পুলিন ডেকা
সংগীতৰ ইতিহাসৰ আধাৰেই হৈছে প্ৰকৃতি। প্ৰকৃতি সংগীতৰ অনুপ্ৰেৰণাৰ এক জীৱন্ত দলিল। অৰণ্যৰ পৰা মহাসমুদ্র, পাহাৰৰ পৰা পৰ্বতৰ শিখৰলৈ, সংগীতৰ স্ৰষ্টাসকলে প্ৰকৃতিৰ সৌন্দৰ্য, ৰহস্য আৰু অনুভৱ গানৰ মাজেৰে প্ৰকাশ কৰি ইয়াৰ মাধুর্ষতা প্রকাশিত কৰি আহিছে। বিশ্ব সংগীতৰ মন্ত্রমুগ্ধকাৰী শব্দৰ অনুভৱী শক্তিক প্রকৃতিয়ে দিছে অনন্য মাদকতা। গীতিকাৰৰ মন গহনত প্ৰকৃতিৰ প্ৰতি অনাবিল আকৰ্ষণৰ অন্যতম কাৰক হৈছে মানুহৰ জীৱন শৈলীৰ সৈতে থকা নিবিড়তা।
প্ৰকৃতিৰ ধ্বনিৰ অনুকৰণ, ভূ-দৃশ্যৰ বৰ্ণনা বা মানুহ আৰু পৰিৱেশৰ সম্পৰ্কৰ প্ৰতিফলন, সংগীতত প্রকৃতিয়ে এক জীৱন্ত সম্পর্ক গঢ়ি তোলে। পশ্চিমীয়া সংগীতত বহু স্ৰষ্টাই প্ৰকৃতিৰ চিত্ৰ সংগীতৰ ৰূপত প্ৰকাশ কৰিছে। ১৭২৩ চনত এন্টানিঅ' ভিভাণ্ডিয়ে চাৰিটা ঋতুক সংগীতৰ জৰিয়তে প্ৰকাশ কৰিছিল। চৰাইৰ গান, গ্ৰীষ্মৰ বজ্রপাত, শস্যৰ নৃত্য, শীতৰ চিত্ৰক সংগীতত তুলি ধৰি এক নব্য ধাৰাৰ সূচনা কৰিছিল।
মঞ্চত গীত পৰিবেশন কৰি থকা অৱস্থাত জুবিন গাৰ্গ
আন এগৰাকী প্ৰসিদ্ধ স্রষ্টা লুডউইগ ভান বেটহভেনে তেওঁৰ পেষ্টৰেলত বাদ্যযন্ত্ৰই চৰাইৰ গান আৰু বজ্ৰৰ গৰ্জন অনুসৰণ কৰিছে। ৰোমান্টিক যুগত প্ৰকৃতি মানুহৰ অনুভৱৰ প্ৰতীক হিচাপে প্রতিফলিত হৈছিল। ফ্রান্স গুৱাৰ্টৰ ডেৰ লিনডেনবামৰ গীতত এডাল গছৰ চিত্ৰই স্মৃতি আৰু মৰমৰ কথা কয়। ৰিচাৰ্ড ৱাগনাৰ আৰু জিন ছিবেলিয়াছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু শক্তিৰ সৈতে সমাহাৰ ঘটাই নান্দনিক সংগীতৰ সৃষ্টি কৰিছিল। ছিবেলিয়াছৰ ফিনলেণ্ডিয়া আৰু দ্য ছোৱান অৱ টৌনেলাত ফিনলেণ্ডৰ প্ৰাকৃতিক ভূ-দৃশ্যৰ প্ৰতিফলন ঘটাইছিল।
বিশ্বৰ বিভিন্ন ঠাইৰ লোকসংগীতৰ লগত প্ৰকৃতিৰ গভীৰ সংযোগ দেখা যায়। জাপানৰ গাগাকু সংগীতত চৰাই আৰু বতাহৰ অনুকৰণ দেখা যায়। আফ্রিকান ঢোল বাদনত প্ৰাণীৰ শব্দ আৰু প্ৰাকৃতিক চক্ৰৰ ছন্দ দেখা যায়। কেল্টিক লোকগীতত সাগৰ, বতাহ, পাহাৰৰ বিষয় প্রতীকি ৰূপত বৰ্ণনা কৰা হৈছে। বিংশ আৰু একবিংশ শতিকাত প্ৰকৃতি সংগীতৰ অন্যতম অনুপ্ৰেৰণা হৈ আছে। অলিভিঅ মেছিয়ে নিজৰ সংগীতত চৰাইৰ গান অনুৰণিত কৰিছিল।
