আছা খোছা/নতুন দিল্লী
শেহতীয়াকৈ মালয়েছিয়াৰ কুৱালালামপুৰত মুছলিম ৱৰ্ল্ড লীগ (এম ডব্লিউ এল) আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে সাম্প্ৰতিক সংঘাত সমাধানত ধৰ্মীয় নেতাৰ ভূমিকা সন্দৰ্ভত 'দ্য ৰ’ল অৱ ৰিলিজিয়াছ লিডাৰ্ছ ইন ৰিজ’লভিং কনফ্লিক্টছ' শীৰ্ষক এক সন্মিলন আয়োজন কৰিছে। ধৰ্মীয় নেতাসকলে দুখন ৰাষ্ট্ৰ তত্ত্বৰ জৰিয়তে ইজৰাইল-গাজাৰ মাজৰ সংঘাত সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত পুনৰবাৰ সমগ্ৰ বিশ্বতে শান্তি অনাৰ ক্ষেত্ৰত মুছলিম ৱৰ্ল্ড লীগৰ ভূমিকাক লৈ গুৰুত্ব আৰোপ কৰা হৈছে।
ড° শ্বেইখ মহম্মদ বিন আব্দুলকাৰীম আল ইছাৰ অধীনত চলি থকা মুছলিম ৱৰ্ল্ড লীগে সন্ত্রাসবাদ, উগ্ৰবাদক নাকচ কৰা আৰু ইছলামক অন্য ধৰ্মৰ সৈতে সংযোগ কৰা এখন সমাজ গঢ়ি তোলাৰ বাবে মুছলমান বিশ্বৰ বাবে ৩০ দফীয়া মক্কা চনদ অনুসৰণ কৰি আহিছে। এই চনদখন মধ্যপন্থী ইছলামৰ প্ৰচাৰৰ এক দিশ নিৰ্দেশক হৈ পৰিছে, য’ত অনুগামীসকলে অন্য ধৰ্মৰ লোকৰ সৈতে শান্তিপূৰ্ণভাৱে সহ-অৱস্থান কৰিব পাৰে।
মক্কাত অ’আইচি দেশসমূহৰ বৈঠকৰ এক ছবি, যিয়ে মক্কাৰ চনদক স্বীকৃতি দিছিল
২০১৯ চনৰ ২৮ মে’ত ইছলামৰ পবিত্ৰ চহৰ মক্কাত বিশ্বৰ আগশাৰীৰ মুছলমান পণ্ডিতসকলে মক্কাৰ চনদখনক সমৰ্থন কৰিছিল। যদিও কিছুমান মুছলমান চিন্তাবিদে ইয়াৰ বিৰোধিতাও কৰিছিল। কিয়নো তেওঁলোকৰ মতে ই পশ্চিমীয়া আৰ্হিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, তথাপিও বিশ্বক ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যক গ্ৰহণ কৰা মুছলমান দৃষ্টিভংগী আগবঢ়োৱাৰ বাবে ইতিমধ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই চনদখন প্ৰদৰ্শন কৰা হৈছে।
১২০০ মুফতী আৰু পণ্ডিত আৰু ৪৫০০ৰো অধিক ইছলামিক চিন্তাবিদৰ স্বাক্ষৰিত এই চনদখন ইছলামিক দেশসমূহে নাইজাৰৰ নিয়ামীত বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত গ্ৰহণ কৰিছিল। ইতিমধ্যে কেইবাখনো দেশৰ ইমামক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত এই নথিখন ৰেফাৰেন্স হৈ পৰিছে।
ছৌদি আৰবৰ ন্যায় মন্ত্ৰী আৰু চৌদি আৰবৰ শাসকসকলৰ আতি ঘনিষ্ঠ ড০ আল ইছা। আৰু সেয়েহে তেওঁ ইছলামৰ পবিত্ৰ স্থানসমূহৰ ৰক্ষক আৰু ৰাজ্যখনৰ ভাবমূৰ্তি সলনি কৰাত তেওঁৰ প্ৰভাৱ অপৰিসীম। ইছলামৰ জেহাদ, সন্ত্ৰাসবাদ আৰু আনৰ প্ৰতি ঘৃণাৰ সৈতে ইছলামৰ সম্পৰ্কৰ বিষয়ে বিশ্বত ক্ৰমাৎ বৃদ্ধি পোৱা ধাৰণাটোৰ সৈতে মোকাবিলা কৰিবলৈ মক্কাৰ চনদখন হৈছে এক অন্যতম প্ৰধান নথি।
