শিৱানী গুপ্তা
নতুন দিল্লীৰ এখন অতি সন্মানীয় ব্যক্তিগত চিকিৎসালয়ত কাম কৰি থকা সময়ত ডাঃ এছ এম জিয়াউৰ ৰহমানে বিহাৰৰ এজন দৰিদ্ৰ ৰোগীক লগ পাইছিল। ৰোগীজন অত্যন্ত ক্লান্ত আৰু উদ্বিগ্ন আছিল।
চিকিৎসাৰ বাবে তেওঁ ঘৰৰ পৰা বহুত দূৰৈলৈ আহিছিল। ৰোগীজনৰ সৈতে ডাঃ এছ এম জিয়াউৰ ৰহমানৰ সেই সাক্ষাতে কেৱল দুগৰাকী লোকৰ জীৱন সলনি কৰাই নহয়, বৰং তেওঁ এটা সময়ত এৰি থৈ অহা জন্ম গাঁওখনৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখনো সলনি কৰি পেলাইছে।
ডঃ ৰহমান এগৰাকী ৰোগীৰ সৈতে
"মই এজন ৰোগীক লগ পাইছিলো, যি ৰক্তচাপজনিত ৰোগত ভুগি আছিল। আমাৰ কথা-বতৰা চলি থাকোঁতে তেওঁ উল্লেখ কৰিলে যে তেওঁ এনেকুৱা এখন গাঁৱৰ পৰা আহিছে, য'ত সমগ্ৰ গাঁওৱাসী চিকিৎসকৰ অভাৱত ভুগি আছে। মই তেওঁৰ অতীতৰ বিষয়ে জানিবলৈ আগ্ৰহী হ'লো আৰু তেওঁ ক'ৰ পৰা আহিছে সেই বিষয়ে অধিক প্ৰশ্ন কৰিলো। মোক আচৰিত কৰি তেওঁ ক'লে যে মোৰ জন্ম গাঁও বিহাৰৰ খাগৰিয়াৰ পৰা তেওঁ আহিছে। বিহাৰৰ পৰা দিল্লীলৈ প্ৰায় ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কেৱল চিকিৎসাৰ বাবে ব্যক্তিজন মোৰ ওচৰলৈ আহিছিল।"-ডাঃ এছ এম জিয়াউৰ ৰহমানে কয়।
চিকিৎসাৰ বাবে অহা ৰোগীজনৰ পৰা এই কথা জানিব পাৰি ডাঃ এছ এম জিয়াউৰ ৰহমান স্তম্ভিত হৈ পৰে। তেওঁ কয়, ‘দিল্লীৰ দৰে ঠাইত বিশ্বমানৰ চিকিৎসা সেৱাৰ উপস্থিতি থকাৰ সময়ত মোৰ অঞ্চলত এতিয়াও পৰ্যাপ্ত চিকিৎসা সেৱাৰ অভাৱ আছিল। এই কথাই মোৰ মাজত এক স্ফুলিংগ জ্বলাই দিলে যে মোৰ জন্মভূমিৰ স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰিব লাগিব। এই সিদ্ধান্তক মই এটা সংকল্প হিচাপে লৈ কাম আৰম্ভ কৰিলো,” ডাঃ ৰহমানে লগতে কয়।
সেই সময়ত ডাঃ ৰহমানে হৃদৰোগ বিভাগত কাম কৰি আছিল আৰু তেওঁৰ সন্মুখত এক বিলাসী জীৱন আৰু বহু দৰমহা পোৱা এক উজ্জ্বল কেৰিয়াৰ আছিল। কিন্তু বিহাৰৰ পৰা অহা সেই ৰোগীজনৰ সৈতে হোৱা কথা-বতৰাই তেওঁৰ মনত গভীৰভাৱে প্ৰভাৱ পেলায় আৰু জন্ম গাঁওখনে তেওঁক বাৰে বাৰে হাত বাউলি মাতিব ধৰিলে। কাৰণ তেওঁ অনুভৱ কৰিছিল যে তেওঁ ডাঙৰ-দীঘল হোৱা গাঁওখনত স্বাস্থ্যসেৱা মানুহৰ জীৱনৰেখা।
