ইডলীক নতুন ৰূপত প্ৰস্তুত কৰি ₹৪০০০ কোটিৰ ব্যৱসায়ক নেতৃত্ব দিয়া পি চি মুস্তাফা

Story by  atv | Posted by  Munni Begum • 5 h ago
আই ডি ফ্ৰেছৰ প্ৰতিষ্ঠাপক পি চি মুস্তাফা
আই ডি ফ্ৰেছৰ প্ৰতিষ্ঠাপক পি চি মুস্তাফা
 
শ্ৰীলথা মেনন/ত্ৰিছুৰ
 
যদি আপোনাৰ প্ৰিয় জলপান ইডলী হয় আৰু আপুনি যদি আপোনাৰ মাতৃয়ে ঘৰত প্ৰস্তুত কৰাৰ দৰে স্বাস্থ্যসন্মত আৰু সুস্বাদু ইডলীৰ সন্ধানত আছে। তেন্তে আপোনাৰ দৰে ইডলী খাই ভালপোৱাসকলৰ বাবে এগৰাকী ডাঙৰ পৰিৱৰ্তনকাৰী হৈ পৰিছে পিচি মুস্তাফা। কিয়নো আইডি ফ্ৰেছৰ প্ৰতিষ্ঠাপক পি চি মুস্তাফাই বহুলোকৰ বাবে জলপানৰ  ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। বিশেষকৈ যিসকলে ঘৰতে তৈয়াৰী ইডলীৰ সোৱাদ বিচাৰে কিন্তু প্ৰস্তুত কৰিবলৈ সময় নাপায়। তেওঁলোকৰ বাবে ৰাসায়নিক দ্ৰব্যৰ অবিহনে ইডলীৰ 'বেটাৰ মিক্স'(মিশ্ৰণ) তৈয়াৰ কৰিছে মুস্তাফাই। তেওঁ কেৱল কেৰালাতেই নহয়, সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।  
 
পিচি মুস্তাফাৰ ইডলী বেটাৰ কঢ়িয়াই নিয়া ট্ৰাকসমূহত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি নিয়া হয়। যাৰ বাবে সংৰক্ষণৰ কোনো প্ৰয়োজন নাথাকে। এই পদ্ধতিয়ে এক সতেজ আৰু প্ৰাকৃতিক সামগ্ৰী নিশ্চিয়তা প্ৰদান কৰে, যাৰ ফলত তেওঁৰ ব্যৱসায়টো এক উদ্যোগত পৃথক হৈ পৰিছে। 
 
পিচি মুস্তাফাৰ ইডলী-দোছাৰ মিশ্ৰণৰ পেকেট
 
তেওঁৰ এই ষ্টাৰ্টআপটোৱে খাদ্য উদ্যোগক এক নতুন ৰূপ দিছে, বিশেষকৈ যিসকলে মিশ্ৰণক (বেটাৰ) লৈ উদ্বিগ্ন। ১০ খন দেশৰ যোগান নেটৱৰ্কৰ সৈতে ৪০০০ কোটি টকাৰ ব্যৱসায়ৰ নেতৃত্ব দিয়া এই 'বেটাৰ বেৰন' (মিশ্ৰণৰ ব্যসায়ী) গৰাকীয়ে এতিয়া প'ৰ'টা আৰু ৰেডি টু ইট আদিৰ দৰে অন্যান্য খাদ্য সামগ্ৰীলৈও গতি কৰিছে। তথাপিও তেওঁৰ মূল ইউএছপি হ'ল ইডলী মিশ্ৰণ (বেটাৰ)।  
 
অন্য উদ্যোগীসকলৰ প্ৰতি তেওঁৰ এক বাৰ্তা হ'ল, "উদ্ভাৱনত গুৰুত্ব দিয়ক। এটা ব্ৰেণ্ড গঢ়ি তুলিবলৈ আৰু প্ৰতিযোগিতাত আগবাঢ়ি থাকিবলৈ এয়াই হৈছে সৰ্বশ্ৰেষ্ঠ উপায়। আৰু ইয়াৰ মূল উপাদান হ'ল সাধাৰণ জ্ঞান।" 
 
পি চি মুস্তাফাই তেওঁৰ পিতৃৰ সৈতে কৃষি শ্ৰমিক হিচাপে দৈনিক মজুৰী কৰিছিল। তেওঁ কেৰালাৰ ৱায়ানাডত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁ তেওঁৰ পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব বিচাৰিছিল।
 
