পিতৃ-মাতৃৰ সোঁৱৰণত দৰিদ্ৰ লোকক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান ডাঃ ৰুবুল আহমেদৰ

Story by  Ariful Islam | Posted by  Nikunja Nath • 2 h ago
ডাঃ ৰুবুল আহমেদ
ডাঃ ৰুবুল আহমেদ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
যিসময়ত চিকিৎসকে ৰোগীৰ চিকিৎসাৰ মাছুলৰ নামত সহস্ৰাধিক ধন আদায় কৰি আহিছে, যিসময়ত ঔষধৰ আকাশলঙ্ঘী মূল্যৰ বাবে সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে, সেই সময়তে এগৰাকী চিকিৎসকে দেখুৱাইছে মহানুভৱতা। বিগত দুই বছৰৰ পৰা নিজৰ মৃত পিতৃ-মাতৃৰ স্মৃতিত আগবঢ়াই আহিছে বিনামূলীয়া স্বাস্থ্য সেৱা। তেওঁ হৈছে বঙাইগাঁওৰ ডাঃ ৰুবুল আহমেদ। ডাঃ ৰুবুল আহমেদ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী চিকিৎসক। 
 
সৰুতে ডাঃ ৰুবুল আহমেদে স্কুলত "জীৱনৰ লক্ষ্য" (Aim in life)ৰ ওপৰত লিখা ৰচনাখনৰ প্ৰতিটো শব্দ আজি তেওঁৰ জীৱনত বাস্তৱত পৰিণত হৈছে। হাইস্কুলত পঢ়ি থকা অৱস্থাত ডাঃ ৰুবুল আহমেদে জীৱনৰ লক্ষ্যৰ ওপৰত ৰচনা লিখা কথাটো উল্লেখ কৰি কয়; "হাইস্কুলত মই জীৱনৰ লক্ষ্যৰ ওপৰত ৰচনা লিখোঁতে মই সদায়ে এগৰাকী চিকিৎসক হ'ম বুলিয়েই লিখিছিলো। চিকিৎসা সেৱাৰ লগতে মানৱ সেৱা কৰি যোৱাৰ কথাও মই ৰচনাখনত উল্লেখ কৰিছিলো। দুখীয়া ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা, নিজৰ কৰ্মৰ জৰিয়তে মানুহক সহায় কৰা আদি কথাবোৰ লিখা মোৰ এতিয়াও মনত পৰে। মোৰ মাতৃয়েও মোক এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছিল। গতিকে আজি মই এনে কামবোৰ কৰি আত্মসন্তুষ্টি লাভ কৰোঁ আৰু আবেগিক হৈ পৰো।" 
 
ৰোগীৰ সৈতে ডাঃ ৰুবুল আহমেদ
 
সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে ডাঃ ৰুবুল আহমেদে নিজৰ চাকৰিৰ দায়িত্ব সামৰি বঙাইগাঁওৰ ধনতোলা বজাৰত অৱস্থিত আছাম মেডিচিন চেণ্টাৰ নামৰ ব্যক্তিগত ফাৰ্মাচীখনত ৰোগীসকলক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। তেওঁৰ এই মহান কামত উৎসাহ তথা সহযোগিতা আগবঢ়াইছে 'দৃষ্টি' নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে। প্ৰতিটো স্বাস্থ্য শিবিৰত প্ৰায় ৫০ ৰ পৰা ৮০ জন পুৰুষ তথা মহিলা উভয় ৰোগীয়ে ডাঃ ৰুবুল আহমেদৰ পৰা বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰি আহিছে। তাৰোপৰি মাজগাঁওত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপত ক্লিনিক এখনত তেওঁ দৈনিক ১৫-২০ জনকৈ ৰোগীক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই। তাত কেৱল চিকিৎসকৰ মাচুল নোলোৱাই নহয়, যিকোনো পৰীক্ষাত ২০ শতাংশ আৰু ঔষধত ১০ শতাংশ ৰেহাই দিয়া হয়। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ডাঃ ৰুবুল আহমেদে কয়; "মই বঙাইগাঁওৰ সত্ৰ অঞ্চলত ডাঙৰ দীঘল হৈছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ফলতে এই অতি ভিতৰুৱা অঞ্চলটোৰ পৰা মই চিকিৎসক হ'বলৈ সক্ষম হৈছো। বঙাইগাঁওৰ ধনতোলা অঞ্চলটোৰ অধিকাংশ মানুহেই দুখীয়া। এতিয়া মই যিহেতু সকলো মানুহকে টকা-পইচাৰে সহায় কৰিব নোৱাৰো, আৰু তেনে কৰাৰ সক্ষমতাও মোৰ নাই। গতিকে মই মোৰ বৃত্তিটোৰে তেওঁলোকক সহায় কৰিব বিচাৰিছোঁ। যাতে, তেওঁলোকে বিনামূলীয়াকৈ উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে। মই মোৰ মৃত পিতৃ-মাতৃৰ নামত উৎসৰ্গা কৰি এই সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই জীয়াই থকালৈকে এই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই যাম।"  
 
