ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিক আদৰণি জনাইছে ভাৰতে

Story by  atv | Posted by  [email protected] • 1 h ago
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

নতুন দিল্লী

মঙলবাৰে ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিক আদৰণি জনায়। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এই চুক্তিখনক লৈ আশা প্ৰকাশ কৰিছে আৰু আঞ্চলিক সুস্থিৰতা, শক্তি সুৰক্ষা তথা বিশ্ব বাণিজ্যৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা ব্যক্ত কৰিছে।
 
১৬ সংখ্যক ব্ৰিক্স (BRICS) ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠকত ভাষণ প্ৰসংগত ডোভালে কয়, "আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা বুজাবুজি চুক্তিক ভাৰতে আদৰণি জনাইছে। আমাৰ মনত এক সতৰ্কতাপূৰ্ণ আশা আছে আৰু আমি আশা কৰোঁ যে এই চুক্তিয়ে কাম কৰিব। ই শক্তি সুৰক্ষাত সহায় কৰিব। 'ষ্ট্ৰেইট অৱ হৰমুজ' (হৰমুজ প্ৰণালী) মুকলি হোৱাটো এক অতিকে আদৰণীয় পদক্ষেপ।"
 
বিশ্বৰ শক্তি বজাৰৰ বাবে এই চুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ডোভালে কয় যে ৱাশ্বিংটন আৰু তেহৰানৰ মাজৰ এই বুজাবুজিৰ ফলত শক্তি যোগানৰ ক্ষেত্ৰত অধিক সুস্থিৰতা আহিব পাৰে।
 
তেওঁ লগতে জোৰ দি কয় যে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথেৰে চলাচল সুগম হ’লে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু যোগান শৃংখলৰ বাধা-বিঘিনিবোৰ দূৰ হ’ব। তেওঁ কয়, "ইয়াৰ ফলত যোগান শৃংখলৰ সমস্যাবোৰ আঁতৰ হ’ব আৰু সাৰ তথা ৰাসায়নিক পদাৰ্থ আদিৰ ক্ষেত্ৰত থকা বহুবোৰ নাটনি পূৰণ হ’ব।"
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে এই অঞ্চলটোত বাধাহীন সাগৰীয় যাতায়ত নিশ্চিত কৰাৰ ব্যাপক অৰ্থনৈতিক লাভালাভৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "আৰু এই অঞ্চলটোৰ লগতে অন্যান্য দেশসমূহে লাভ কৰিবলগীয়া মুক্ত নৌ-চলাচলৰ সুবিধাই সম্ভৱতঃ আমাৰ অৰ্থনৈতিক সমৃদ্ধিও বহুখিনি বৃদ্ধি কৰিব।"
 
ইয়াৰ পূৰ্বে, যোৱা ১৫ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা শান্তি আলোচনাক আদৰণি জনাইছিল। তেওঁ মুক্ত নৌ-চলাচল নিশ্চিত কৰাৰ লগতে অঞ্চলটোত দ্ৰুত হাৰত শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ বাবে আহ্বান জনাইছিল।
 
এক্সত কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে কেনেকৈ এই সংঘৰ্ষৰ বাবে বিশ্বৰ বহু দেশত গুৰুতৰ অৰ্থনৈতিক ক্ষতি হৈছে আৰু বহু মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
 
তেওঁ কয় যে নতুন দিল্লীয়ে এটা স্থায়ী আৰু চূড়ান্ত চুক্তিত উপনীত হ’বলৈ বাকী থকা বিষয়সমূহৰ ওপৰত আলোচনা হোৱাটো বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "পশ্চিম এছিয়াত সংঘাত অন্ত পেলোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিক মই আদৰণি জনাইছোঁ, যি সংঘৰ্ষৰ বাবে সমগ্ৰ বিশ্বতে গুৰুতৰ অৰ্থনৈতিক বিপৰ্যয় ঘটিছিল আৰু বহু দেশত মানুহৰ প্ৰাণহানি হৈছিল।"
 
প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছিল, "ভাৰতে আশা কৰে যে এই বুজাবুজিৰ ৰূপায়ণে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাত সহায় কৰিব আৰু মুক্ত নৌ-চলাচল তথা বাণিজ্য নিশ্চিত কৰিব। আমি বাকী থকা বিষয়সমূহৰ ওপৰত আলোচনা কৰি এটা স্থায়ী চূড়ান্ত চুক্তিত উপনীত হোৱাৰ দিশে আগবাঢ়িবলৈ বাট চাই আছোঁ।"
 
আনহাতে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেঞ্চে চুইজাৰলেণ্ডত অনুষ্ঠিত আমেৰিকা আৰু ইৰাণৰ মাজৰ শেহতীয়া কাৰিকৰী পৰ্যায়ৰ আলোচনাক পশ্চিম এছিয়াত শত্ৰুতা সমাপ্ত কৰাৰ বাবে যুগুত কৰা ১৪ দফীয়া বুজাবুজি চুক্তিৰ অংশ বুলি বৰ্ণনা কৰিছে। তেওঁ ইয়াক "অতি ফলপ্ৰসূ ৩৬ ঘণ্টা" বুলি আখ্যা দিয়ে আৰু ইছলামিক গণৰাজ্য ইৰানৰ সাগৰীয় নিৰাপত্তা, আঞ্চলিক সুস্থিৰতা তথা পাৰমাণৱিক নিৰীক্ষণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক লৈ আশা প্ৰকাশ কৰে।