গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ৰেশমা নাছৰীন আদৰ্শ হৈ পৰিছে

Story by  atv | Posted by  [email protected] • 1 Months ago
ৰেশমা নাছৰীন চৌধুৰী শ্বাহ
ৰেশমা নাছৰীন চৌধুৰী শ্বাহ
 
সুদীপ শৰ্মা চৌধুৰী / গুৱাহাটী

গুৱাহাটী মহানগৰৰ ব্যস্ত জীৱনত ল'ৰা-ছোৱালীক উপযুক্ত শিক্ষা প্ৰদান কৰাটো এক প্ৰত্যাহ্বানস্বৰূপ। পিতৃ-মাতৃয়ে বহুত টকা খৰচ কৰিও আজি এই ক্ষেত্ৰত দিশহাৰা হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মুছলমান মহিলাই প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ হৈছে গুৱাহাটী মহানগৰীৰ ৰেশমা নাছৰীন চৌধুৰী শ্বাহ।

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ৰেশমাই কণমানি শিশুৰ জীৱন উন্নত কৰাৰ লগতে সমাজত উচ্চমানৰ জীৱন যাপন কৰিবলৈ শিকোৱাৰ বাবে অভিনৱ কাৰ্যসূচীৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছে। তেওঁৰ বিদ্যালয়খন গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত। 

ৰেশমা নাছৰীন চৌধুৰী শ্বাহে প্ৰায় ১১ বছৰ পূৰ্বে ৰিভাৰ্ছ এডুকেচন ফাউণ্ডেশ্যন নামৰ এটা শিক্ষামূলক সংস্থা প্ৰতিষ্ঠা কৰিছিল আৰু গুৱাহাটীত শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱন উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ৰেশমা নাছৰীনে কয় যে, তেওঁ আৰম্ভণিতে দুজন ছাত্ৰ-ছাত্ৰীৰ সৈতে বিদ্যালয়খন আৰম্ভ কৰিছিল। বিশেষকৈ বিদ্যালয়ত কম খৰচত ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষা প্ৰদান কৰি আদৰ্শ দাঙি ধৰিছে। বিশাল সম্পত্তিৰ গৰাকী হোৱা সত্ত্বেও ৰেশমাৰ পৰিয়ালে সমাজত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত কাম কৰি আহিছে। 

তেওঁ প্ৰতিষ্ঠা কৰা বিদ্যালয়খনে ৰাজ্যৰ লগতে বিদেশটো কেইবাটাও বঁটাৰে সন্মানিত হৈছে। প্ৰতিগৰাকী ব্যক্তিয়ে কিবা নহয় কিবা বিশেষ গুণৰ অধিকাৰী। তেনে বিশেষ গুণৰ অধিকাৰী ৰেশমা নাছৰীনে গুৱাহাটীৰ বুকুত এক শিক্ষানুষ্ঠান চলাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সমান্তৰালকৈ শিষ্টাচাৰ উন্নত কৰি তেওঁলোকক যোগ্য নাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা অব্যহত ৰাখিছে।