কেৰালাৰ প্ৰকৃত কাহিনীঃ যেতিয়া পংগালাত মন্দিৰ, মছজিদ আৰু গীৰ্জাই মুকলি কৰে নিজৰ দুৱাৰ

Story by  atv | Posted by  [email protected] • 1 h ago
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
কেৰালা দীৰ্ঘদিন ধৰি ভাৰতত সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন হিচাপে পৰিচিত হৈ আহিছে। ইয়াত বিভিন্ন ধৰ্মৰ লোকে কেৱল একেলগে বসবাস কৰাই নহয়, বৰঞ্চ ইজনে সিজনৰ বিশ্বাস, উৎসৱ আৰু পৰম্পৰাক সন্মান জনাই সহযোগিতাও কৰে। শেহতীয়াকৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত অট্টুকল পংগালা উৎসৱৰ সময়ত পোহৰলৈ অহা ঘটনাসমূহে সমগ্ৰ দেশৰ সন্মুখত এই পৰম্পৰাক আকৌ এবাৰ জীৱন্ত ৰূপত দাঙি ধৰিছে। এই ঘটনাসমূহে দেখুৱাইছে যে কেৰালাত ধৰ্মীয় বৈচিত্ৰ্য কেৱল এক সামাজিক বাস্তৱ নহয়,, বৰঞ্চ উমৈহতীয়া সংস্কৃতি আৰু মানৱীয় সংবেদনসমূহৰ সৈতে জড়িত এক জীৱনশৈলী।
 
ৰাজ্যিক সচিবালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত অৱস্থিত তিৰুৱনন্তপুৰমৰ পালায়ম অঞ্চলত এনে এক দৃশ্য দেখিবলৈ পোৱা যায় যাক ভাৰতৰ বহুত্ববাদী পৰম্পৰাৰ এক শক্তিশালী প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াত এটা মন্দিৰ আৰু এটা মছজিদে একেখন দেৱাল ভাগ-বতৰা কৰে আৰু তাৰ ঠিক সন্মুখতে এটা গীৰ্জা থিয় দি আছে। গীৰ্জাটোৰ ওপৰত হাত দুখন মেলি থকা যীচু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিয়ে যেন চহৰখনক শান্তি আৰু সম্প্ৰীতিৰ আশীৰ্বাদ দি আছে। এই দৃশ্য কোনো বিশেষ অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা প্ৰতীক নহয়, বৰং ই এক সাধাৰণ দৈনন্দিন বাস্তৱতা, যাক সেই পথেৰে পাৰ হৈ যোৱা লোকসকলে স্বাভাৱিকতে দেখিবলৈ পায়। এই জীৱনশৈলীয়েই কেৰালাক দীৰ্ঘদিন ধৰি ধৰ্মীয় সহাৱস্থান আৰু সামাজিক সম্প্ৰীতিৰ এক উৎকৃষ্ট উদাহৰণ কৰি ৰাখিছে।
 
কেৰালাত এনে বহুতো স্থান আছে য'ত মন্দিৰ, মছজিদ আৰু গীৰ্জা ইটোৱে সিটোৰ ওচৰত অৱস্থিত আৰু এই কথাই তাত থকা সামাজিক গাঁথনিৰ গভীৰতাক প্ৰতিফলিত কৰে। কোচিৰ মট্টনচেৰী অঞ্চলৰ এটা বিখ্যাত ৰাস্তাত ছিনেগগ (ইহুদী ধৰ্মস্থান), মছজিদ, মন্দিৰ আৰু গীৰ্জা একেটা এলেকাতে অৱস্থিত আৰু এই অঞ্চলটো দীৰ্ঘদিন ধৰি বিভিন্ন সম্প্ৰদায়ৰ শান্তিপূৰ্ণ সহাৱস্থানৰ এক উদাহৰণ হৈ আহিছে।
 
