
আৱৰ্জনাৰ পৰা ৰবটলৈঃ শিক্ষণৰ প্ৰকৃত অৰ্থ
 
PiKademyত শিশুসকলে কিতাপ খুলি মুখস্থ নকৰে। ইয়াত শিকাৰ পদ্ধতিটো হ'ল- চোৱা, বুজা, প্ৰশ্ন কৰা আৰু নিজে সৃষ্টি কৰি শিকা।
কেতিয়াবা শিশুৱে আৱৰ্জনাৰ পৰা যন্ত্ৰ নিৰ্মাণ কৰে। কেতিয়াবা ফটা কাপোৰৰ পৰা পিন্ধিব পৰা ডিজাইন প্ৰস্তুত কৰে। কেতিয়াবা কম্পিউটাৰ গেম তৈয়াৰ কৰা হয় যি বিজ্ঞান আৰু ডিজাইনৰ নীতিৰ ওপৰত আধাৰিত।
 
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ মাত্ৰ ৫ শতাংশ শিশুৱেহে ভৱিষ্যতৰ চাকৰিৰ বাবে প্ৰয়োজনীয় দক্ষতা লাভ কৰিছে। PiKademy-এ এই অভাৱ দূৰ কৰিবলৈ চেষ্টা চলাই আছে।
 
উদাহৰণস্বৰূপে, যেতিয়া শিশুসকলে পানীৰ বিষয়ে পঢ়ে, তেওঁলোকে কেৱল সংজ্ঞাটোকে মনত নাৰাখে। তেওঁলোকে ওচৰৰ নদীৰ পৰা পানী আনি তাৰ গুণাগুণ পৰীক্ষা কৰে। সমস্যাটো কি, বুজিবলৈ চেষ্টা কৰে। তাৰ পিছত তাৰ সমাধান সূত্ৰ উলিওৱা হয় আৰু পৌৰ নিগমৰ সৈতে বিনিময় কৰা হয়।
 
বিদ্যালয়খনৰ এটি দৃশ্য
 
পিছদিনা সেই একেই শিশুসকলক এটা গৃহহীন আশ্ৰয় মডেলৰ কাম কৰি থকা দেখিবলৈ পোৱা যায়। অৰ্থাৎ ইয়াত শিক্ষা কেৱল কাগজতে সীমাবদ্ধ নহয়, ই জীৱনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।
 
PiKademy-ৰ সপোনঃ
 
প্ৰতিটো শিশুৱেই পৰিৱৰ্তনৰ নেতা হওক৷ PiKademy-এ বিচাৰে প্ৰত্যেকজন শিশুৱে এদিন পৰিৱৰ্তনৰ নেতৃত্ব দিয়ক৷ ইয়াৰ বাবে এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কেৱল পৰীক্ষাৰ বাবে সাজু কৰাই নহয়, বৰঞ্চ তেওঁলোকক জীৱনৰ বাবেও সাজু কৰি তোলা হয়।
 
PiKademy-ৰ শিক্ষাৰ্থীসকল
 
PiKademy-ৰ তিনিটা প্ৰধান কাৰ্যসূচীঃ 
 
PiKademy ফাউণ্ডেচন স্কুল (৫-১২ শ্ৰেণীলৈ)
ইয়াত শিশুৱে প্ৰকল্পভিত্তিক পদ্ধতিৰে মূল বিষয়বোৰ শিকিব পাৰে।
পৰীক্ষা নহয়, মূল্যায়ন প্ৰদৰ্শন, গৱেষণা আৰু সমস্যা সমাধানৰ ওপৰত আধাৰিত।
 
