মুন্নী বেগম/গুৱাহাটী
"শামুক মানে আৱৰ্জনা, শামুক মানে মাছৰ খাদ্য" সচৰাচৰ আমাৰ সমাজত এই ধাৰণাটো বিৰাজমান। কিন্তু নগাঁৱৰ এজন যুৱকে এই ধাৰণাক ভূল বুলি প্ৰতিপন্ন কৰিছে। তেওঁৰ হাতত আৱৰ্জনা বুলি গণ্য কৰা শামুক হৈ পৰিছে জীৱনৰ সোপান গঢ়াৰ এক অমূল্য সম্পদ তথা স্বাৱলম্বিতাৰ চাবিকাঠি। কিয়নো শামুকৰ পৰাই তেওঁ উৎপাদন কৰিছে অমূল্য 'মুকুটা'। তেওঁ হৈছে নগাঁৱৰ ধিংৰ ৰুলেন হাজৰিকা।
আৱাজ-দ্য ভইচ' অসমৰ সৈতে হোৱা এক বাৰ্তালাপত উদ্যোমী যুৱক ৰুলেন হাজৰিকাই কয়, "মোৰ দেউতা এগৰাকী মীন পালক। সৰুৰে পৰাই মই মোৰ দেউতাক কামত সহায় কৰি আহিছো। মই প্ৰায়ে দেখিছিলো যে, আমাৰ পুখুৰীত বহু শামুক আছে যিবোৰক আমি সাধাৰণতে চূণ শামুক বুলি কওঁ। দেউতাই সেইবোৰক অৱৰ্জনা বুলি পেলাই দিয়ে বা মাছক খাবলৈ দিয়ে। কাৰণ মানুহে সেই শামুকৰ ব্যৱহাৰ আৰু লাভালাভৰ বিষয়ে সজাগ নাছিল। তেনেকৈয়ে দিন বাগৰি থাকিল। ২০১৭ চনৰ কথা এদিন মই ইণ্টাৰ্নেটত ব্ৰাউজ কৰি থাকোতে, মই মুকুটা খেতিৰ এটা ভিডিঅ' দেখিলো। তাত আমাৰ পুখুৰীত প্ৰচুৰ পৰিমাণে উপলব্ধ শামুকৰ পৰা মুকুটা খেতি কৰি আছে। যিটো মোৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট আছিল। তেতিয়াই মই ক'ত ইয়াৰ প্ৰশিক্ষণ ল'ব পাৰি বিচাৰা আৰম্ভ কৰিলো আৰু ভুৱনেশ্বৰস্থিত Central Institute of Freshwater Aquaculture (CIFA)- লৈ গৈ তাত মই মুকুটা খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলো। মই ২০১৮ চনত প্ৰশিক্ষণ লৈ অসমলৈ আহি ঘৰৰ পুখুৰীতে পাৰ্ল ফাৰ্মিংৰ (মুকুটা খেতি) কাম আৰম্ভ কৰিলো।"
ৰুলেন হাজৰিকাই শামুকৰ পৰা মুকুতা সংগ্ৰহ কৰাৰ এক দৃশ্য
অসম তথা সমগ্ৰ উত্তৰ-পূবত কোনোৱে নকৰা মুকুটা খেতি পোন প্ৰথমবাৰৰ বাবে ৰুলেন হাজৰিকাই আৰম্ভ কৰিছিল। মাত্ৰ ৬০ হাজাৰ টকাৰে তেওঁ এই অতি ব্যতিক্ৰমী মুকুটা খেতি আৰম্ভ কৰিছিল। প্ৰথমবাৰতেই তেওঁ ১ লাখ ২০ হাজাৰ টকাৰ মুকুটা আৰু গহনা বিক্ৰী কৰিবলৈ সক্ষম হৈছে।
ৰুলেনে কয়, "অসম তথা উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা মোৰ এই অভিনৱ খেতিয়ে অতি শীঘ্ৰেই জনপ্রিয়তা লাভ কৰিছিল। আৰুণাচল, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আদি ৰাজ্যৰ পৰা বহু আগ্ৰহী লোকে মোৰ ওচৰলৈ আহি মোৰ পৰা প্ৰশিক্ষণ লৈ নিজাকৈ এই খেতি কৰা আৰম্ভ কৰিছে। ক্ৰমান্বয়ে প্ৰশিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছত ২০২৩ চনত "অসম পাৰ্ল ডেভেলপমেণ্ট কো-অপাৰেটিভ ছ'চাইটি লিমিটেড" নামৰ এখন সমবায় সমিতি গঠন কৰিছিলো। এই সমিতিৰ অধীনত বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক প্ৰশিক্ষণাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছো। যাৰ ভিতৰত মহিলা প্ৰশিক্ষাৰ্থীৰ সংখ্যা খুবেই বেছি। কিয়নো মুকুটা খেতি সূক্ষ্মভাৱে কৰা এক খেতি। যাৰ বাবে অত্যন্ত ধৰ্য্যৰ প্ৰয়োজন। যি মহিলাসকলৰ মাজত দেখা যায়। এতিয়ালৈকে প্ৰায় ৪ হাজাৰৰো অধিক মহিলাক আমি প্ৰশিক্ষণ প্ৰদান কৰিছো। বহু মহিলাই এই উদ্যোগৰ মাধ্যমেৰে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে।"