কেৰালাৰ মন্দিৰ, মছজিদ আৰু গীৰ্জা
 
তিৰুৱনন্তপুৰমৰ কিছুমান চ'কতো মন্দিৰ, মছজিদ আৰু গীৰ্জা একেলগে দেখা যায়, যিয়ে এই কথাৰ ইংগিত দিয়ে যে ইয়াত ধৰ্মীয় পৰিচয় বেলেগ হোৱাৰ পিছতো সামাজিক সম্পৰ্ক দৃঢ় হৈ আছে। উত্তৰ কেৰালাত কোডুংগালুৰৰ ওচৰত অৱস্থিত চেৰামান জুম্মা মছজিদ, যাক ভাৰতৰ প্ৰথমটো মছজিদ বুলি গণ্য কৰা হয়, তাৰ আশে-পাশে প্ৰাচীন মন্দিৰৰ উপস্থিতিয়েও ইতিহাসত বিৰাজমান ধৰ্মীয় সম্প্ৰীতিৰ সাক্ষ্য বহন কৰে।
 
একেদৰে কোচিৰ এডাপ্পল্লী অঞ্চলত প্ৰসিদ্ধ চেণ্ট জৰ্জ ফ'ৰেন গীৰ্জাৰ আশে-পাশেও মন্দিৰ আৰু মছজিদ আছে, যিয়ে এক ব্যস্ত চহৰাঞ্চলতো ধৰ্মীয় বৈচিত্ৰ্য আৰু সহাৱস্থানৰ এক সুন্দৰ ছবি দাঙি ধৰে।
 
এই সামাজিক প্ৰেক্ষাপটৰ মাজতে এই বছৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত অট্টুকল পংগালা উৎসৱে সমগ্ৰ ৰাজ্যখনক শ্ৰদ্ধা আৰু ভক্তিৰ পৰিৱেশত ডুবাই ৰাখে। অট্টুকল ভাগৱতী মন্দিৰত অনুষ্ঠিত হোৱা এই উৎসৱ দেৱী অট্টুকল আম্মালৈ উচৰ্গিত, যাক এগৰাকী দয়ালু মাতৃ-দেৱী হিচাপে পূজা কৰা হয়।

এই উপলক্ষে হাজাৰ হাজাৰ নহয়, লাখ লাখ হিন্দু মহিলাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিৰুৱনন্তপুৰমত উপস্থিত হয় আৰু এই অনুষ্ঠানক বিশ্বত মহিলাৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ বুলি গণ্য কৰা হয়। এই আচাৰ-অনুষ্ঠানত মহিলাসকলে চহৰৰ ৰাস্তা-ঘাট, অলি-গলি, চোতাল আৰু মুকলি পথাৰত ইটাৰে অস্থায়ী চৌকা সাজি পংগালা নামৰ প্ৰসাদ প্ৰস্তুত কৰে। পংগালা হৈছে চাউল, গুড় আৰু নাৰিকলেৰে তৈয়াৰী এবিধ মিঠা ব্যঞ্জন যি দেৱীলৈ আগবঢ়োৱা হয়।
 
পুৱতি নিশাৰ পৰাই ৰাস্তাবোৰত অস্থায়ী পাকঘৰ গঢ়ি উঠে আৰু চহৰখনৰ পৰিৱেশ গুড় আৰু ধোঁৱাৰ সুগন্ধেৰে ভৰি পৰে। মহিলাসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নিজৰ চৌকাৰ ওচৰত বহে আৰু মন্দিৰৰ পুৰোহিতৰ দ্বাৰা মুখ্য চৌকাটো জ্বলোৱালৈ অপেক্ষা কৰে। যিমানেই মন্দিৰত মুখ্য জুইকুৰা প্ৰজ্বলিত হয়, তাৰ সংকেত পোৱাৰ লগে লগেই সমগ্ৰ চহৰখনতে পংগালা ৰন্ধাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। এই সময়ছোৱাত তিৰুৱনন্তপুৰমৰ ৰাস্তাত কেইবা কিলোমিটাৰলৈকে মহিলাৰ শাৰী দেখা যায় আৰু গোটেই চহৰখন যেন এখন বিশাল পাকঘৰলৈ পৰিণত হয়।
 
