হৰমুজ প্ৰণালীক ‘আমেৰিকান ভূখণ্ড’ৰ অন্তৰ্গত বুলি দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Story by  atv | Posted by  Munni Begum • 15 h ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
ৱাশ্বিংটন
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ হৰমুজ প্ৰণালীক ‘আমেৰিকান ভূখণ্ড’ত থকা বুলি বৰ্ণনা কৰি এখন ছবি শ্বেয়াৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ‘ট্ৰুথ ছ’চিয়েল’ত এক পোষ্ট শ্বেয়াৰ কৰি হৰমুজ প্ৰণালীক আমেৰিকাৰ নতুন ভূখণ্ড বুলি ঘোষণা কৰিছে। 
 
ট্ৰাম্পে হৰমুজক লৈ নিজৰ স্থিতি আৰু অধিক কঠোৰ কৰি তুলিছে, আনহাতে তেহৰাণৰ মতে, ৱাশ্বিংটনে নিজৰ দৃষ্টিভংগী সলনি নকৰালৈকে হৰমুজ প্ৰণালী বন্ধ হৈয়েই থাকিব।
 
উল্লেখযোগ্য যে, ট্ৰাম্পে হৰমুজ প্ৰণালীক আমেৰিকান ভূখণ্ড বুলি দাবী কৰাটো এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁ এনে দাবী কৰিছিল। ১৮ আগষ্টতো তেওঁ এই একেখন ছবি শ্বেয়াৰ কৰি কৈছিল যে, অতি সোনকালে হৰমুজ প্ৰণালীক আমেৰিকাৰ ভূখণ্ড হিচাপে ঘোষণা কৰা হ’ব। ১৪ আগষ্টত লং আইলেণ্ডতো ট্ৰাম্পে কৈছিল যে, আমেৰিকাই অতি সোনকালে হৰমুজ প্ৰণালীক নিজৰ ভূখণ্ড বুলি ঘোষণা কৰিব।
 
ইফালে, ইৰানৰ ছুপ্ৰিম নেচনেল ছিকিউৰিটী কাউন্সিলৰ ছেক্ৰেটাৰী মহচিন ৰেজায়ে ইয়াৰ পূৰ্বে হৰমুজ প্ৰণালী সন্দৰ্ভত স্পষ্ট ভাষাত কৈছিল যে, "হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাত আমেৰিকাৰ ব্যৰ্থতা আৰু ইয়াৰ ওপৰত নিজৰ মালিকীস্বত্ব দাবী কৰাৰ মাজৰ পাৰ্থক্য, ৱাশ্বিংটন আৰু হৰমুজ প্ৰমালীৰ মাজৰ ৭ হাজাৰ মাইলৰ দূৰত্বতকৈও অধিক।" 
 
ৱাশ্বিংটনে ইৰানৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে ট্ৰাম্পৰ এই শেহতীয়া পোষ্টটো পোহৰলৈ আহিছে, যিয়ে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান অৰ্থনৈতিক সংঘাতক আৰু অধিক তিক্ত কৰি তুলিব পাৰে।
 
ইৰানে প্ৰস্তাৱিত এই নিষেধাজ্ঞা সমূহক গৰিহণা দিয়াৰ লগতে সতৰ্ক কৰি দিয়ে যে ইয়াৰদ্বাৰা তেওঁলোকৰ অৰ্থনীতিৰ ওপৰত হেঁচা বৃদ্ধি পাব পাৰে আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ মুখ্য ব্যৱসায়িক অংশীদাৰ, বিশেষকৈ চীনৰ ওপৰতো পৰিব পাৰে। উল্লেখ্য যে, চীন ইৰানী তেলৰ এজন ডাঙৰ ক্ৰেতা।
 
ইৰানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘায়ে এই প্ৰস্তাৱিত নিষেধাজ্ঞা সমূহৰ সমালোচনা কৰি কয় যে, আমেৰিকাই নিজৰ সীমাৰ বাহিৰতো আমেৰিকান অধিকাৰ জাপি দিবলৈ চেষ্টা চলাইছে।