মুকুতা খেতিৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতীৰ এটা দল
মুকুটাৰ খেতি এক অতি লাভাজনক ব্যৱসায় হয়। এই ব্যৱসায়ত কোনো খেতিয়কে কেতিয়াও লোকচানৰ সন্মুখীন হবলগীয়া নহয়। কিন্তু সংৰোপন অবিহনে কেতিয়াও মুকুটা উৎপাদন হব নোৱাৰে। এটা শামুকৰ পৰা এটা সম্পূৰ্ণ মুকুটা পাবলৈ হলে শামুকৰ শৰীৰত ফৰেণ বডী সংৰোপন কৰিবই লাগিব।
এই বিষয়ে ৰুলেনে ব্যাখ্যা কৰি কয়, "আমি তিনি প্ৰকাৰৰ মুকুটা উৎপাদন কৰো। ইমেজ পাৰ্ল (ছবিযুক্ত মুকুটা), ঘূৰণীয়া পাৰ্ল আৰু গুণাদল চার্জাৰী প্ৰক্ৰিয়াৰে উৎপাদিত মুকুটা। এটা শামুকৰ পৰা মাত্ৰ ২টা মুকুটা লাভ কৰিব পৰা যায়। এটা সম্পূৰ্ণ মুকুটা পাবলৈ হ'লে নিৰ্ধাৰিত সময়ৰ প্ৰয়োজন হয়। ইমেইজ পাৰ্ল পাবলৈ হ'লে সম্পূৰ্ণ ১৫-১৮ মাহ, ঘূৰণীয়া পাৰ্লৰ বাবে ২০-২৪ মাহ আৰু গুণাদল চার্জাৰী প্ৰক্ৰিয়াৰে ২০-৩৬ মাহ সময়ৰ প্ৰয়োজন হয়। মুকুটা ইন্টিগ্ৰেটেড ফাৰ্মিং (মাছৰ সৈতে পুখুৰীত) আৰু ইণ্ডোৰ ফাৰ্মিংও কৰা হয়। কিন্তু মাছৰ সৈতে পুখুৰীত এই খেতি কৰিলে খেতিয়কে যথেষ্ট লাভৱান হব পাৰে। কাৰণ শামুক থকা পুখুৰীৰ মাছ ৰসায়নমুক্ত হয়। যি মাছৰ বজাৰত ছাহিদা খুবেই বেছি। কিয়নো চূণ শামুক থকা পুখুৰীত কোনো ধৰণৰ ৰসায়নৰ ব্যৱহাৰ কৰিব নোৱাৰি। ৰসায়নৰ ব্যৱহাৰে শামুকৰ মৃত্যু ঘটাই। ইয়াৰোপৰি এই শামুকবিধৰ জন্ম মাছৰ পেটতে হয়, সেয়েহে পুখুৰীত বেলেগকৈ শামুক যোগান ধৰিব নালগে। পুখুৰীত মাছৰ পৰা জন্ম হোৱা শামুকৰ পেটত বৈজ্ঞানিক পদ্ধতিৰে ফৰেন বডী সংৰোপন কৰি আমি মুকুটা উৎপাদন কৰি আহিছো।"
এক প্ৰদৰ্শনীত ৰুলেন হাজৰিকাৰ মুকুতাৰ গহনাৰ বিপনী
মুকুটা সাগৰতহে পোৱা যায়, পুখুৰীত জানো মুকুটা পাব পাৰি। এইটো সকলোৰে মনত এইটো এটা ডাঙৰ সাঁথৰ। কিন্তু সাগৰে বা পুখুৰী বুলি কোনো কথা নাই মুকুটা সকলো ঠাইৰ পৰা পাব পাৰি। এই ভূল ধাৰণা মানুহৰ মাজৰ পৰা নাইকীয় কৰিছে উদ্যোমী যুৱক ৰুলেনে। এই খেতিৰ পৰা উৎপাদিত মুকুটাৰ পৰা তেওঁ বিভিন্ন ধৰণৰ অলংকাৰ, শামুকৰ খোলাৰ পৰা গৃহসজ্জাৰ সামগ্ৰী তথা ঘৰৰ দেৱাল আদি ডেক'ৰেশ্বন কৰি আহিছে।
