মালিক আছঘৰ হাচমী / নতুন দিল্লী
দানশীলতাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান আজিম প্ৰেমজী ফাউণ্ডেচনে পুনৰবাৰ মহানুভৱতা প্ৰদৰ্শন কৰিছে। ব্যক্তিগত বা চৰকাৰী কলেজত পঢ়ি থকা ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আজিম প্ৰেমজী ফাউণ্ডেচনে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই অনুসৰি, প্ৰতিষ্ঠানটোৱে প্ৰায় তিনি লাখ ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
আপুনি যদি এগৰাকী ছাত্ৰী আৰু দক্ষতাৰে পঢ়া-শুনা আগবঢ়াই নিব বিচাৰে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি উপকাৰী। আজিম প্ৰেমজী ফাউণ্ডেচনে ভাৰতত শিক্ষাৰ গুণগত মান আৰু সমতাপূৰ্ণ সুবিধা উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আজিম প্ৰেমজী বৃত্তিৰ পদক্ষেপ এই প্ৰতিশ্ৰুতি পূৰণৰ দিশত আন এক পদক্ষেপ।
আজিম প্ৰেমজী বৃত্তি পদক্ষেপে অভাৱগ্ৰস্ত ছাত্ৰীসকলক কলেজীয়া শিক্ষা গ্ৰহণ কৰাত সহায় কৰে। তেওঁলোকৰ বৃত্তিৰ অধীনত কলেজীয়া শিক্ষাৰ সহায়ৰ বাবে বাৰ্ষিক ৩০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হয়। স্নাতক প্ৰথম বৰ্ষৰ পৰা ডিগ্ৰী বা ডিপ্লমা সম্পূৰ্ণ নকৰালৈকে ছাত্ৰীক এই বৃত্তি প্ৰদান কৰা হ’ব।
চৰকাৰী বিদ্যালয়ৰ পৰা স্নাতক হোৱা ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে আজিম প্ৰেমজী ফাউণ্ডেচনে ঘোষণা কৰিছে ‘আজিম প্ৰেমজী বৃত্তি ২০২৫’। এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰায় ২.৫ লাখ ছাত্ৰীক উপকৃত কৰা। শিক্ষা খণ্ডত সমতা বৃদ্ধিৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই বৃত্তিৰ প্ৰধান উদ্দেশ্য হৈছে অৰ্থনৈতিকভাৱে বঞ্চিত পটভূমিৰ পৰা অহা আৰু উচ্চ শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰা পৰিয়ালৰ ছোৱালীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা। এই আঁচনিখনে ছাত্ৰীসকলক শিক্ষা অব্যাহত ৰখাত সহায় কৰাই নহয়, তেওঁলোকক এনে কেৰিয়াৰ গঢ়িবলৈ সুযোগ প্ৰদান কৰিব যিয়ে তেওঁলোকক আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম কৰিব। যিসকল ছোৱালীয়ে শিক্ষা অব্যাহত ৰাখিব বিচাৰে, কিন্তু আৰ্থিক অভাৱৰ বাবে সেয়া কৰিব নোৱাৰে, তেওঁলোকৰ বাবে এই বৃত্তিটোৱে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।
এই বৃত্তিৰ অধীনত নিৰ্বাচিত ছাত্ৰীসকলে প্ৰতি বছৰে ৩০,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। এই ধনৰাশি ১৫,০০০ টকাকৈ দুটা কিস্তিত প্ৰদান কৰা হ’ব। এই সহায় স্নাতক ডিগ্ৰী বা ডিপ্লমা কাৰ্যসূচীৰ সমগ্ৰ সময়ছোৱাত (২ৰ পৰা ৫ বছৰৰ ভিতৰত) চলি থাকিব, যদিহে ছাত্ৰীগৰাকীয়ে বিনা বাধাই পঢ়া-শুনা অব্যাহত ৰাখে। এই আৰ্থিক সাহায্যই ছাত্ৰীসকলক এক উল্লেখযোগ্য সহায় আগবঢ়াব, যাৰ ফলত তেওঁলোকে পঢ়া-শুনাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব।
আজিম প্ৰেমজী বৃত্তি ২০২৫ৰ বাবে আৱেদন কৰিবলৈ হ’লে ছাত্ৰীসকলে কিছুমান গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।
