আইচিচি মহিলা বিশ্বকাপঃ আশা, চাপ আৰু কৌশলৰ মাজত আজি ভাৰত-পাকিস্তানৰ মহাৰণ

Story by  atv | Posted by  [email protected] • 5 h ago
আইচিচি মহিলা বিশ্বকাপত আজি ভাৰত-পাকিস্তানৰ মহাৰণ
আইচিচি মহিলা বিশ্বকাপত আজি ভাৰত-পাকিস্তানৰ মহাৰণ
 
আৱাজ দ্য ভইচ / নতুন দিল্লী / কলম্বো

ভাৰত আৰু পাকিস্তান যেতিয়া খেলপথাৰত মুখামুখি হয়, তেতিয়া এই খেল কেৱল এখন খেল হৈ নাথাকে। ইয়াত ৰাজনীতি, ইতিহাস, আৱেগ আৰু আশা-আকাংক্ষাৰ সংমিশ্ৰণ ঘটে। আৰু এই দুয়োটা দল যেতিয়া মহিলা ক্ৰিকেট বিশ্বকাপৰ দৰে এখন ডাঙৰ প্ৰতিযোগিতাত মুখামুখি হয়, তেতিয়া উত্তেজনা আৰু অধিক বৃদ্ধি পায়।

দেওবাৰে কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মহিলা দল দুটাই আইচিচি এদিনীয়া বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত মুখামুখি হ'ব। এই মেচখন কেৱল পইণ্ট তালিকাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ক্ৰিকেটৰ পথাৰত দুয়োখন দেশৰ মাজত বিৰাজ কৰা উত্তেজনাৰ বাবেও এই মেচখন বিশেষ দৃষ্টিৰে চোৱা হৈছে।
 
শেহতীয়াকৈ পুৰুষৰ এছিয়া কাপ টি-২০ৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলখনত দেখিবলৈ পোৱা খেলুৱৈৰ আচৰণ আৰু বিতৰ্কই ক্ৰীড়াসুলভ মানসিকতাক গভীৰভাৱে আঘাত হানিছিল। খেলুৱৈসকলে ইজনে-সিজনৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰা, মেচ ৰেফাৰী এণ্ডি পাইক্ৰাফ্টৰ বিৰুদ্ধে অভিযোগ আৰু ফাইনেলৰ পিছত টীম ইণ্ডিয়াই ট্ৰফী গ্ৰহণ নকৰাক লৈ হোৱা বিবাদে সমগ্ৰ টুৰ্ণামেণ্টৰ গৰিমা হানি কৰে। সেইবাবেই ক্ৰিকেট প্ৰেমীসকল উদ্বিগ্ন যে আজিৰ খেলখনতো এইধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব পাৰে।
 
ভাৰত হৈছে পাকিস্তান মহিলা ক্ৰিকেট দলৰ বাবে এক কঠিন প্ৰতিদ্বন্দ্বী। এই পৰ্যন্ত দুয়োটা দলৰ মাজত ১১খন এদিনীয়া খেল অনুষ্ঠিত হৈছে আৰু  প্রতিবাৰেই ভাৰত বিজয়ী হৈছে। দুয়োটা দলে শেষবাৰৰ বাবে ২০২২ চনৰ ৬ মাৰ্চত নিউজিলেণ্ডত মুখামুখি হৈছিল, য'ত ভাৰতে পাকিস্তানক ১০৭ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
চলিত আইচিচি এদিনীয়া বিশ্বকাপত এতিয়ালৈকে ভাৰতৰ প্ৰদৰ্শনৰ কথা ক'বলৈ গ'লে ভাৰতে নিজৰ প্ৰথমখন খেলত শ্ৰীলংকাক পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰিছে। আনহাতে, পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচত ৭ উইকেটত পৰাজয় বৰণ কৰে। বেটিঙৰ পৰা বলিঙলৈকে পাকিস্তান দলটো সকলো বিভাগতে পিছপৰি আছে।
 