এই বিশাল আয়োজনৰ বাবে চহৰখনৰ স্বাভাৱিক কাম-কাজতো পৰিৱৰ্তন অনা হয়। শ্ৰদ্ধালুসকলৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হয়।
 
কেৰেলাত ভাতৃত্ববোধৰ অনন্য নিদৰ্শন
 
যিহেতু এই আচাৰ-অনুষ্ঠান কেৱল মহিলাৰ বাবে, সেয়েহে পুৰুষসকলে এই আয়োজনত সহায়কৰ ভূমিকা পালন কৰে। তেওঁলোকে পানী, খৰি আৰু অন্যান্য ব্যৱস্থা কৰে, যান-বাহন নিয়ন্ত্ৰণ কৰে আৰু নিৰাপত্তা ব্যৱস্থাত সহযোগিতা কৰে যাতে মহিলাসকলে কোনো অসুবিধা নোহোৱাকৈ নিজৰ অনুষ্ঠান সম্পূৰ্ণ কৰিব পাৰে।
 
এই বছৰ অট্টুকল পংগালাৰ আয়োজন ৩ মাৰ্চত হৈছিল আৰু কাকতালীয়ভাৱে ই ৰমজানৰ পৱিত্ৰ মাহৰ সৈতে একে সময়তে পৰিছিল। এনে অৱস্থাত তিৰুৱনন্তপুৰমৰ পালায়ম জুম্মা মছজিদৰ ইমামী পি ভি ছুহেইব মৌলৱীয়ে মুছলমান সম্প্ৰদায়লৈ এক আৱেগিক আহ্বান জনায়।
 
তেওঁ কয় যে মুছলমানসকলে ৰমজানৰ ৰোজা ৰাখি থাকিলেও তেওঁলোকে পংগালাত অংশগ্ৰহণ কৰিবলৈ অহা হিন্দু মহিলাসকলক যিকোনো প্ৰকাৰে সহায় কৰা উচিত। তেওঁ লগতে কয় যে ৰোজা ৰখাৰ পিছতো এইটো নিশ্চিত কৰিব লাগিব যে মহিলাসকলে যাতে পানী আৰু আন প্ৰয়োজনীয় সা-সুবিধা পায় আৰু শান্তিত নিজৰ অনুষ্ঠান সম্পন্ন কৰিব পাৰে। তেওঁ এই কথাও উল্লেখ কৰে যে ৰমজানৰ প্ৰকৃত বাৰ্তা হৈছে প্ৰেম, ভাতৃত্ববোধ আৰু কৰুণা বিলাই দিয়া, আৰু এই মনোভাৱেৰেই মুছলমান সম্প্ৰদায়ে পংগালাত অহা মহিলাসকলক সহায় কৰা উচিত।
 
ইমামৰ এই বাৰ্তা অতি দ্ৰুতগতিত ছচিয়েল মিডিয়াত বিয়পি পৰে আৰু বহু লোকে ইয়াক "প্ৰকৃত কেৰালাৰ কাহিনী" (The Real Kerala Story) বুলি প্ৰশংসা কৰে। পংগালাৰ দিনা মছজিদ পৰিচালনা সমিতি আৰু ওচৰে-পাজৰে থকা মুছলমান সম্প্ৰদায়ৰ লোকে বুজন সংখ্যক শ্ৰদ্ধালু মহিলাক সহায়ৰ হাত আগবঢ়ায়।
 
নিজে ৰোজা ৰাখিও তেওঁলোকে ৰাস্তাত ৰৈ থকা মহিলাসকলক পানী আৰু আন সুবিধাসমূহ যোগান ধৰাত ব্যস্ত আছিল। মছজিদৰ তৰফৰ পৰা খোৱাপানী আৰু পাতল জলপানৰ ব্যৱস্থা কৰা হৈছিল। স্থানীয় লোকসকলেও শ্ৰদ্ধালু মহিলাসকলৰ বাবে নিজৰ ঘৰ আৰু দোকানৰ দুৱাৰ মুকলি কৰি দিছিল যাতে তেওঁলোকে জিৰণি ল'বলৈ আৰু অন্যান্য প্ৰয়োজনৰ বাবে ঠাই পায়। দীৰ্ঘ সময় ধৰি মুকলি আকাশৰ তলত থকা মহিলাসকলৰ সুবিধাৰ বাবে অস্থায়ী শৌচাগাৰো নিৰ্মাণ কৰা হয়।