২০১৬ চনত ড০ আল ইছাই মুছলিম ৱৰ্ল্ড লীগৰ সচিব প্ৰধান হয়। আৰু অতি সোনকালেই এই সংস্থাটোৱে উগ্ৰবাদী মতাদৰ্শৰ বিৰুদ্ধে যুঁজ দিয়া চৌদি আৰৱৰ আগশাৰীৰ সত্তা হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ অভিযানত অন্যান্য ধৰ্মৰ নেতাসকলৰ সৈতে সম্পৰ্ক গঢ়ি তোলা আৰু ইছলামৰ বিভিন্ন ধৰ্মগোষ্ঠীৰ মাজত এক ঐকমত গঢ়ি তোলা, উগ্ৰবাদ, মৌলবাদ আৰু হিংসাক প্ৰত্যাখ্যান কৰা আদি অন্তৰ্ভুক্ত হৈ আছে।
অৰ্গেনাইজেচন অৱ মুছলিম স্কোলাৰছৰ সভাপতি আল ইছাই কয় যে, এই চনদখনক অমুছলমান ধৰ্মীয় ব্যক্তিসকলেও আদৰণি জনাইছে আৰু অতিশয় মূল্যৱান বুলি অভিহিত কৰিছে। যিয়ে ইয়াক সমসাময়িক ধৰ্মীয় আৰু বৌদ্ধিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত জ্ঞানপ্ৰাপ্ত মুছলমান দৃষ্টিভংগীৰ প্ৰতিনিধিত্ব বুলি অভিহিত কৰা হৈছে।
মক্কাত অ’আইচি দেশসমূহৰ বৈঠক যিয়ে মক্কাৰ চনদক স্বীকৃতি দিছিল
মক্কাৰ চনদখনৰ আৰম্ভণিতে বহু মুছলমানৰ মাজত নিজৰ ধৰ্মৰ শ্ৰেষ্ঠত্বৰ বিষয়ে অনুভূত ধাৰণাটোৰ বিপৰীতে মানুহৰ সমতাৰ নীতিৰে আৰম্ভ কৰা হৈছে। ইয়াত কোৱা হৈছে যে, সকলো মানুহ নিজৰ জাতি, বৰ্ণ আৰু ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে ঈশ্বৰৰ অধীনত সমান আৰু আমি ধৰ্মীয় আৰু জাতিগত পছন্দৰ দাবী নাকচ কৰো। বিশ্বাসৰ বৈচিত্ৰ্যক উদযাপন কৰি ইয়াত উল্লেখ কৰা হৈছে যে, মানুহৰ মাজত তেওঁলোকৰ বিশ্বাস, সংস্কৃতি আৰু প্ৰকৃতিৰ পাৰ্থক্য ঈশ্বৰৰ ইচ্ছা আৰু প্ৰজ্ঞাৰ অংশ।
ধৰ্মৰ নামত হোৱা সংঘাতৰ সন্দৰ্ভত চনদত কোৱা হৈছে যে, ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যই কেতিয়াও সংঘাতক ন্যায্যতা প্ৰদান নকৰে। মানৱজাতিক ইতিবাচক, সভ্য অংশীদাৰিত্ব আৰু ফলপ্ৰসূ পাৰস্পৰিক ক্ৰিয়াৰ প্ৰয়োজন। বৈচিত্ৰ্যই সকলো মানৱতাৰ সুবিধাৰ বাবে আলোচনা, বুজাবুজি, সহযোগিতাৰ সেতু হ’ব লাগিব।
প্ৰতিনিধিত্বমূলক ছবি
এই চনদখনে এই নীতি মানি লৈছে যে, ঈশ্বৰে নিজকে সকলো মানৱজাতিৰ আগত প্ৰকাশ কৰিছিল আৰু সকলো ধৰ্মীয় বিশ্বাস আৰু ইয়াৰ বিভিন্ন বাৰ্তা আৰু পদ্ধতিৰ উৎপত্তিস্থল যেতিয়া ইয়াৰ প্ৰকৃত ৰূপত পালন কৰা হয়। আমি অনুগামী বুলি দাবী কৰাসকলৰ ভুৱা ৰাজনৈতিক আচাৰ-ব্যৱহাৰেৰে কোনো ধৰ্মৰ সংজ্ঞা নিদিওঁ।
আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ওপৰত এটা কথা উল্লেখ কৰি চনদখনত কোৱা হৈছে যে
দেশসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ সাৰ্বভৌমত্বৰ স্পষ্ট উলংঘা। ইয়াৰ ভিতৰত অৰ্থনৈতিক বা অ-অৰ্থনৈতিক উপায়েৰে ৰাজনৈতিক আধিপত্যৰ অভ্যাস, সাম্প্ৰদায়িক বিশ্বাসৰ প্ৰসাৰ, স্থানীয় পৰিস্থিতি, চৰ্ত আৰু সামাজিক নীতি-নিয়মৰ প্ৰতি সন্মান নকৰাকৈ ধৰ্মীয় আদেশ (ফতোৱা) জাপি দিয়াৰ প্ৰয়াস আদি অন্তৰ্ভুক্ত। অজুহাত যিয়েই নহওক কিয়, হস্তক্ষেপ কেতিয়াও ন্যায্য হ’ব নোৱাৰে।
