চাইবাৰ জালিয়াতি ৰোধত অসমত ‘ই-জিৰ’ এফআইআৰ ব্যৱস্থা আৰম্ভ

Story by  PTI | Posted by   Imtiaz Ahmed • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

চাইবাৰ জালিয়াতিৰ ঘটনাসমূহত দ্ৰুত আইনী ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে অসম চৰকাৰে মঙলবাৰে ‘ই-জিৰ’এফআইআৰ’ (e-Zero FIR) নামৰ এক নতুন ব্যৱস্থা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। এই ব্যৱস্থাৰ অধীনত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন প’ৰ্টেল (NCRP) অথবা ১৯৩০ হেল্পলাইন নম্বৰৰ জৰিয়তে দাখিল কৰা চাইবাৰ জালিয়াতিৰ অভিযোগসমূহ স্বয়ংক্ৰিয়ভাৱে এফআইআৰলৈ ৰূপান্তৰিত হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাইবাৰ অপৰাধৰ ক্ষেত্ৰত অধিকাৰক্ষেত্ৰৰ বাধা নোহোৱাকৈ আৰু সহজ পদ্ধতিত এফআইআৰ পঞ্জীয়নৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপ ৰূপায়ণ কৰা প্ৰথম কেইখনমান ৰাজ্যৰ ভিতৰত অসম অন্যতম।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, “আদৰণীয় নৰেন্দ্ৰ মোদীৰ ‘চাইবাৰ সুৰক্ষিত ভাৰত’ গঢ়াৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লক্ষ্যৰে অসমে আজি আনুষ্ঠানিকভাৱে ই-জিৰ’ এফআইআৰ ব্যৱস্থা আৰম্ভ কৰিলে। এই ব্যৱস্থাৰ জৰিয়তে NCRP অথবা ১৯৩০ নম্বৰত দাখিল কৰা চাইবাৰ আৰ্থিক অপৰাধৰ অভিযোগসমূহ স্বয়ংক্ৰিয়ভাৱে এফআইআৰত পৰিণত হ’ব।”

তেওঁ কয় যে এই ব্যৱস্থাই আৰক্ষীক অধিক দ্ৰুতভাৱে ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিব আৰু চাইবাৰ জালিয়াতিত হেৰুওৱা ধন উদ্ধাৰৰ সম্ভাৱনাও বৃদ্ধি কৰিব।

মুখ্যমন্ত্ৰীৰ মতে, ১০ লাখ টকাৰ অধিক পৰিমাণৰ চাইবাৰ আৰ্থিক অপৰাধৰ অভিযোগসমূহ স্বয়ংক্ৰিয়ভাৱে ‘জিৰ’ এফআইআৰ’ত ৰূপান্তৰিত হ’ব, যাৰ ফলত আইন প্ৰয়োগকাৰী সংস্থাসমূহে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

শৰ্মাই লগতে কয়, “আদৰণীয় অমিত শ্বাহৰ দিক্‌নিৰ্দেশনা আৰু অসম আৰক্ষীৰ প্ৰচেষ্টাৰ ফলতেই এই ব্যৱস্থা দ্ৰুতগতিত আৰম্ভ কৰা সম্ভৱ হৈছে। এতিয়া এই তৎপৰ ব্যৱস্থাৰ জৰিয়তে আপোনালোকৰ কষ্টোপাৰ্জিত ধন সহজে নষ্ট হৈ নাযায়।”

নতুন এই পদক্ষেপে ৰাজ্যত বৃদ্ধি পোৱা চাইবাৰ জালিয়াতিৰ ঘটনাসমূহৰ বিৰুদ্ধে অধিক ফলপ্ৰসূ আৰু তৎক্ষণাত আৰক্ষী ব্যৱস্থা নিশ্চিত কৰিব বুলি চৰকাৰৰ আশা।