সংগীত শিল্পী এন্টানিঅ' ভিভাণ্ডি
ইলেকট্র'নিক আৰু এম্বিয়েন্ট সংগীতত ব্রায়ান ইনোৱে বতাহ, বৰষুণ, সাগৰৰ ঢৌ আদি প্ৰাকৃতিক ধ্বনি ব্যৱহাৰ কৰি এক নবীন সংগীত জগতৰ সৃষ্টি কৰিছে। আধুনিক পৰিৱেশমুখী স্ৰষ্টা জন লুথাৰ এডামচে সংগীতৰ জৰিয়তে পৰিৱেশমুখী চেতনাৰ সৃষ্টি কৰে। এনে ধৰণৰ সংগীতত প্ৰকৃতি আৰু জীৱনৰ আন্তঃসংযোগ প্ৰতিফলিত কৰে। ভাৰতীয় সংগীত যি বিশ্বৰ আটাইতকৈ প্ৰাচীন আৰু সমৃদ্ধ পৰম্পৰাৰ অন্যতম, সেই সংগীতৰ প্ৰেৰণা আদিকালৰ পৰাই প্রকৃতি।
সংগীত কেৱল শিল্প নহয়, ই ভাৰতীয় জীৱন দৰ্শনৰ প্ৰতিফলন, যত মানুহ আৰু প্ৰকৃতি একে মহাজাগতিক শৃংখলাৰ অংশ বুলি ধৰা হয়। ভাৰতীয় দৰ্শনত প্রকৃতিক পবিত্ৰ বুলি ধৰা হয়, ই ঈশ্বৰতত্ত্বৰ প্ৰতিচ্ছবি। বেদ আৰু উপনিষদত উল্লেখ আছে নাদৰ, সেই আদি শব্দৰ যাৰ পৰা সৃষ্টিৰ আৰম্ভণি। ভাৰতীয় সংগীত নাদব্ৰহ্মৰ ওপৰত আধাৰিত। সেয়ে প্ৰতিটো সুৰ, প্ৰতিটো তান, প্ৰতিটো লয় প্ৰকৃতিৰ সৈতে মিলি থকা এক সম্পৰ্কৰ প্ৰতীক।
প্ৰসিদ্ধ সংগীত শিল্পী লুডউইগ ভান বেটহভেন
অসমতো সংগীতৰ ধাৰাত প্ৰকৃতিয়ে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীত, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকাৰ সংগীতত প্রকৃতিয়ে প্রাণ পাই উঠিছে। জুবিন গাৰ্গৰ সংগীতত প্রকৃতি এক জীপাল সত্ত্বালৈ ৰূপান্তৰিত হৈছে। শিল্পীগৰাকীৰ প্ৰকৃতিৰ প্ৰতি থকা সুগভীৰ আকর্ষণে সংগীতৰ পথাৰখনক অধিক জীপাল কৰি তুলিছে।
ভাৰতীয় সংগীতৰ মূল ধাৰাক জীৱন্ত কৰাৰ বাবে জুবিন গার্গে প্রকৃতিক চেতনাস্ৰোতলৈ ৰূপান্তৰিত কৰিছিল। ভাৰতীয় সংগীতৰ মূল ভিত্তি হল ৰাগ। প্ৰতিটো ৰাগে এটা বিশেষ সময়, ঋতু প্রকাশ কৰে। বহুতো ৰাগ প্ৰকৃতিৰ বিশেষ দৃষ্টান্তৰ সৈতে জড়িত। ৰাগ মেঘ মালহাৰ বৰষুণৰ সৈতে সম্পর্কিত। বর্ষা ঋতুৰ প্ৰকাশ। জুবিন গাৰ্গৰ গীতত তাৰেই যেন প্ৰকাশ বৰষা যেতিয়া নামে বুকুলৈ, এনে লাগে যেন সেয়া তুমিয়েই।
