বাছিট জাৰগাৰ
জম্মু কাশ্মীৰৰ পহলগাম-বাল্টালৰ পাহাৰসমূহ সম্প্ৰতি হৰ হৰ মহাদেৱ আৰু বম বম ভোলেৰ শ্ল'গানেৰে মুখৰিত হৈ পৰিছে। বাৰ্ষিক অমৰনাথ যাত্ৰাত অংশ লোৱা হাজাৰ হাজাৰ ভক্তই ভগৱান শিৱৰ গুহালৈ ৩৫ কিলোমিটাৰ জোৰা যাত্ৰা কৰা সময়ত কাশ্মীৰৰ সমগ্ৰ পৰিৱেশ ভক্তিৰসত ডুব গৈছে। নিষ্ঠা আৰু সেৱাৰ সংমিশ্ৰণ ঘটা কাশ্মীৰৰ এই ঐতিহ্যমণ্ডিত তীৰ্থযাত্ৰাত যাতে সন্ত্ৰাসবাদীয়ে কোনো ব্যাঘাত জন্মাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা বাহিনীয়ে তীৰ্থযাত্ৰীসকলক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আগবঢ়াই নিছে।
বাল্টাল বেছ কেম্পত উপস্থিত হোৱা এজন ভক্তই অমৰনাথ যাত্ৰাৰ পৰিচালনা আৰু ব্যৱস্থাপনাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, "মই পাঞ্জাৱৰ ছাংৰুৰ পৰা আহিছো। মই প্ৰতি বছৰে ভোলে বাবাক চাবলৈ আহোঁ। এইবাৰো ইয়াৰ পৰিচালনা আৰু ব্যৱস্থাটো অতি সুন্দৰ হৈছে। গতিকে ভয়ৰ কোনো কাৰণ নাই। চৰকাৰে সকলো ব্যৱস্থা ভালদৰে কৰিছে।"
পহলগামৰ বেছ কেম্পৰ পৰা প্ৰথমটো দলৰ এজন ভক্তই নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "আমি অতিশয় সুখী। আমাৰ কোনো ভয় নাই। আমাৰ চৰকাৰ আৰু সেনা উভয়ৰে ওপৰত আমাৰ বিশ্বাস আছে।" একেটা দলৰে আন এজন যাত্ৰীয়ে মহাদেৱৰ প্ৰতি গভীৰ বিশ্বাস প্ৰদৰ্শন কৰি কয়, "আমাৰ যি আছে, সকলো ভোলে বাবাৰ আশীৰ্বাদ। আমি কেৱল তেওঁৰ ভৰিৰ তলত আছো। এই ব্যৱস্থা অতি উত্তম"।
অমৰনাথ যাত্ৰাত ভক্তৰ সৈতে এজন সুৰক্ষা বাহিনীৰ জোৱান
কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়েও ভক্তসকলৰ উৎসাহৰ প্ৰশংসা কৰি কয়, "এয়া কেৱল ধৰ্মীয় যাত্ৰা নহয়, বৰং সেৱা, সুৰক্ষা আৰু নিষ্ঠাৰ এক মহান ত্যাগ। নিৰাপত্তা বাহিনী, প'ৰ্টাৰ, সেৱা প্ৰদানকাৰী সকলো সক্ৰিয়ভাৱে ইয়াৰ সৈতে জড়িত হৈ আছে। ভক্তসকলৰ উৎসাহ সঁচাকৈয়ে অতুলনীয়। সকলোৰে আশা পূৰণ হওক আৰু কাশ্মীৰকে ধৰি সমগ্ৰ দেশত শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক।"
দিল্লীৰ কবিতা ছাইনীয়ে তেওঁৰ প্ৰথম অমৰনাথ যাত্ৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। তেওঁ কয়, "এইটো মোৰ প্ৰথম যাত্ৰা আৰু এই অভিজ্ঞতা অবিস্মৰণীয়। মেডিকেল চাৰ্টিফিকেট, পঞ্জীয়নৰ পৰা নিৰাপত্তালৈকে আমি সকলোতে সমৰ্থন পাইছো। দিল্লী আৰক্ষী আৰু কাশ্মীৰ আৰক্ষীয়ে আমাক সম্পূৰ্ণ সহযোগ কৰিছে। মই প্ৰাৰ্থনা কৰো যে দেশত শান্তি বিৰাজ কৰক আৰু শেহতীয়াকৈ যি ঘটিছে সেয়া পুনৰ কেতিয়াও নহওক"।
উল্লেখ্য যে, ৩৮ দিন ধৰি চলিব লগীয়া এই পৱিত্ৰ তীৰ্থযাত্ৰা ৩ জুলাইৰ পৰা আৰম্ভ হৈ ৯ আগষ্টলৈ চলিব। ভক্তসকলে দুটা মূল পথৰ মাজেৰে পবিত্ৰ গুহালৈ যাত্ৰা কৰিব। প্ৰথমটো হ'ল ৪৮ কিলোমিটাৰ দীঘল পৰম্পৰাগত পহলগাম পথ (অনন্তনাগ জিলা) আৰু দ্বিতীয়টো হ'ল বাল্টাল পথ (গণ্ডাৰবাল জিলা)।
দোলাত উঠি অমৰনাথ গুহালৈ যাত্ৰা এগৰাকী মহিলাৰ
২ জুলাইত জম্মুৰ ভাগৱতী নগৰৰ বেছ কেম্পৰ পৰা প্ৰথমটো দল যাত্ৰা আৰম্ভ কৰে। ২০২৫ চনৰ এপ্ৰিলত পহালগামত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কঠোৰ কৰা হৈছে। সমগ্ৰ যাত্ৰা পথত ৫০,০০০ ৰো অধিক চিআৰপিএফ, সেনা আৰু আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।
নিৰাপত্তা বাহিনীয়ে অত্যাধুনিক প্ৰযুক্তি যেনে ড্ৰোন, চিচিটিভি কেমেৰা, জামাৰ আৰু মুখ চিনাক্তকৰণ প্ৰণালী ব্যৱহাৰ কৰি তীৰ্থযাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিছে। তীৰ্থযাত্ৰীৰ যাত্ৰাৰ বিভিন্ন স্থানত চিকিৎসকৰ দল, এয়াৰ এম্বুলেন্স আৰু জৰুৰীকালীন স্থানান্তৰ ব্যৱস্থা সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে। এই যাত্ৰা কেৱল বিশ্বাসৰ উদাহৰণেই নহয়, চৰকাৰ, সেনা আৰু সমাজৰ যুটীয়া প্ৰচেষ্টাৰ এক অনন্য প্ৰতিফলন, য'ত ভক্তি, সেৱা আৰু সুৰক্ষা একেলগে চলি আছে। প্ৰতিজন তীৰ্থযাত্ৰীৰ হৃদয়ত কেৱল এটাই অনুভূতি-বম বম ভোলে।