আৱাজ-দ্য ভইচ অসম ব্যুৰো
সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ কৰুণ মৃত্যুৰ সৈতে জড়িত প্ৰবাসী অসমীয়া পৰিয়ালসমূহে নিজৰ মৌনতা ভংগ কৰি জুবিনৰ ন্যায়ৰ বাবে মাত মাতিছে। ছিংগাপুৰত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ সময়ত ইয়টখনত জুবিনৰ সৈতে উপস্থিত থকা ছিংগাপুৰৰ ৮ জন প্ৰবাসী অসমীয়াৰ ভিতৰত ৱাজেদ আহমেদ আৰু তন্মময় ফুকন দুয়োগৰাকীৰ মাতৃয়ে দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত দুখ প্ৰকাশ কৰিছে আৰু জুবিনৰ মৃত্যুৰ ন্যায়ৰ বাবে দাবী কৰিছে।
ৱাজেদ আহমেদৰ মাতৃয়ে নিজৰ অন্তৰৰ যন্ত্ৰণা আৰু হতাশা প্ৰকাশ কৰিছে। তেওঁ কয়, "ৱাজেদে আমাক কৈছিল যে তেওঁলোকে ২০১৭ চনতো জুবিন দাৰ সৈতে পাৰ্টি কৰিছিল, গীত গাইছিল, আৰু সুন্দৰ স্মৃতি গঢ়ি তুলিছিল। এইবাৰ তেওঁক আকৌ ভ্ৰমণলৈ লৈ যাবলৈ উৎসাহিত হৈ আছিল। কিন্তু তেওঁলোকে জুবিনৰ স্বাস্থ্যৰ চিকিৎসাজনিত অৱস্থাৰ বিষয়ে গম পোৱা নাছিল, যে তেওঁ সাঁতুৰিব নালাগে। কিন্তু ৱাজেদে মোক কৈছিল যে, তেওঁৰ মেনেজাৰৰ লগতে অন্য তেওঁৰ ঘনিষ্ঠসকলেও এই কথা ভালকৈয়ে জানিছিল। তাৰ পিছতো তেওঁক কিয় সাঁতুৰিবলৈ দিছিল? ৱাজেদৰ খং উঠিছিল। জুবিন অসমৰ আত্মা আছিল। তেওঁ পৰিয়ালৰ দৰে আছিল। যিয়েই দায়ী হয় তেওঁ কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব।"
একেদৰে তন্ময় ফুকনৰ মাতৃয়েও আৱেগিক হৈ এক বক্তব্যত কয় যে, "শেহতীয়াকৈ মই তন্ময়ৰ সৈতে একো কথা পতা নাই। জুবিনৰ ছিংগাপুৰ ভ্ৰমণৰ ঠিক আগতে তেওঁ জুবিন দা আহিব বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছত কি হ’ল সেই বিষয়ে আমাৰ কোনো ধাৰণা নাছিল। আমি তেতিয়াহে গম পাইছিলোঁ, যেতিয়া আমি টেলিভিছনত ইয়ট পাৰ্টিৰ দৃশ্য দেখিছিলোঁ। ছিংগাপুৰত কি আইন আছে নাজানো, কিন্তু চৰকাৰে আহি সহযোগ কৰিবলৈ অনুমতি দিলে নিশ্চিতভাৱে সহযোগ কৰিম। মইও জুবিনে ন্যায় পোৱাটো বিচাৰো।"
জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক দৃশ্য
ছিংগাপুৰত জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তদন্ত তীব্ৰতৰ কৰি তোলাৰ সময়তে তেওঁলোকে এই মন্তব্য কৰিছে। তন্ময় ফুকন আৰু ৱাজেদ আহমেদকে ধৰি ৮ জন প্ৰবাসী অসমীয়াক অহা ৬ অক্টোবৰৰ ভিতৰত অসমৰ তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে এছ আই টিয়ে।
তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰা ৮ জন ব্যক্তি হ’ল ক্ৰমে, অসম সন্থা ছিংগাপুৰৰ সভাপতি অভিমন্যু তালুকদাৰ, তন্ময় ফুকন, ভাস্কৰ দত্ত, দেৱজ্যোতি হাজৰিকা, ৰূপকমল শইকীয়া, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা আৰু ৱাজেদ আহমেদ।
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি ঘটনাৰ সময়ত ইয়টখনত এই ৮জনেই উপস্থিত আছিল। বৰ্তমান এছ আই টিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত তদন্তত তেওঁলোকৰ সহযোগিতা নিশ্চিত কৰিবলৈ আইনী ব্যৱস্থাৰ সন্ধান কৰি আছে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাইও বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্রবাসীসকলক সম্পূর্ণ সহযোগিতা কৰিবলৈ আহ্বান জনাইছে৷ যদি তেওঁলোক আগবাঢ়ি নাহে, তেন্তে তদন্তকাৰী দলে সুচাৰুৰূপে তদন্ত আগবঢ়াই লৈ যাব নোৱাৰিব। অসমৰ ৰাইজে সহযোগিতা সুনিশ্চিত কৰিবলৈ নৈতিক হেঁচা প্ৰয়োগ কৰিব লাগিব।