সংগীত শিল্পী জিন ছিবেলিয়াছ
আন এক সংগীতত তেওঁ কৈছে, মোৰ গানত আছে বৰষাৰ অনল, সেমেকা শীতৰ ৰ'দালি কোমল। তেওঁৰ গীতত ৰাগ বসন্তৰ সৌন্দৰ্ষ প্রকাশ দেখা যায়। বসন্ত ঋতুত প্রকৃতি সেউজ ৰঙৰে উদ্ভাসিত হৈ উঠে। সেউজ আভৰণে মানুহৰ মনত তুলি যায় আশাৰ নতুন ৰেঙণি। বসন্ত ঋতুৰ সেউজীয়া আভৰণে শিল্পীগৰাকীৰ মনত অংকিত কৰিছিল চেতনাৰ নতুন দিগন্তৰ।
শিল্পীগৰাকীয়ে গাইছে – সেউজীয়া মন সেউজীয়া প্রাণ, সেউজীয়া যৌৱন সেউজীয়া গান। ৰাগ দীপকৰ সম্পৰ্কত শিল্পীগৰাকী আছিল সচেষ্ট। গানক তেওঁ এক শক্তি হিচাপে গণ্য কৰে। সেইবাবে তেওঁ গাইছে মোৰ গানে আনে বহুতো প্রকাশ, পোৱা নোপোৱাৰ মনৰ জোনাক।
বেদৰ প্ৰাচীন স্তোত্ৰৰ পৰা আৰম্ভ কৰি আধুনিক চলচ্চিত্ৰৰ সংগীতলৈকে আকাশ, মেঘ, ৰদ, নদী, সাগৰ, পক্ষী-পশু আদি প্রাকৃতিক উপাদান অসংখ্য সংগীতৰ মূল আবেদন হৈ আহিছে। বহু সময়ত ই প্রতীকি ৰূপত প্রতিফলিত হয়। জুবিন গাৰ্গৰ গীতত প্ৰকৃতি কেৱল সৌন্দৰ্য নহয়, ই মানৱ জীৱনৰ অনুভৱ আৰু আধ্যাত্মিক চিন্তা ধাৰাৰো প্ৰতিচ্ছবি।
ষ্টুডিঅ'ত শিল্পী জুবিন গাৰ্গ
তেওঁৰ গীতত আকাশ আৰু মেঘ, অসীমতা, স্বাধীনতা আৰু দিব্য বিস্তাৰৰ প্রতীক ৰূপত দেখা দিছে। আনহাতে মৰম আৰু পুনৰুজ্জীৱনৰ আকুলতা সজীৱ কৰি তোলে। জুবিন গার্গে গাইছে – মেঘে মেঘে যেন উতলা যৌৱন, বেদনা দূৰ আজি, দুচকু জোনাকি ভৰা। শিল্পীগৰাকীয়ে মেঘৰ উদ্দমক যৌৱনৰ সৈতে তুলনা কৰিছে। সন্মুখৰ পথ প্রশস্ত কৰাৰ সমস্ত শক্তি যেন মেঘৰ আঁৰত লুকাই আছে।
তেওঁ আকাশক বিশালতাৰ প্ৰতীক ৰূপত অংকিত কৰিছে। সেইবাবে কৈছে- আকাশে আকাশে জীৱনৰে ৰং, আজি দেখো হিয়া আছে। তেওঁ ৰহস্যময় সৌন্দৰ্যৰ সন্ধান কৰি জীৱনবোধৰ দৰ্শন দিব বিচাৰিছে। সূর্য শক্তি পৱিত্ৰতা আৰু জ্ঞানৰ প্ৰতীক। ৰ'দ সেই শক্তিৰে প্রকাশ। জুবিন গাৰ্গৰ ৰদে শান্তি আৰু আধ্যাত্মিক জাগৰণৰ অনুভৱ বহন কৰে। তেওঁ গানত তাৰেই যেন অনুৰণন কৰিছে – মেঘৰ বৰণ ৰ'দৰ বৰণ, জোনৰ বৰণ তুমি কোন দূৰ। সূৰ্যৰ ৰশ্মি মেঘৰ মাজেৰে ওলাই অহা দৃশ্য আত্মাৰ আধাৰৰ পৰা আলোকলৈ ষাত্ৰাৰ এক ৰূপক স্বৰূপ।