কায়মকুলামৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ পৰা অহা ৬৩ বছৰীয়া শ্ৰদ্ধালু সাৰদাই জনায় যে মছজিদৰ লোকসকলৰ সহায়ে তেওঁলোকক যথেষ্ট সকাহ দিছিল। তেওঁ কয় যে প্ৰখৰ ৰ'দত কেইবাঘণ্টা ধৰি পূজা কৰাৰ সময়ত মছজিদৰ দ্বাৰা আগবঢ়োৱা পানী আৰু অস্থায়ী আশ্ৰয়ে তেওঁলোকক যথেষ্ট সহায় কৰিছিল। তেওঁ লগতে কয় যে যোৱা বছৰো একে ধৰণৰ সহায় পোৱা গৈছিল আৰু এই বছৰো মুছলমান সম্প্ৰদায়ে সেই একেই সহযোগিতা আগবঢ়াইছে।
 
পালায়ম জুম্মা মছজিদৰ ঠিক সন্মুখতে অৱস্থিত চেণ্ট জোছেফ মেট্ৰ'পলিটান কেথেড্ৰেল গীৰ্জায়েও এই উপলক্ষে ভক্তসকলক সহায় কৰিবলৈ নিজৰ দুৱাৰ মুকলি কৰি দিয়ে। এইদৰে মন্দিৰ, মছজিদ আৰু গীৰ্জা তিনিওটাই মিলি এই বিশাল ধৰ্মীয় আয়োজনক সহজ আৰু শান্তিপূৰ্ণ কৰি তোলাত অৰিহণা যোগায়। এই ঘটনাই ছ’চিয়েল মিডিয়াতো ব্যাপক সঁহাৰি লাভ কৰে আৰু বহু লোকে ইয়াক কেৰালাৰ সামাজিক সংস্কৃতিৰ এক জীৱন্ত নিদৰ্শন বুলি অভিহিত কৰে।
 
এই ঘটনাটো এনে এক সময়ত অধিক চৰ্চালৈ আহিছিল যেতিয়া শেহতীয়াকৈ মুক্তি পোৱা ছবি "দ্য কেৰালা ষ্ট'ৰী" (The Kerala Story) আৰু ইয়াৰ ছিকুৱেলক লৈ বিতৰ্ক চলি আছিল। বহু লোকে ছ’চিয়েল মিডিয়াত লিখিছিল যে ছবিখনত দেখুওৱা দাবীসমূহ কেৰালাৰ প্ৰকৃত সামাজিক স্থিতিৰ সৈতে মিল নাই।
 
ইমাম ছুহেইব মৌলৱীয়েও এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাজ্যখনক বিভাজিত আৰু অসহিষ্ণু হিচাপে দেখুৱাবলৈ চেষ্টা কৰা এনে কাহিনীবোৰৰ সৈতে মালয়ালী সমাজ সন্মত নহয়। তেওঁ কয় যে যদি কোনো ব্যক্তিয়ে কেৰালাৰ প্ৰকৃত কাহিনী চাব বিচাৰে, তেন্তে তেওঁ ইয়ালৈ আহি চাব লাগে য'ত এটা মছজিদৰ কাষত এটা মন্দিৰ আৰু সন্মুখত এটা গীৰ্জা থিয় দি আছে।
 