শিক্ষাৰ সন্দৰ্ভত চনদখনত কোৱা হৈছে যে, বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ইছলামিক সম্প্ৰদায়ৰ শিক্ষানুষ্ঠানসমূহৰ দায়িত্ব হৈছে কেন্দ্ৰীয়তাবাদ আৰু মধ্যমতাক প্ৰসাৰিত কৰা।
মুছলমানসকলৰ জাতীয়তা আৰু ধৰ্মৰ বিষয়ে হোৱা বিভ্ৰান্তিক সম্বোধন কৰি চনদখনে কয় যে, নাগৰিকে নিজৰ ৰাজ্যৰ প্ৰতি নিষ্ঠাৰে আনুগত্য প্ৰকাশ কৰিব লাগিব, যদিও ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তাও আছে। ইয়াৰদ্বাৰা নিৰাপত্তা আৰু সামাজিক শান্তি নিশ্চিত কৰিব লাগিব। ধৰ্মীয় প্ৰতীকসমূহক উপহাসৰ পৰা ৰক্ষা কৰিব লাগিব। এইবোৰে পাৰস্পৰিক প্ৰয়োজনীয়তাৰ নীতি প্ৰতিফলিত কৰে, য’ত ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুকে ধৰি সমাজৰ সকলো উপাদানৰ অধিকাৰ আছে।
মহিলাৰ অধিকাৰৰ ওপৰত মুছলমান সমাজত এটা সমস্যাজনক বিষয় চনদত কোৱা হৈছে, ধৰ্মীয়, শৈক্ষিক, ৰাজনৈতিক বা সামাজিক বিষয়তেই হওক, তেওঁলোকৰ ভূমিকাক প্ৰান্তীয়কৰণ কৰি, তেওঁলোকৰ মৰ্যাদাক অসন্মান কৰি, তেওঁলোকৰ মৰ্যাদা হ্ৰাস কৰি বা তেওঁলোকৰ সুযোগত বাধা দি নাৰীৰ সৱলীকৰণক ক্ষতিগ্ৰস্ত কৰা উচিত নহয়। তেওঁলোকৰ অধিকাৰৰ ভিতৰত মজুৰি আৰু সুযোগৰ সমতা অন্তৰ্ভুক্ত।
যুৱক-যুৱতীসকলৰ ওপৰত চনদত কোৱা হৈছে, আমি মুছলমান যুৱক-যুৱতীসকলৰ পৰিচয় বৃদ্ধি কৰিব লাগিব, ইয়াৰ পাঁচটা স্তম্ভ ধৰ্ম, দেশ, সংস্কৃতি, ইতিহাস আৰু ভাষাৰ সৈতে আৰু ইয়াক বৰ্জনৰ পৰা ৰক্ষা কৰিব লাগিব। আমি যুৱক-যুৱতীসকলক সভ্যতাৰ সংঘৰ্ষৰ ধাৰণাবোৰৰ পৰা ৰক্ষা কৰিব লাগিব আৰু বৌদ্ধিকভাৱে আমি মতানৈক্য থকাসকলৰ বিৰুদ্ধে সংগঠিত হোৱাৰ প্ৰচেষ্টাক বাধা দিব লাগিব। আমি যুৱক-যুৱতীসকলৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰি আৰু সহনশীলতা, শান্তি আৰু সুসম সহাৱস্থানৰ ইছলামিক মূল্যবোধ অনুসৰি পথ প্ৰদৰ্শন কৰি উগ্ৰপন্থী, হিংসা বা সন্ত্ৰাসবাদৰ লগতে বৌদ্ধিক উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিব লাগিব। এই মূল্যবোধসমূহে আনজনৰ বিষয়ে বুজা আৰু আনজনৰ মৰ্যাদা আৰু অধিকাৰ সংৰক্ষণ আৰু এজনে বাস কৰা জাতীয় আইনসমূহ পালন কৰাৰ শিক্ষা দিয়ে।
এই চনদখনে ঐক্য, ধৰ্মীয় সহনশীলতা, মহিলা সবলীকৰণক প্ৰসাৰিত কৰে আৰু উগ্ৰবাদ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়ে, বিশ্ব সম্প্ৰদায়ৰ বাবে ইছলামৰ মধ্যপন্থী আৰু অন্তৰ্ভুক্ত নীতিসমূহ উল্লেখ কৰে।