আগৰতলা
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ৰাজ্যৰ মহিলাসকলৰ সবলীকৰণৰ বাবে এখন মহিলা বিশ্ববিদ্যালয় স্থাপনৰ বাবে কাম কৰি আছে বুলি ঘোষণা কৰিছে।
তেওঁ লগতে কয় যে, বৰ্তমান চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজত ডিয়াৰনেছ এলাৱেন্স (ডি এ)ৰ ব্যৱধান হ্ৰাস কৰিবলৈ চেষ্টা চলাই আছে।
শুকুৰবাৰে ৰবীন্দ্ৰ সতবৰ্ষিকী ভৱনত ৬৪ সংখ্যক শিক্ষক দিৱস অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সাহাই। মুখ্যমন্ত্ৰী সাহাই কয়, "আপুনি হয়তো টকাৰ স্বাৰ্থত আন পেছাত সোমাব পাৰে, কিন্তু শিক্ষকসকলে আবেগ আৰু দায়িত্বৰ বাবেই শিক্ষকতা বৃত্তি বাছি লৈ আহিছে। ভৱিষ্যত প্ৰজন্মৰ দায়িত্ব লৈ আপুনি এই মহান বৃত্তিটোত যোগদান কৰিছে। শিক্ষকসকল গছৰ শিপাৰ দৰে, আনহাতে ছাত্ৰ-ছাত্ৰীসকল হৈছে তেওঁলোকৰ পৰা পুষ্টি লাভ কৰা ডাল, ফল, ফুল। শিক্ষকৰ বাবেই দেশ আৰু জাতিৰ প্ৰগতি, ভেটি হিচাপে অতি গুৰুত্বপূৰ্ণ। শিক্ষকসকলে ত্যাগৰ জৰিয়তে এই ভেটি গঢ়ি তোলে।"
লগতে তেওঁ কয় যে, শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ আগতে শিক্ষকসকলে সদায় ছাত্ৰ-ছাত্ৰীক নতুন কিবা এটা দিবলৈ চেষ্টা কৰে। মুখ্যমন্ত্ৰী সাহাই কয়, "শিক্ষক বৃত্তিত মানসিক, শাৰীৰিক আৰু আৱেগিক শক্তিৰ প্ৰয়োজন। শিক্ষকসকল এনে উদ্ভাৱক যিয়ে ছাত্ৰ-ছাত্ৰীৰ মনত জ্ঞান আৰু মূল্যবোধৰ সঞ্চাৰ কৰে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ জীৱন উজ্জ্বল কৰি তোলে। তেওঁলোক এটা জাতিৰ মেৰুদণ্ড, আৰু মানুহ তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাতো কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে। নতুন নতুন পদক্ষেপো আৰম্ভ কৰা হৈছে। আমাৰ চৰকাৰে স্বচ্ছ প্ৰক্ৰিয়াৰে নতুন সংস্কাৰ আনি শ্ৰেষ্ঠ শিক্ষক নিযুক্তিৰ বাবে কাম কৰি আছে।"
বিবৃতি উল্লেখ কৰা অনুসৰি মাণিক সাহাই কয় যে, বৰ্তমান চৰকাৰে তিনিখন নতুন চৰকাৰী মহাবিদ্যালয় মুকলি কৰিছে। মুখ্যমন্ত্ৰী কন্যা আত্মনিৰ্ভৰ যোজনাৰ অধীনত মহিলা ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ স্কুটাৰ প্ৰদানৰ ব্যৱস্থাও কৰা হৈছে।
তেওঁ কয়, "আমি যুৱতী সকলৰ উন্নতিৰ বাবে কাম কৰিব লাগিব। তাৰ বাবে আমি চৰকাৰী মহাবিদ্যালয়ত কন্যা ছাত্ৰীৰ মাচুল ৰেহাই দিছো। আমাৰ ৰাজ্য চৰকাৰেও যুৱতীসকলৰ সবলীকৰণৰ বাবে এখন মহিলা বিশ্ববিদ্যালয় স্থাপনৰ কাম কৰি আছে। বহু বিশ্ববিদ্যালয়ে ত্ৰিপুৰাত কেম্পাছ খুলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, কিয়নো এতিয়া ইয়াত শান্তি বিৰাজ কৰিছে। আমি ৰাজ্যখনক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছো। ডেণ্টেল আৰু নাৰ্চিং কলেজ স্থাপনৰ সমান্তৰালকৈ এমবিবিএছৰ আসনও বৃদ্ধি কৰা হৈছে।"
শিক্ষক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সাহাই বিশিষ্ট শিক্ষাবিদ ড° অতুল দেবৰ্মাক পণ্ডিত ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ সন্মান প্ৰদান কৰে। বিশিষ্ট সমাজকৰ্মী সমীৰ চক্ৰৱৰ্তীক ড° শ্যামপ্ৰসাদ মুখাৰ্জী সন্মানৰ প্ৰদান কৰা হয় আৰু ডিচি পাৰা হেমন্ত স্মৃতি বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণতি দেবৰ্মালৈ মহাৰাণী তুলসীবাতী সন্মান প্ৰদান কৰা হয়।