কিন্তু পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাৰ আত্মবিশ্বাসে এই পৰাজয়ৰ সৈতে কোনো সম্পৰ্ক ৰাখিব বিচৰা নাই। নিদা ডাৰৰ ঠাইত ফাতিমাই নতুন উদ্যমেৰে দলটোক আগুৱাই নিছে। তেওঁ ভাৰতৰ বিৰুদ্ধে নিজৰ কৌশল সম্পৰ্কে স্পষ্টকৈ কয়। তেওঁ বিশ্বাস কৰিছিল যে পাকিস্তানে এইবাৰ নতুন কিবা এটা কৰিব পাৰিব।খেলৰ প্ৰাক্ মুহূৰ্তত ফাতিমাই সংবাদমেলত কয়, "আমি যেতিয়া পৰিকল্পনা কৰো, প্ৰত্যেকটো দিশ বিবেচনা কৰো, যেনে, ভাৰতে অষ্ট্ৰেলিয়াত কেনেদৰে খেলিছিল, তাত পিচসমূহ কেনে আছিল, আৰু এতিয়া কলম্বোৰ পৰিস্থিতি কেনে? আমি প্ৰতিটো পৰিস্থিতি বিশ্লেষণ কৰো আৰু সেই অনুযায়ী ৰণনীতি প্ৰস্তুত কৰো।"
 
তেওঁ এটা কথাও স্পষ্ট কৰি দিলে যে তেওঁৰ দলটোৱে কেৱল খেলৰ ওপৰতহে গুৰুত্ব দিব লাগে, তেওঁলোকে বাহিৰৰ শব্দ বা বিবাদৰ দ্বাৰা প্ৰভাৱিত হ'ব নিবিচাৰে। ফাতিমাই কয়, "আমি ২০-২২জন খেলুৱৈ এটা পৰিয়ালৰ দৰে। বাহিৰত কি হৈ আছে আমি সকলোৱে জানো, কিন্তু আমি কেৱল নিজৰ প্ৰদৰ্শন আৰু বিশ্বকাপৰ ওপৰতহে গুৰুত্ব দিওঁ।"
 
অন্যহাতে, ভাৰতীয় মহিলা দলৰ মনোবল এই সময়ত শিখৰত আছে। ধাৰাবাহিক ভাল প্ৰদৰ্শন আৰু পাকিস্তানৰ বিৰুদ্ধে সুন্দৰ ৰেকৰ্ডৰ ফলত দলটোৱে মানসিক ভাৱে আগবাঢ়ি আছে। কোচিং ষ্টাফ আৰু জ্যেষ্ঠ খেলুৱৈসকলৰ অভিজ্ঞতা, যুৱ খেলুৱৈসকলৰ আক্ৰমণাত্মক মনোভাৱৰ সংমিশ্ৰণে দলটোক ভাৰসাম্যপূৰ্ণ কৰি তোলে।
কিন্তু দলটোৱে এই আত্মবিশ্বাসক অহংকাৰলৈ ৰূপান্তৰিত কৰিব নিবিচাৰে। সেইবাবেই ভাৰতৰ পক্ষৰ পৰা কোনো ধৰণৰ বক্তব্য প্ৰদানৰ পৰা বিৰত থকা হৈছে। খেলুৱৈসকলক শান্ত, মনোযোগী আৰু শৃংখলাবদ্ধ কৰি ৰখাৰ চেষ্টা কৰিছে টীম মেনেজমেণ্টে।
 
ভাৰত-পাকিস্তানৰ খেল কেৱল ২২ গজৰ পিটচৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ লগত ৰাজনৈতিক পটভূমি, ঐতিহাসিক সম্পৰ্ক, আৰু কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে ঘৃণা আৰু বিবাদো জড়িত হৈ পৰে। এছিয়া কাপৰ ঘটনাসমূহে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ক্ৰীড়াৰ মনোভাৱ লৈ খেল খেলাটো কিমান জৰুৰী। খেলুৱৈসকলে মনত ৰখা উচিত যে তেওঁলোকে কেৱল নিজৰ দেশক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে কোটি কোটি যুৱক-যুৱতীৰ বাবে আদৰ্শ। 
 
আজিৰ যুঁজ কেৱল এটা দলৰ জয় আৰু আনটো দলৰ পৰাজয়ৰ বাবে নহয়। এয়া ক্ৰিকেটৰ প্ৰকৃত চেতনাৰ পুনৰুজ্জীৱনৰ এক সুযোগ। আশা কৰা যায় যে কলম্বোত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰত্যাশিত মেচখন কেৱল স্ক'ৰ কাৰ্ডত নহয়, ক্ৰীড়াৰ ইতিহাসত এক ইতিবাচক অধ্যায়ৰ সৃষ্টি কৰিব।