শিক্ষাগত অৰ্হতাঃ ছাত্ৰীসকলে স্থানীয় চৰকাৰী বিদ্যালয়ৰ পৰা নিয়মীয়া শিক্ষাৰ্থী হিচাপে দশম আৰু দ্বাদশ দুয়োটা শ্ৰেণী সম্পূৰ্ণ কৰিব লাগিব।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলঃ আৱেদনকাৰীসকল তলত উল্লেখ কৰা ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত হ’ব লাগিব: অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, পুডুচেৰী, ৰাজস্থান, ছিকিম, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড।
বৰ্তমান শিক্ষাৰ অৱস্থাঃ আবেদনৰ সময়ত ছাত্ৰীসকলে ভাৰতৰ যিকোনো চৰকাৰী প্ৰতিষ্ঠান বা কোনো সুনামধন্য স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত স্বীকৃতিপ্ৰাপ্ত স্নাতক ডিগ্ৰী বা ডিপ্লমা (২ৰ পৰা ৫ বছৰ)ৰ প্ৰথম বৰ্ষত (২০২৫-২৬ শৈক্ষিক অধিবেশন) নিয়মীয়া ছাত্ৰ হিচাপে নামভৰ্তি লাভ কৰিব লাগিব।
নামভৰ্তি বছৰঃ এই বৃত্তি কেৱল সেইসকল মহিলা ছাত্ৰ-ছাত্ৰীৰ বাবেহে যিসকলে ২০২৫-২৬ চনৰ শৈক্ষিক অধিবেশনত স্নাতক বা ডিপ্লমা প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে। যদি আপুনি দ্বিতীয়, তৃতীয়, চতুৰ্থ বা পঞ্চম বৰ্ষত অধ্যয়ন কৰে তেন্তে এই বৃত্তিৰ বাবে আপুনি যোগ্য নহয়।
শিক্ষাৰ প্ৰকাৰঃ দূৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে এই বৃত্তিৰ বাবে আবেদন কৰিবলৈ যোগ্য নহয়। ই কেৱল নিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে। মন কৰিবলগীয়া যে এই বৃত্তিটো যোগ্যতাৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা নহয়, বৰঞ্চ কেৱল ওপৰৰ সকলোবোৰ মাপকাঠী পূৰণ কৰা যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবেহে প্ৰদান কৰা হয়। এই বৃত্তিৰ বয়সৰ কোনো সীমা নাই।
আজিম প্ৰেমজী বৃত্তিৰ আৱেদন আৰু প্ৰদানৰ ক্ষেত্ৰত চাৰিটা পৰ্যায়ৰ গাঁথনিগত প্ৰক্ৰিয়া অনুসৰণ কৰা হয়।
অনলাইন আবেদনঃ প্ৰাৰ্থীয়ে অফিচিয়েল পৰ্টেলৰ জৰিয়তে অনলাইনযোগে প্ৰ-পত্ৰ জমা দিব লাগিব।
যোগ্যতা পৰীক্ষণঃ দাখিল কৰাৰ পিছত যোগ্যতাৰ মাপকাঠীৰ ভিত্তিত আবেদনসমূহ পৰ্যালোচনা কৰা হ’ব।
ধনৰাশি প্ৰদানঃ পৰীক্ষণৰ পিছত বৃত্তিৰ ধনৰাশি যোগ্য ছাত্ৰীসকলক ১৫,০০০ৰ দুটা কিস্তিত প্ৰদান কৰা হ’ব।
নবীকৰণঃ পৰৱৰ্তী বছৰবোৰত বৃত্তি লাভ কৰি থাকিবলৈ ছাত্ৰ-ছাত্ৰীসকলে সময়মতে নবীকৰণৰ বাবে আবেদন কৰিব লাগিব।
উল্লেখ্য যে, আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আবেদনকাৰীয়ে কিছুমান প্ৰয়োজনীয় নথি-পত্ৰ অনলাইনযোগে জমা দিব লাগিব। এই নথি-পত্ৰসমূহ ৱেবছাইটৰ জৰিয়তে জমা দিব লাগিব, আৰু এই প্ৰক্ৰিয়াৰ বাবে কোনো মাচুল নাই।
পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ: ২x২ ইঞ্চিৰ ৰঙীন ফটোগ্ৰাফৰ স্কেন কৰা কপি প্ৰয়োজন হ'ব। ই ৬ মাহতকৈ পুৰণি হ'ব নালাগে আৰু ফটোত আবেদনকাৰীৰ মুখখন স্পষ্টকৈ দেখা যাব লাগিব। চেলফি, সম্পাদিত বা ফিল্টাৰ কৰা ফটো, ইমোজি, বা আন কাৰোবাৰ সৈতে তোলা ফটো গ্ৰহণযোগ্য নহয়।
স্বাক্ষৰঃ স্পষ্ট, বগা কাগজত আপোনাৰ স্বাক্ষৰৰ ফটো বা স্কেন কৰা কপি প্ৰয়োজন হ'ব।
আধাৰ কাৰ্ডঃ আপোনাৰ আধাৰ কাৰ্ডৰ সন্মুখৰ ৰঙীন স্কেন কৰা কপি, য'ত আপোনাৰ নাম, ফটো, লিংগ স্পষ্টকৈ দেখা যায়। ফটোকপি, ক'লা-বগা কপি, স্ক্ৰীণশ্বট, বা লক কৰা কপি গ্ৰহণযোগ্য নহয়। সকলো দস্তাবেজ কেৱল JPEG/JPG/PNG/PDF ফৰ্মেটত আপলোড কৰিব পাৰিব। প্ৰতিটো ফাইলৰ আকাৰ ৩০ আৰু ৫০০ কিলোবাইটৰ ভিতৰত হ'ব লাগিব।