মনকৰিবলগীয়া কথাটো হ'ল, য'ত তিৰুৱনন্তপুৰমত মছজিদসমূহে পংগালাত অহা মহিলাসকলৰ সেৱা কৰিছিল, তাৰ বিপৰীতে উত্তৰ কেৰালাত এটা মন্দিৰে মুছলমান সম্প্ৰদায়ৰ বাবে ইফটাৰৰ আয়োজন কৰিছিল। কাছাৰগড় জিলাৰ থাচনগড় অঞ্চলত অৱস্থিত শতিকা পুৰণি শ্ৰী পূবনম কুজি মন্দিৰত ৰমজানৰ ৰোজা ৰখা লোকসকলৰ বাবে সমূহীয়া ইফটাৰৰ আয়োজন কৰা হৈছিল। মন্দিৰৰ চৌহদত শ শ মুছলমান লোক একত্ৰিত হৈছিল আৰু সূৰ্যাস্তৰ পিছত তাতেই ৰোজা ভাঙিছিল। এই আয়োজনত আন সম্প্ৰদায়ৰ লোকেও অংশগ্ৰহণ কৰিছিল আৰু ই এক উমৈহতীয়া সামাজিক কাৰ্যসূচীত পৰিণত হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
মন্দিৰ প্ৰশাসনে জনায় যে কিছু সময়ৰ পূৰ্বে মন্দিৰত এক সমূহীয়া ভোজৰ আয়োজন কৰা হৈছিল, কিন্তু ৰমজানৰ বাবে বহু মুছলমান লোকে তাত অংশগ্ৰহণ কৰিব পৰা নাছিল। সেইবাবেই মন্দিৰ পৰিচালনা সমিতিয়ে তেওঁলোকৰ বাবে বিশেষ ইফটাৰৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল যাতে তেওঁলোকেও এই সমূহীয়া অংশগ্ৰহণৰ অংশ হ'ব পাৰে। সূৰ্যাস্তৰ লগে লগে, মুছলমানসকলে মন্দিৰ চৌহদত একত্ৰিত হৈ তাতেই ৰোজা ভাঙিলে, যিটো নিজেই এক বিৰল আৰু প্ৰতীকী দৃশ্য আছিল।
 
তিৰুৱনন্তপুৰমত পংগালাৰ সময়ত মছজিদৰ দ্বাৰা আগবঢ়োৱা সেৱা আৰু কাছাৰগোডত মন্দিৰৰ দ্বাৰা আয়োজিত ইফটাৰ— এই দুয়োটা ঘটনাই কেৰালাৰ সেই পৰম্পৰাক উজলাই তোলে য'ত বিভিন্ন ধৰ্মৰ লোকে ইজনে সিজনৰ সৈতে মিলি জীৱন নিৰ্বাহ কৰে। কেৰালাৰ জনসংখ্যাত মুছলমান আৰু খ্ৰীষ্টান মিলি প্ৰায় ৪৮ শতাংশ আৰু এই বৈচিত্ৰ্যৰ পিছতো ইয়াত শতিকা ধৰি সাংস্কৃতিক আদান-প্ৰদান আৰু সামাজিক সহাৱস্থানৰ পৰম্পৰা শক্তিশালী হৈ আছে।
 
আজি যেতিয়া বিশ্বৰ বহু প্ৰান্তত ধৰ্মৰ নামত উত্তেজনা আৰু অবিশ্বাসৰ খবৰ পোহৰলৈ আহে, তেনে সময়ত কেৰালাৰ পৰা অহা এই ঘটনাসমূহে সোঁৱৰাই দিয়ে যে প্ৰেম, সহযোগিতা আৰু মানৱীয় সংবেদনাই সমাজক একত্ৰিত কৰাৰ আটাইতকৈ ডাঙৰ শক্তি। অট্টুকল পংগালাৰ সময়ত ৰাস্তাত জ্বলি থকা লাখ লাখ চৌকাই কেৱল প্ৰসাদেই ৰন্ধা নাছিল, বৰঞ্চ সেইবোৰে এনে এখন সমাজৰ ছবিও অংকন কৰিছিল য'ত ধৰ্ম বেলেগ হ'ব পাৰে, কিন্তু মানৱতা একেই।