ৰুলেনে কয়, "মুকুটা সাগৰতহে পোৱা যায়, পুখুৰীত জানো মুকুটা পাব পাৰি। এইটো সকলোৰে মনত থকা এটা সাঁথৰ। কিন্তু মুকুটা সাগৰে হওঁক বা পুখুৰীয়ে হওঁক সকলোৰে পৰা পাব পাৰি। আনহাতে মানুহৰ মনত হায়দাৰাবাদৰ মুকুটাক লৈ এক ভূল ধাৰনা আছে যে, তাত পোৱা মুকুটা আচল মুকুটা (Real paerl)। কিয়নো তাতে পোৱা মুকুটা এটা সময়ত ক্ষয় যায়। কিন্তু এইটো একেবাৰে সঁচা নহয়। মই এই ধাৰণাটো সলনি কৰিব বিচাৰিছো। কিয়নো তাত মুকুটাৰ উদ্যোগহে আছে, তাত মুকুটাৰ খেতি কৰা নহয়। অসমত উৎপাদিত মুকুটাক ফ্ৰেচ ৱাটাৰ পাৰ্ল বুলি কোৱা হয়। যি ক্ষয় নাযায় দীৰ্ঘ সময়লৈ অক্ষুণ্ণ হৈ থাকে। কিন্তু সাগৰত পোৱা মুকুটাক চল্ট ৱাটাৰ পাৰ্ল বুলি কোৱা হয় য'ত নিমখৰ এটা প্ৰলেপ থাকে বাবে এই মুকুটাটো এটা সময়ত ক্ষয় হয় সৰু হৈ যায়। অসমত উৎপাদিত ফ্ৰেচ ৱাটাৰ পাৰ্ল-ৰ উচ্চ গুণমানৰ বাবে বিশ্ব বজাৰত ইয়াৰ চাহিদা বহু বেছি বৃদ্ধি হৈছে।"
শামুকৰ পৰা মুকুতা সংগ্ৰহ কৰি দেখুৱাইছে ৰুলেণ হাজৰিকাই
শীতকালত কৰিব পৰা মুকুটা খেতি হৈছে অতি কম সয়ময়তে কৰিব পৰা খেতিৰ ভিতৰত অন্যতম এক খেতি। অসম তথা উত্তৰ-পূবৰ জলবায়ু মুকুটা খেতিৰ বাবে খুবেই উপযোগী। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰা মুকুটাৰ খেতিৰ যোগেদি এটা শামুকৰ পৰা মাত্ৰ ২টাহে মুকুটা পাব পাৰি।
ৰুলেনে কয়, "অসম হৈছে এনে এখন ঠাই, যি খাল-বিলৰে পৰিপূৰ্ণ আৰু আমি ইয়াত গৰম আৰু ঠাণ্ডা দুয়োটা বতৰে লাভ কৰো। যি মুকুটা খেতি কৰিবলৈ প্ৰয়োজন হয়। কাৰণ মুকুটা উৎপাদনৰ বাবে শামুকৰ শৰীৰত পৃথকৈ এটা ফৰেন বডী সংৰোপন কৰা হয়। যাৰ বাবে শামুকৰ শৰীৰত সুক্ষ্মভাৱে অস্ত্ৰোপ্ৰচাৰ কৰা। যিটো অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ ২০ ডিগ্ৰী উষ্ণতাৰ তাপমাত্ৰা উপযোগী। নহলে অস্ত্ৰোপ্ৰচাৰ কৰা শামুকৰ মৃত্যু ঘটিব পাৰে। শীতকালত অস্ত্ৰোপ্ৰচাৰ কৰি শামুকৰ শৰীৰত সংৰোপন কৰা ফৰেন বডীটো গৰম দিনতহে মুকুটাই গঢ় লৈ উঠে।"
পুখুৰীত মুকুতা খেতিৰ প্ৰশিক্ষণ প্ৰদান যুৱক যুৱতীক
অধ্যৱসায়, জ্ঞান আৰু উদ্যম থাকিলে একেবাৰে গাঁওৰ পুখুৰীৰ পৰাও অমূল্য সম্পদ উৎপাদন কৰিব পাৰি। আজিৰ দিনত অসমত উৎপাদিত মুকুটা খেতি কেৱল এক লাভাজনক ব্যৱসায় হৈয়ে থকা নাই, ই গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱন, মহিলাৰ স্বাৱলম্বিতাৰ পথ আৰু পৰিৱেশ-বান্ধৱৰ দৰে হৈ পৰিছে।
ৰুলেনে কয়, "মুকুটা খেতি কৰি যিকোনো ব্যক্তিয়ে আৰ্থিকভাৱে স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল হব পাৰে। কিয়নো এই খেতিত সময়ৰ খুব বেছি প্ৰয়োজন নহয়। মুকুটা খেতি কৰিও আপুনি অন্য ব্যৱসায় কৰি থাকিব পাৰে। বৰ্তমান আমি অসমৰ ১৪ খন জিলাত কাম কৰিছো। আমি গঠন কৰা গোটবোৰক মুকুটা উৎপাদন কৰা সামগ্ৰীখিনি আমি যোগান ধৰি আহিছো আৰু আমি উচিত মূল্য দি তেওঁলোকৰ পৰা মুকুটা ক্ৰয় কৰি আহিছো। তাৰ পিছত সেইবোৰ বজাৰত বিক্ৰী কৰোঁ। সম্প্ৰতি আমি অসমৰ বিভিন্ন বজাৰৰ লগতে বিদেশ ক্ৰমে ডুবাই আৰু ভূটানত আমাৰ খেতিয়কে উৎপাদন কৰা মুকুটা যোগান ধৰাৰ পৰিকল্পনা কৰিছো।"