ডঃ ৰহমান তেওঁৰ হাস্পতালত
"চহৰত স্বাস্থ্যসেৱা ব্যৱসায়; কিন্তু গাওঁত ই মানুহৰ আয়ুসৰেখা", তেওঁ কয়। এইটোৱেই তেওঁৰ অভিযানৰ আধাৰশিলা হৈ পৰে। তেওঁ নিজৰ গৃহ চহৰৰ লোকসকলক সহজলভ্য স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সংকল্পবদ্ধ হয়।
উল্লেখ্য যে, বিহাৰৰ খাগৰিয়া জিলাৰ এখন সৰু গাঁৱৰ এটা দৰিদ্ৰ কৃষক পৰিয়ালত ডাঃ ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ প্ৰায় পাঁচ একৰ মাটি আৰু তিনিটা ভঁৰাল আছিল।
"পিতৃৰ নামত থকা পাঁচ একৰ মাটি আৰু তিনিটা ভঁৰাল আছিল আমাৰ পৰিয়ালৰ একমাত্ৰ সম্পদ। কিন্তু আমাৰ এনে দূৰ্বল পৰিস্থিতি সত্ত্বেও মোৰ পিতৃয়ে এবাৰো দাবী কৰা নাছিল যে মই খেতি বা গৰু পালনৰ দায়িত্ব ল'ম। মোৰ মায়েও মোক কেতিয়াও এইবোৰ কৰিবলৈ বাধ্য কৰা নাছিল। মোৰ পিতৃ-মাতৃয়ে মোক পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁলোকে মোৰ শিক্ষাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছিল আৰু মই সেই বিশ্বাসক কেতিয়াও ভংগ কৰিব বিচৰা নাছিলো।"-ডাঃ ৰহমানে কয়।
সতীৰ্থ চিকিৎসকসকলৰ সৈতে ডঃ ৰহমান
শিশু হৈ থকা অৱস্থাত ডাঃ ৰহমানে জীৱনৰ আটাইতকৈ কঠিন পাঠ শিকিছিল। এবাৰ তেওঁ অসুস্থ মাক আৰু সৰু ভায়েকক লগত লৈ এখন চিকিৎসালয়লৈ গৈছিল। তেওঁলোকে দুজন পৃথক চিকিৎসকৰ বাবে মাচুল আদায় দিব নোৱাৰিলে, যাৰ ফলত এজন কম্পাউণ্ডাৰৰ হাতত অপমানিত হৈছিল। তেতিয়া মোৰ বয়স প্ৰায় ৫-৬ বছৰ হৈছিল। কথাবোৰ বুজিবলৈ মই যথেষ্ট সৰু আছিলো যদিও মই লজ্জা অনুভৱ কৰিছিলো আৰু সেই লজ্জাবোধ এতিয়াও পাহৰা নাই।", তেওঁ স্মৰণ কৰে।
"মই যিজন চিকিৎসকক সন্মান কৰিছিলো আৰু এতিয়াও মোৰ আদৰ্শ হিচাপে গণ্য কৰো, তেওঁ সহানুভূতিশীল আছিল আৰু আমাক বেয়া ব্যৱহাৰ কৰা নাছিল। সেই অভিজ্ঞতা মোৰ মনত আছে", তেওঁ কয়।
দৰিদ্ৰতাৰ বাবে গালি-গালাজ আৰু অপমানৰ সন্মুখীন হোৱাই ডাঃ ৰহমানৰ জীৱনত এক টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হয়, যিয়ে বঞ্চিতসকলৰ বাবে স্বাস্থ্যসেৱা পৰিৱৰ্তন কৰাৰ তেওঁৰ সংকল্পক এক গতি প্ৰদান কৰে। এদিন তেওঁ শপত খাই কৈছিল, "মই এজন এনে চিকিৎসক হ'ম যিয়ে ধনৰ অভাৱত ভুগা কোনো ৰোগীক ঘূৰাই নপঠিয়ায়।"
