জুবিনৰ মৃত্যুৰ ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী অসমবাসীৰ ওচৰত দায়বদ্ধ; ন্যায়িক আয়োগ গঠন

Story by  atv | Posted by  Munni Begum • 1 h ago
 জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন কৰা হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই এই আয়োগৰ নেতৃত্ব দিব বুলি তেওঁ ফেচবুক লাইভযোগে প্ৰকাশ কৰে।
 
তেওঁ লগতে কয়, "কাইলৈ ​​আমি আয়োগ গঠন কৰিম। অয়োগ গঠন হোৱাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত যিকোনো তথ্য বা ভিডিঅ' থকা সকলোলোকে আগবাঢ়ি আহি আয়োগৰ সন্মুখত দাখিল কৰিব পাৰিব।"
 
 
উল্লেখযোগ্য যে, অলপতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়াধীশলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। আৰু আজি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে ন্যায়িক আয়োগ গঠনৰ অনুমতি প্ৰদান কৰি ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক আয়োগৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰে।    
 
আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্তিম সময়ত তেওঁৰ সৈতে থকা অসমীয়া ব্যক্তিসকলক কঠোৰ সকীয়নি প্ৰদান কৰি চলি থকা তদন্তত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। 
 
 
তেওঁ ফেচবুক লাইভৰ সময়ত কয়, "জুবিনৰ শেষ মুহূৰ্তত তেওঁৰ লগত থকা সেইসকল অসমীয়া ব্যক্তি ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ তেওঁলোকৰ আগমনৰ বাবে আমি এতিয়া অপেক্ষা কৰি আছো, যাতে তেওঁলোকে তদন্তত সহায় কৰিব পাৰে। যদি তেওঁলোকে সহযোগ নকৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।" 
 
তেওঁ শিল্পী জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ একাংশ লোকক সমালোচনা কৰি কয় যে, "মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে জুবিন গাৰ্গক ন্যায় পোৱাটো নিশ্চিত কৰিম। কিয়নো অসমবাসীৰ দৰে মইয়ো জুবিন গাৰ্গৰ এগৰাকী অন্যতম অনুৰাগী। কিন্তু একাংশ লোকে জুবিনৰ মৃত্যুক লৈ সুবিধা গ্ৰহণ কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে চেষ্টা কৰি আছে। কিছুমানে জুবিনৰ নাম লৈ বেদখল উচ্ছেদ কৰাৰ অভিযানক বন্ধ কৰাৰো প্ৰয়াস কৰি আছে। কিন্তু মই এইটো হবলৈ নিদিও। কাৰণ মই জুবিনক ন্যায় দিয়াৰ লগতে সদায়ে অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ।"  
 
তেওঁ লগতে কয় যে, বৰ্তমান একাংশ সুবিধাবাদী লোকে অসম আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ অপ্ৰাণ চেষ্টা চলায় আছে। কিন্তু মই অসমবাসী ৰাইজ আৰু জুবিনৰ অনুৰাগীক জনাব বিচাৰো যে, আৰক্ষীৰ তদন্ত সঠিক দিশতে চলি আছে। এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা চাৰিজন লোক সকলোকে ১৪ দিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে, যিটো অসমৰ শেহতীয়া ইতিহাসতো প্ৰথম, যি প্ৰায় শুনা নাযায়।    
 
আনহাতে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰা জুবিন গাৰ্গৰ মোবাইল ফোনকে ধৰি কেতবোৰ সামগ্ৰী চিনাক্তকৰণৰ বাবে শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয়। 
 
আদালতত হাজিৰ হোৱাৰ পিছত আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আদালতৰ মজিয়াত গৰিমাই প্ৰয়াত স্বামী জুবিনৰ সা-সামগ্ৰীখিনি চিনাক্ত কৰে। উল্লেখ্য যে, বিশেষ তদন্তকাৰী গোটে এক অক্টোবৰত হাৰিয়ানাৰ পৰা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি জুবিন গাৰ্গৰ মোবাইল ফোন, টেবলেট আৰু কেতবোৰ নথি-পত্ৰ জব্দ কৰিছিল। 
 
চৰকাৰী অধিবক্তাৰ তথ্য মতে, গৰিমা শইকীয়া গাৰ্গে আজি আদালতত কোনো জবানবন্দী বা ভাষ্য লিপিবদ্ধ কৰা নাই। কেৱল জুবিনৰ সা-সামগ্ৰীসমূহ চিনাক্তকৰণৰ বাবেহে তেওঁ আদালতত উপস্থিত হয়। 
 
উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় জুবিন গাৰ্গৰ। উত্তৰ-পূব ভাৰত মহোৎসৱৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁ দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনলৈ গৈছিল।