গান ৰেকৰ্ডিং কৰি থকা অৱস্থাত জুবিন গাৰ্গ
সেইবাবে তেওঁ হয়তো গাইছে – নামি অহা ৰ'দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা। ভক্তিমূলক গীত আৰু শাস্ত্রীয় সংগীতত সূর্যোদয়ৰ সময় বিশেষ মাহাত্ম্যপূর্ণ। এই গানটিত ভৈৰৱ বা আহিৰ ভৈৰৱ ৰাগ স্পষ্ট হৈ পৰে। নদী আৰু সাগৰ ভাৰতীয় সংস্কৃতি আৰু সংগীতত জীৱনৰ এক পবিত্ৰ প্রতীক। নদী জীৱনৰ অবিৰতাৰ প্ৰকাশ। সাগৰ বা সমুদ্র অসীমতা আৰু গভীৰতাৰ প্ৰতীক।নদীক জুবিন গার্গে বিশালতাৰ প্ৰতীক হিচাপে লৈছে আৰু তেনে দৃষ্টিভংগীৰে গাইছে – নৈৰ পাৰে পাৰে উৰে আমাৰ মন, হেঁপাহৰ ৰঙীণ পখিলা।
তেওঁ পুনৰ কৈছে – তুমি আহিবা নৈৰে ঘাটলে গধূলি, সকলো কম মই খুলি। সাগৰ তেওঁৰ বাবে বিশালতাৰ পৰিমণ্ডল। জীৱনবোধ সাগৰৰ দৰে গভীৰ হোৱাটো বিচাৰে। সাগৰে দিব পৰে মৰম, স্নেহৰ আকুলতা। সাগৰ তেওঁৰ বোধদৃষ্টিত ধৰা দিছিল এনেদৰে সাগৰৰ দৰে গভীৰ, তুমি অনা মৰমকে লৈ, আছোঁ জীয়াই। পক্ষীৰ অনুভৱ জুবিন গাৰ্গৰ গীতত অতি প্রশস্ত। মুক্ত জীৱন প্ৰৱাহৰ প্ৰতীক ৰূপত প্ৰকাশ কৰি কৈছে – পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি, যা উৰি উৰি। কেতিয়াবা শুভ্ৰতাৰ ৰূপত জীৱন্ত হৈছে আনা ঘূৰাই আনা, ধৰা নিভাঁজ হিয়াৰ, শেৱালী পাহিত দুভৰি থুনুক-থানাক।
জুবিন গাৰ্গৰ সংগীতত প্ৰকৃতি মাথোঁ দৃশ্যৰূপে নহয়, জীৱন্ত আৰু আতাময় ৰূপে অনভৱ হয়। তেওঁৰ আকাশ নৈ, সাগৰ, ৰ'দ, পক্ষী আদি প্রাকৃতিক উপাদানসমূহ ৰাগ, শব্দ আৰু তালৰ সৈতে জড়িত। তেওঁৰ সংগীতে স্মৰণ কৰায়, মানৱ আত্মা আৰু প্ৰকৃতিৰ মাজত এক চিৰন্তন সম্পর্ক আছে। প্রতিটো সুৰত প্ৰকৃতি নিজেই গাই উঠে। তেওঁৰ সংগীতৰ গভীৰতাত প্ৰকৃতি এক শক্তি, নিৰবধি প্ৰেৰণা। সুৰ, ছন্দ আৰু ধ্বনিৰ জৰিয়তে জুবিন গাৰ্গে প্ৰকৃতিৰ প্ৰতি থকা শ্রদ্ধা আৰু বিষ্ময় প্রকাশ কৰিছে। তেওঁৰ বাবে সংগীত আৰু প্ৰকৃতি দুয়োটায়ে জীৱন্ত, গভীৰভাৱে মানৱীয়।
(লেখক এগৰাকী সাহিত্যিক। আজি প্রাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)