আৱাজ দ্য ভইচ / নতুন দিল্লী
মাদ্ৰাছাৰ শিক্ষাক কেনেকৈ আধুনিক আৰু প্ৰাসংগিক কৰি তুলিব পাৰি, সেই সম্পৰ্কে ভাৰতীয় শিক্ষা ব্যৱস্থাত অহৰহ আলোচনা চলি আহিছে যাতে তাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও মূলসুঁতিৰ শৈক্ষিক আৰু পেছাদাৰী প্ৰতিযোগিতাৰ সমকক্ষত থিয় দিব পাৰে। চৰকাৰে মাদ্ৰাছাসমূহৰ পঞ্জীয়ন আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়তে শিক্ষানুষ্ঠানসমূহেও শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে।
এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ে (MANUU)। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে আৰম্ভ কৰিছে ‘মাদ্ৰাছা কানেক্ট প্ৰগ্ৰেম’। ইয়াৰ উদ্দেশ্য কেৱল উৰ্দু মাধ্যমৰ জৰিয়তে অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক মূলসুঁতিৰ সৈতে সংযোগ কৰাই নহয়, তেওঁলোকৰ ইংৰাজী ভাষা আৰু যোগাযোগ দক্ষতাও শক্তিশালী কৰা।
এই পদক্ষেপে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে যিসকল এতিয়ালৈকে কেৱল পৰম্পৰাগত পাঠ্যক্ৰমত সীমাবদ্ধ আছিল। কাৰ্যসূচী উদ্বোধন কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক চৈয়দ আইনুল হাছানে কয় যে এই পদক্ষেপ বিশ্ববিদ্যালয়খনৰ "পিছপৰাসকলক স্পৰ্শ কৰা" দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত। মূলসুঁতিৰ পৰা বিচ্ছিন্ন হৈ থকা শিক্ষাৰ্থীসকলৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ বিশ্ববিদ্যালয়খনে এতিয়াও অহৰহ চেষ্টা চলাই আছে বুলিও অধ্যাপক চৈয়দ আইনুল হাছানে উল্লেখ কৰে।
এই অনুসৰি বিশ্ববিদ্যালয়খনে এটা নতুন মাল্টিমিডিয়া চেণ্টাৰো স্থাপন কৰিছে, যিয়ে অনলাইন প্লেটফৰ্মৰ জৰিয়তে শিক্ষা সম্প্ৰসাৰণত সহায় কৰিব। উপাচাৰ্যগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই কাৰ্যসূচী কেৱল ভাষিক প্ৰশিক্ষণতে সীমাবদ্ধ নাথাকিব, বৰঞ্চ উচ্চ শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰিব।
মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত ভাষণ দিছে উপাচাৰ্য অধ্যাপক চৈয়দ আইনুল হাছানে
তেওঁ কয় যে আজি MANUU ৰ বহু প্ৰাক্তন ছাত্ৰই বিভিন্ন দেশত সেৱা আগবঢ়াই আছে আৰু এই পদক্ষেপে আগন্তুক সময়ত অধিক ছাত্ৰ-ছাত্ৰীক বিশ্বব্যাপী সুযোগত উপনীত হোৱাত সহায় কৰিব। এই উপলক্ষে কাৰ্যসূচীৰ মুখ্য অতিথি শ্বাহীন গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সঞ্চালক ড০ আব্দুল কাদিৰে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে এই কাৰ্যসূচী উৰ্দু মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক নতুন পোহৰতকৈ কম নহয়।
তেওঁ পৰামৰ্শ দিয়ে যে MANUU আৰু Shaheen Group-এ যৌথভাৱে ইংৰাজী শিক্ষকৰ বাবে আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিব লাগে যাতে শিশুৱে প্ৰশিক্ষিত আৰু দক্ষ শিক্ষকৰ পৰা পঢ়াৰ সুবিধা লাভ কৰিব পাৰে। ড০ কাদিৰে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কেৱল তথ্য দিয়াই নহয়, ছাত্ৰ-ছাত্ৰীক আত্মবিশ্বাসী কৰি তোলা। আজিৰ যুগত ইংৰাজী ভাষা উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপন দুয়োটাৰে বাবে অতি গুৰুত্বপূৰ্ণ, আৰু যদি মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত পাকৈত হয়, তেন্তে তেওঁলোকৰ ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি হ’ব পাৰে।
বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ইষ্টিয়াক আহমেদে ড০ কাদিৰৰ শৈক্ষিক প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে শ্বাহীন গ্ৰুপে শ্ৰেণীকোঠাৰ পৰা হোষ্টেললৈকে আধুনিক শৈক্ষিক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে, যাৰ ফলত পিছপৰা শ্ৰেণী প্ৰত্যক্ষভাৱে উপকৃত হৈছে। তেওঁ আস্থা প্ৰকাশ কৰে যে এই অংশীদাৰিত্বই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃত পৰিৱৰ্তন আনিব।
কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰি চেণ্টাৰ ফৰ ডিষ্টেন্স এণ্ড অনলাইন এডুকেচনৰ সঞ্চালক অধ্যাপক মহম্মদ ৰাজাউল্লাহ খানে কয় যে মাদ্ৰাছা কানেক্ট কাৰ্যসূচীক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে। প্ৰথম পৰ্যায় এমাহ, দ্বিতীয় পৰ্যায় দুমাহ আৰু তৃতীয় পৰ্যায় তিনি মাহৰ হ’ব। সমগ্ৰ কাৰ্যসূচীৰ সময়সীমা ছমাহ হ’ব আৰু ইয়াত ভাষা আৰু যোগাযোগ দক্ষতাৰ বিভিন্ন মাত্ৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। তেওঁ অৱগত কৰে যে প্ৰথম অৱস্থাত এই আঁচনিৰ সৈতে ১০০খন মাদ্ৰাছা সংযোগ কৰা হ’ব আৰু ক্ৰমান্বয়ে সমগ্ৰ দেশৰ হাজাৰ হাজাৰ মাদ্ৰাছালৈ ইয়াক সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লোৱা হৈছে।
ইয়াৰ বাবে MANUU-এ নিজৰ আঞ্চলিক কেন্দ্ৰসমূহ ব্যৱহাৰ কৰিব। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ভাষা, ভাষাবিজ্ঞান আৰু ইণ্ড’লজী অনুষদৰ ডীন অধ্যাপক গুলফিছান হাবিবে কয় যে আজি উচ্চ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ইংৰাজী যোগাযোগ দক্ষতা অতি গুৰুত্বপূৰ্ণ। ইংৰাজী কেৱল এক ভাষা নহয়, ই সুযোগৰো মাধ্যম। এই কাৰ্যসূচীয়ে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক উন্নত সুযোগ প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাত আগবাঢ়ি যাব পাৰিব বুলিও কয়।
অনুষ্ঠানৰ সময়ত "ইংলিছ ফৰ বিগিনাৰ্ছ" (English for Beginners) নামৰ এখন কৰ্মপুথিও মুকলি কৰা হয়, যিখন প্ৰস্তুত কৰিছে অধ্যাপক মহম্মদ আব্দুল ছামি ছিদ্দিকী আৰু ইছমত ফাতিমাই। এই গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী শিকাৰ বাবে মৌলিক তথ্য আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিব।এই কাৰ্যসূচী চিপিডিইউএমটিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল। ইয়াত বিশ্ববিদ্যালয়খনৰ বহু অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰে। অনুষ্ঠানটো পৰিচালনা কৰে ড° শ্বেখ ৱাছিমে।
‘মাদ্ৰাছা সংযোগ কাৰ্যসূচী’ কেৱল মাদ্ৰাছাতে সীমাবদ্ধ নহয়, ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। এই পদক্ষেপে দেখুৱাইছে যে পৰম্পৰাগত শিক্ষা যদি আধুনিক পদ্ধতিৰ সৈতে সংযুক্ত হয়, তেন্তে ইয়াত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও বিশ্ব পৰ্যায়ত নিজৰ স্থান দখল কৰিব পাৰিব। আজি যেতিয়া শিক্ষাৰ পৰিসৰ অনলাইন আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিয়পি পৰিছে, তেতিয়া এই পদক্ষেপে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। এই কাৰ্যসূচীয়ে তেওঁলোকক ভাষিক দক্ষতা প্ৰদান কৰাই নহয়, আত্মবিশ্বাস, ব্যক্তিত্ব আৰু কেৰিয়াৰ গঢ়াৰ পথো মুকলি কৰিব।