ডঃ ৰহমানে এগৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি থকা এক দৃশ্য
উল্লেখ্য যে, দিল্লীৰ এখন দাতব্য প্ৰতিষ্ঠানৰ পৰা বৃত্তি লাভ কৰি তেওঁ পাটনা মেডিকেল কলেজত চিকিৎসা শিক্ষা গ্ৰহণ কৰে। দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ডাঃ ৰহমানে চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। শৈক্ষিক দক্ষতা আৰু সহানুভূতিশীল প্ৰকৃতিৰ বাবে তেওঁ এপ'ল' হাস্পতালত এটা বিলাসী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল, য'ত তেওঁ অ-আক্ৰমণাত্মক হৃদযন্ত্ৰৰ প্ৰক্ৰিয়াৰ বিশেষজ্ঞ (non-invasive cardiac procedures) আছিল।
২০১০ চনত ডাঃ ৰহমানে বিহাৰৰ খাগৰিয়াত ৰাষ্ট্ৰীয় মেডিকেয়াৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ (National Medicare Hospital & Research Centre) প্ৰতিষ্ঠা কৰে। ৫০ খন বিচনাযুক্ত চিকিৎসালয়ত নিয়মীয়া পৰীক্ষা-নিৰীক্ষাৰ লগতে জৰুৰীকালীন সেৱা আৰু বিহাৰৰ গ্ৰাম্য অঞ্চলত ভাবুকি হৈ পৰা সৰ্প দংশনৰ চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে।
ডাঃ ৰহমানৰ বাবে সূৰ্য অস্ত যোৱাৰ লগে লগে কামৰ অন্ত নপৰে। নিশাৰ ভাগত তেওঁ ৰোগীৰ জৰুৰীকালীন চিকিৎসা কৰে আৰু ৰোগীৰ সুস্থিৰতা সুনিশ্চিত কৰাৰ পিছতহে তেওঁ টোপনি যায়। "আমি পুৱা ১১ বজাৰ পৰা নিশা ১১ বজালৈকে কাম কৰোঁ। কেতিয়াবা মোৰ কামৰ সময় বৃদ্ধি কৰিব লগা হয়। যোৱা নিশা দুটা হাৰ্ট এটেক ৰোগী মোৰ ওচৰলৈ আহিছিল। মই মাজনিশাৰ পিছতহে ঘৰলৈ আহিলোঁ।"-ডাঃ ৰহমানে কয়।
ডঃ ৰহমান এগৰাকী ৰোগীৰ সৈতে
ডাঃ ৰহমানে কয় যে বিগত ১৫ বছৰ ধৰি তেওঁৰ জীৱনশৈলী এনেকুৱাই। এই বছৰসমূহত ডঃ ৰহমানৰ প্ৰভাৱ তেওঁৰ দ্বাৰা চিকিৎসা কৰা হাজাৰ হাজাৰ ৰোগীৰ জীৱনৰ ওপৰত প্ৰতিফলিত হৈছে। তেওঁৰ এজন ৰোগী হামজা খলিডে কয় যে ডাঃ ৰহমানৰ মৰম লগা স্বভাৱে তেওঁৰ পৰিয়ালক আৰ্থিক বিপর্যয়ৰ পৰা ৰক্ষা কৰিছিল।