বিনামূলীয়া স্বাস্থ্য শিবিৰলৈ অহা লোক
 
ডাঃ ৰুবুল আহমেদে শিশু অৱস্থাতে তেওঁ তেওঁৰ পিতৃক হেৰুৱাইছিল। ৰুবুলৰ মাতৃয়ে বহু কষ্ট কৰি তেওঁক পঢ়ুৱাইছিল। শেহতীয়াকৈ ডাঃ ৰুবুল আহমেদৰ মাতৃৰো মৃত্যু হৈছে। ডাঃ ৰুবুল আহমেদ এটা বহু পিছপৰা অঞ্চলৰ বাসিন্দা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়লৈ ৰুবুল আহমেদৰ ঘৰত বিজুলীৰ কোনো ধৰনৰ সুবিধা নাছিল। সৰুৰে পৰা বহু কষ্টৰ মাজেৰে পঢ়া-শুনা কৰা ৰুবুল আহমেদে সেই অঞ্চলৰ সাধাৰণ ৰাইজৰ দুখ-কষ্ট ভালদৰে বুজি পাই, সেয়েহে এনে মহান পদক্ষেপৰ বাবে আগবাঢ়ি আহিছে ডাঃ ৰুবুল আহমেদ। 
 
"২০১৪ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হৈয়ে মই নেমকেয়াৰ হস্পিতালত ছিফ ইমাৰজেঞ্চি মেডিকেল অফিচাৰ হিচাপে কাম কৰিছিলোঁ। তাৰপিছত মই এন এইচ এমৰ অধীনত ধুবুৰী জিলাৰ এখন ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত আছিলোঁ। ২০২১ চনৰ জানুৱাৰী মাহত মই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যোগদান কৰিলোঁ আৰু তেতিয়াৰ পৰা বৰ্তমানলৈ মই এই চিকিৎসালয়তে কৰ্মৰত হৈ আছো", ডাঃ ৰুবুল আহমেদে কয়।
 

“আমি যদি জীৱনৰ প্ৰতিটো মুহূৰ্ততে টকাৰ পিছফালে দৌৰি থাকোঁ। তেতিয়া হ'লে আমি মানুহৰ বাবে কেতিয়া কাম কৰিম? মই যি চিকিৎসা বিদ্যা শিকিছোঁ, সেই বিদ্যাৰে মানুহক মই সহায় কৰাৰ চেষ্টা কৰিছোঁ। মোৰ পৰা বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰাৰ পিছত এই অঞ্চলটোৰ সাধাৰণ লোকে যি পইচাৰে চিকিৎসক মাচুল দিয়ে, সেই পইচাৰে তেওঁলোকে দুটা ভাল ঔষধ কিনিব পাৰিব। তাৰ মাজতে যদি কোনো অতি দৰিদ্ৰ লোকে মোৰ ওচৰলৈ চিকিৎসাৰ বাবে আহে, তেন্তে তেনে লোকসকলক মই নিজৰ টকাৰে ঔষধ কিনি দিয়াৰ কথাও মই ভাবিছো", ডাঃ ৰুবুল আহমেদে কয়।  
 
লক্ষণীয় যে, ডাঃ ৰুবুল আহমেদে নিজৰ পিতৃ স্বৰ্গীয় ৰহমানুদ্দিন আহমেদ আৰু মাতৃ স্বৰ্গীয় ৰূপজান বেগমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মহান কাম হাতত লৈছে। ডাঃ ৰুবুল আহমেদৰ এই মহান প্ৰচেষ্টাৰ ফলত ধনতোলা অঞ্চলৰ বহু দুখীয়া লোক লাভম্বিত হ'ব। প্ৰায় ৭-৮ খন গাঁৱৰ অতি দৰিদ্ৰ লোকসকলৰ কথা চিন্তা কৰিয়েই এই পদক্ষেপ লোৱা বুলি ডাঃ ৰুবুল আহমেদে আৱাজ-দ্য ভইচ'ক জানিব দিয়ে। জীয়াই থকালৈ ডাঃ ৰুবুল আহমেদে এই কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ। ডাঃ ৰুবুল আহমেদৰ এই মহান কামক ধনতোলা অঞ্চলৰ স্থানীয় ৰাইজে একেমুখে শলাগ লৈছে।