Pi.X -  স্কুলৰ পিছৰ কাৰ্যসূচী
 
ডিজাইন চিন্তন, থিয়েটাৰ, বিজ্ঞান পৰীক্ষা, প্ৰতিষ্ঠান ভ্ৰমণ
 
Pi+  - কেৰিয়াৰ আৰু দক্ষতা বিকাশ কাৰ্যসূচী
- চলচ্চিত্ৰ নিৰ্মাণ, উদ্যমিতা, ৰবটিক্স, ইলেকট্ৰনিক্স
আৰু এই সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সহযোগত কৰা হয়।
 
ৰাস্তাৰ পৰা বৈশ্বিক মঞ্চলৈঃ শিশুৰ সফলতা
 
ইয়াত প্ৰত্যেকটো শিশুৰেই একো একোটা কাহিনী আছে। কোনো শিশুৱে এখন মিনি-ফিল্ম নিৰ্মাণ কৰে। কোনোবাই এখন স্বয়ংক্ৰিয় নাও তৈয়াৰ কৰে। কোনোবাই তথ্যৰ আধাৰত নদী পৰিষ্কাৰ কৰাৰ সমাধান প্ৰস্তুত কৰে।
 
চলচ্চিত্ৰ নিৰ্মাণ কাৰ্যসূচীত শিশুসকলৰ চলচ্চিত্ৰ মুম্বাইৰ ৰয় কাপুৰ ফিল্মছৰ থিয়েটাৰত প্ৰদৰ্শন কৰা হয়। শিশুসকলে তেওঁলোকৰ কাহিনী আৰু ভৱিষ্যতৰ সপোনৰ কথা ক'লে অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতাসকলেও আচৰিত হৈ পৰে।
 
তদুপৰি, 'সংস্কৃতিৰ কাৰ্নিভেল'ত, শিশুসকলে তেওঁলোকৰ উদ্ভাৱন প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ সম্প্ৰদায়ত কিদৰে পৰিৱৰ্তন আনিছে তাৰ বিষয়ে কয়।
 
শিক্ষাৰ নতুন দিশঃ পৰীক্ষাগাৰৰ দৰে বিদ্যালয়
 
PiKademy-এ বিশ্বাস কৰে যে পৃথিৱীখন দ্ৰুতগতিত পৰিৱৰ্তন হৈছে, সেয়েহে শিক্ষা ব্যৱস্থাই পুৰণি ধৰণে চলি থাকিব নোৱাৰে।
এই শ্ৰেণীকোঠাসমূহ পৰীক্ষাগাৰ বা মেকাৰ স্পেচৰ দৰে, য'ত প্ৰশ্নৰ জৰিয়তে আৰম্ভ হয় আৰু সমাধানৰ দ্বাৰা শেষ হয়। ইয়াত শিশুসকলে ভয়, শংকা আৰু বোজা অবিহনে শিকে দলীয় কৰ্ম, সৃষ্টিশীলতা, সমালোচনামূলক চিন্তা, সমস্যা সমাধানৰ বিষয়ে।
 
PiKademyৰ সৈতে আজি জড়িত হৈ আছে ২০০ তকৈও অধিক শিশু
 
ভৱিষ্যতৰ পদক্ষেপঃ
 
PiKademy-এ এতিয়া দেশৰ কেইবাখনো ডাঙৰ চহৰত এনে বিদ্যালয় খোলাৰ প্ৰস্তুতি চলাইছে। মুম্বাইত ১৫টা নতুন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। এই মুহূৰ্তত ২০০ তকৈও অধিক শিশু PiKademyৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকৰ শিক্ষাৰ জগতখনক পৰিৱৰ্তন কৰি আছে।
 
এটা সৰু কোঠালিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি সেই শিশুসকলক নতুন উচ্চতালৈ লৈ গৈছে, যিসকলে আগতে এনে সপোন দেখিবলৈ সুযোগ পোৱা নাছিল।
 
ইয়াত শিক্ষা কিতাপৰ বোজা নহয়, ই হ'ল সপোন গঢ়ি তোলাৰ এক মাধ্যম আৰু এইটোৱেই PiKademy-ক বিশেষ কৰি তুলিছে।