নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী-তেজপুৰ কৰিডৰৰ উন্নয়নত অনুমোদন জনাইছে। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ (অ’)ৰ অধীনত মুঠ ৮৯৭০.২০ কোটি টকাৰ মূলধনী ব্যয়েৰে বিল্ট-অপাৰেট-ট্ৰেন্সফাৰ (বি অ’ টি) টোল মোডত বিকশিত কৰা হ’ব।
এই প্ৰকল্পটোত ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় কৰি তেজপুৰ বাইপাছত এটা জৰুৰীকালীন অৱতৰণ সুবিধা (ইএলএফ) (৪.৯ কিলোমিটাৰ) নিৰ্মাণৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ দিশত থকা বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭ (পূব-পশ্চিম কৰিডৰ) ৰ ভিৰ হ্ৰাস কৰিব। এই প্ৰকল্পটোত ৫৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫টা প্ৰধান বাইপাছ নিৰ্মাণ কৰাৰ জৰিয়তে বাইহাটা চাৰিআলিৰ, ছিপাঝাৰ, খাৰুপেটিয়া, ঢেকীয়াজুলী, তেজপুৰৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা অঞ্চলসমূহত যানজঁট হ্ৰাস পাব।
ইয়াৰ উপৰিও, এই প্ৰকল্পটোত ১৫খন ডাঙৰ দলং, ৩০খন সৰু দলং, ১৯খন উৰণ সেতু, ১টা এলিফেণ্ট আণ্ডাৰ পাছ (তেজপুৰ বাইপাছ)ৰ ব্যৱস্থা আছে। প্ৰকল্পটোৰ অংশ হিচাপে ২১০ কিলোমিটাৰ ছাৰ্ভিচ ৰোডৰ সৈতে ৪৬টা আণ্ডাৰপাছ আৰু ১৯খন উৰণ সেতুও নিৰ্মাণ কৰা হ’ব। কিয়নো প্ৰকল্পটো access controlled হিচাপে বিকশিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
এই প্ৰকল্পটোৱে গড় ভ্ৰমণৰ গতি ১০০শতাংশ বৃদ্ধি কৰি ভ্ৰমণৰ সময় আধালৈ হ্ৰাস কৰাৰ লগতে সামগ্ৰিক পথ সুৰক্ষা উন্নত কৰাৰ উপৰি ইন্ধনৰ দক্ষতা বৃদ্ধি কৰিব আৰু বাহন পৰিচালনাৰ ব্যয় হ্ৰাস কৰাৰ জৰিয়তে আঞ্চলিক গতিশীলতা আৰু আৰ্থ-সামাজিক বিকাশ বৃদ্ধি পাব।
কেন্দ্ৰৰ এই অনুমোদনক আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘অসমৰ পথ আন্তঃগাঁথনি উন্নয়নত আন এক ঐতিহাসিক পদক্ষেপ। আজি কেন্দ্ৰীয় কেবিনেটে অসমৰ পথ যোগাযোগ নেটৱৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ– বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ (মঙলদৈ বাইপাছৰ ১৫.১১ কিঃমিঃ বাদ দি) ৰাষ্ট্রীয় ঘাইপথ ১৫ত ১৩৫.৮৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৪-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনাইছে। ইয়াৰ বাবে ভাৰতৰ চৰকাৰে ৮,৯৭০ কোটি টকাৰ ব্যয় কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে। আমি বিশ্বাস কৰোঁ— প্রতীক্ষিত এই বৃহৎ প্ৰকল্পই ৰাজ্যৰ যাতায়াত ব্যৱস্থা অধিক দ্ৰুত, সুৰক্ষিত আৰু আধুনিক কৰি তুলিব। অসমৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় কেবিনেটক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।’’