পি চি মুস্তাফা তেওঁৰ পিতৃ-মাতৃৰ সৈতে
 
মুস্তাফাই ষষ্ঠ শ্ৰেণীতে পঢ়া এৰিবলগীয়া হৈছিল আৰু ৰাস্তাত বিভিন্ন বস্তু বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে শিক্ষক আৰু পিতৃ-মাতৃয়ে তেওঁক পুনৰ বিদ্যালয়লৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল। গণিতত যথেষ্ট প্ৰতিভা থকা বাবে তেওঁ নিজৰ স্কুলত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল আৰু এনআইটি কলিকতাত কম্পিউটাৰ বিজ্ঞান অভিযন্তাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। পিছলৈ আইএম বাংগালুৰুত ছফ্টৱেৰ এন্টাৰপ্ৰাইজ মেনেজমেণ্ট (পিজিএছইএম)ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে মুস্তাফাই।  
 
মুস্তাফা আৰু সম্পৰ্কীয় ভাতৃ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিবৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰি আছিল আৰু তেওঁলোকে ইডলী আৰু দোছাৰ মিশ্ৰণ (বেটাৰ) বিক্ৰীৰ কৰাৰ বাবে সিদ্ধান্ত লৈছিল। প্ৰথমতে তেওঁলোকে এটা সৰু ফ্লেটৰ পৰা এই কাম আৰম্ভ কৰিছিল আৰু মাত্ৰ ৩০খন দোকানত তেওঁলোকৰ সমগ্ৰী যোগান ধৰিছিল। 
 
পিছত তেওঁলোকৰ কষ্টৰ ফলত শীঘ্ৰে ৩০০ লৈ দোকানৰ সংখ্যা বৃদ্ধি পাইছিল আৰু বেংগালুৰুত আই ডি ফ্ৰেছ এক অতি পৰিচিত নাম হৈ পৰিছিল। অতি কম সময়তে তেওঁ আজিম প্ৰেমজীৰ দৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। আৰু ১০০ কিলোগ্ৰাম মিশ্ৰণ যোগানৰ পৰা তেওঁ আজি ২৫,০০০ কিলোগ্ৰাম মিশ্ৰণ যোগান ধৰিবলৈ সক্ষম হৈছে। 
 
ফৰ্বছ আলোচনীত নিজৰ সফলতাৰ কাহিনীৰ বিষয়ে এটা লেখা পঢ়ি থকা অৱস্থাত পিচি মুস্তাফা
 
মুস্তাফাৰ ইডলীৰ মিশ্ৰণ (বেটাৰ) কেৱল ভাৰতৰ চহৰবোৰতে নহয়, ডুবাই আৰু আন ৯ খন দেশত থকা বিস্তৃত ভাৰতীয় প্ৰবাসীসকলৰ ঘৰলৈও গৈ পাইছে। অতি কম সময়ৰ ভিতৰতে তেওঁ তেওঁৰ ব্যৱসায়ক আধুনিক মেচিন আৰু মানৱশক্তিৰে সজ্জিত কৰি আজি এক আকৰ্ষণীয় পদত উপনীত হবলৈ সক্ষম হৈছে।  
 
২০০৬ চনত মুস্তাফাই তেওঁৰ সম্পৰ্কীয় ভাতৃৰ সৈতে আই ডি ফ্ৰেছ ফুডৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ বৰ্তমান গ্ৰাম্য ভাৰতত ২৫০০ তকৈও অধিক নিবনুৱা যুৱক-যুৱতীক নিয়োগ কৰিবলৈ সক্ষম হৈছে।
 
পি চি মুস্তাফা তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে
 
পিচি মুস্তাফাই কয় যে, তেওঁৰ প্ৰধান গ্ৰাহক হ'ল গৃহিনীসকল। কিন্তু তেওঁ নিজৰ মাতৃক ইডলক্ৰ মিশ্ৰণ (বাটাৰ) ক্ৰয় কৰিবলৈ পতিয়ন নিয়াব পৰা নাই, কাৰণ তেওঁৰ মাকে বজাৰৰ পৰা খাদ্য সামগ্ৰীৰ মিশ্ৰণ ক্ৰয় কৰাত বিশ্বাস নকৰা প্ৰজন্মৰ লোক হয়। ঘৰতে সকলো তৈয়াৰ কৰি গোটেই জীৱন খাদ্য প্ৰস্তুত কৰা মানুহক খাদ্য সামগ্ৰীৰ মিশ্ৰণ কিনিবলৈ বাধ্য কৰোৱাটো কোনো সহজ কথা নহয় বুলিও তেওঁ কয়। 
 
মাকৰ প্ৰজন্মৰ সৈতে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মুস্তাফাই কয় যে, ইডলী আৰু দোছাৰ মিশ্ৰণ এনেকুৱা এক সামগ্ৰী যাৰ চাহিদা অন্তহীন আৰু ই কেতিয়াও বিফল হ’ব নোৱাৰা এক ব্যৱসায়িক প্ৰস্তাৱ।