নতুন দিল্লী
সোমবাৰে পুৱা মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্ৰীবাহী বাছে ডিজেল টেংকাৰৰ সৈতে খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত হায়দৰাবাদৰ পৰা যোৱা কমেও ৪২ জন উমৰা হজযাত্ৰীৰ মৃত্যুৰ হোৱাৰ আশংকা কৰা হৈছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, মুফ্ৰিহাট নামেৰে চিনাক্ত কৰা অঞ্চলত ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।
এক প্ৰতিবেদনৰ মতে, বাছখনত মুঠ ৪৩ গৰাকী যাত্ৰী আছিল, আৰু ইয়াৰ ভিতৰত মাত্ৰ এজন লোকৰহে প্ৰাণ ৰক্ষা পৰিছে। অকলশৰীয়া জীৱিত ব্যক্তিজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
সূত্ৰই জনোৱা মতে, হায়দৰাবাদৰ পৰা যোৱা লোকসকলৰ গোটটোত মহিলা আৰু শিশুও আছিল। প্ৰাথমিক তথ্য অনুসৰি, ৪৩ গৰাকী যাত্ৰীৰ ভিতৰত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টিয়ে শিশু আছিল।
হজযাত্ৰীসকলে মক্কাত উমৰাহ ৰীতি-নীতি সম্পূৰ্ণ কৰি মদীনালৈ গৈ থকা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাৰ সময়ত ইয়াৰে বহুতেই শুই থকা বুলি জানিব পৰা গৈছে।
স্থানীয় সূত্ৰই জনোৱা অনুসৰি, ৪২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, যদিও বিষয়াসকলে এতিয়াও হতাহতৰ সঠিক সংখ্যা পৰীক্ষা কৰি আছে আৰু জীৱিতসকলৰ অৱস্থাৰ মূল্যায়ন কৰি আছে। বৰ্তমান জৰুৰীকালীন দলসমূহে পুনৰুদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে, আৰু অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই, যদিও হজ আৰু উমৰা মন্ত্ৰালয় আৰু ট্ৰেভেল এজেন্সী দুয়োটাই এই দুৰ্ঘটনা নিশ্চিত কৰিছে।