"২০২২ চনত কোভিড-১৯ মহামাৰীৰ সময়ত মোৰ পিতৃৰ ষ্ট্ৰোক হৈছিল। আমি তেওঁক বেগুচৰাইৰ এখন হাস্পতালত ভৰ্তি কৰাইছিলো, কিন্তু এসপ্তাহৰ ভিতৰতে তেওঁৰ চিকিৎসাৰ বিল ১ লাখ টকা হৈছিল। আমি শোকত ভাগি পৰিছিলো। তাৰপাছত আমি ডাঃ ৰহমানৰ সৈতে আলোচনা কৰিলো, আৰু তেওঁ আমাক পৰামৰ্শ দিলে যে মোৰ পিতৃক তেওঁৰ চিকিৎসালয়ৰ চিচিইউলৈ স্থানান্তৰ কৰিব লাগে। আমি তেওঁক তাত লৈ গ'লোঁ, আৰু আমি প্ৰচুৰ সমৰ্থন পালোঁ। তেওঁলোকে CCU ৰ বাবে একো মাচুল নলয়। তেওঁলোকৰ মৰমিয়াল মনোভাব এক কঠিন সময়ত আমাৰ বাবে আশীৰ্বাদস্বৰূপ আছিল। তেওঁলোকে আন বহুতো লোককো সহায় কৰিছে। তেওঁলোকৰ উদাৰতাৰ বাবে মই তেওঁলোকক কেতিয়াও পাৰহিব নোৱাৰো!"-ৰোগীজনে কয়।
ডাঃ ৰহমানৰ অক্লান্ত পৰিশ্ৰমৰ অধীনত এই চিকিৎসালয়খনত দৈনিক প্ৰায় ৭০জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। তেওঁৰ বাবে ঔষধ ব্যৱসায়িক লাভৰ ঊধর্বত, ই এক পবিত্ৰ কৰ্তব্য। যেতিয়া তেওঁক সোধা হয় যে তেওঁ মহানগৰীৰ এটা ভাল দৰমহা পোৱা চাকৰি এৰি গাঁওলৈ অহাৰ বাবে অনুশোচনা কৰে নেকি, তেতিয়া ডাঃ ৰহমানে উত্তৰ দিয়ে, "মই এক সৰল জীৱন যাপন কৰো, বস্তুগত আকাংক্ষাৰ পৰা মুক্ত, আৰু ই মোক শান্তি প্ৰদান কৰে। তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল, মই এই সমূদায়ৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তুলিছো। মোৰ ৰোগীসকলে মোৰ বাবে প্ৰায়ে পৰম্পৰাগত মিঠাই, মকৰ সংক্ৰান্তিৰ সময়ত কুঁহিয়াৰ আৰু বিশুদ্ধ ঘি আনে। কেতিয়াবা তেওঁলোকে নিজৰ খেতিপথাৰৰ পৰা মিঠা আলু আৰু শাক-পাচলিও লৈ আহে। কৃতজ্ঞতাৰ এই নিদৰ্শনবোৰে মোৰ ঘৰখনক ভৰাই তোলে, যিটো কোনো বস্তুগত সম্পদে পূৰণ কৰিব নোৱাৰে।"
"মোৰ সমবয়সীয়াসকলৰ পৰা লাভ কৰা সন্মান আৰু ৰোগীসকলৰ হাঁহিয়ে মোৰ আত্মাক কোনো বিলাসিকতাই দিব নোৱাৰা এক শক্তি প্ৰদান কৰে", তেওঁ সন্তুষ্টৰ হাঁহিৰে কয়। আৰ্থিক সমৃদ্ধিৰ জীৱন ত্যাগ কৰি দৰিদ্ৰৰ বাবে গুণগত মানৰ স্বাস্থ্যসেৱা আগবঢ়াই ডাঃ ৰহমানে এক উত্তৰাধিকাৰ গঢ়ি তুলিছে যি তেওঁৰ সম্প্ৰদায়ৰ ভৱিষ্যতৰ গতিপথত ইতিবাচক পৰিৱৰ্তন আনিছে।
(এই প্ৰতিবেদনটো The Better India-ৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে)