জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা, ২১ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 5 h ago
জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা, ২১ জনৰ মৃত্যু
জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা, ২১ জনৰ মৃত্যু
 
জম্মু
 
জম্মুত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। ৬৫জন যাত্ৰীসহ ১০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰিল এখন বাছ। এই ভয়ংকৰ দুৰ্ঘটনাত ২১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫১জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনা সংঘটিত হৈছে জম্মু আৰু কাশ্মীৰৰ উধমপুৰ জিলাত। এখন অটোৰিক্সাক খুন্দিয়াই খাৱৈত বাগৰি পৰে বাছখন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰ অভিযানত নামিছে সেনা বাহিনী। সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
 
প্ৰত্যক্ষদৰ্শীসকলে জনায়, বাছখনত বহু মহিলা আৰু ছাত্ৰ-ছাত্ৰী আছিল। বাছৰ অধিকসংখ্যক যাত্ৰীয়ে ৰামনগৰৰ পৰা উধমপুৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। বাছখন ৰামনগৰত পাহাৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই তলত বাগৰি পৰে। বাছখন ওপৰৰ পৰা পৰি সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ ফলত উদ্ধাৰকাৰীয়ে যাত্ৰীসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে।
 
মৃতসকলৰ ভিতৰত আছে, তিলো ৰাম, প্ৰেম নাথ, কৰ্তাৰ চান্দ, সোম ৰাজ, ৰাম চান্দ, গীতা দেৱী, ৰোমাল সিং, শাৰদা দেৱী, ছানী, বিশালী দেৱী, পুষ্প ৰাজ, ৰামলো ৰাম, গুলাবো দেৱী, জলম সিং, কেশৰ সিং, কান্তা দেৱী আৰু অনিতা দেৱী।
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। লগতে মোদীয়ে মৃত লোকসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো মৃতসকলৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা পিছতো কেইবাজনৰো মৃত্যু হয়। এইপৰ্যন্ত মৃতকৰ সংখ্যা ২১জন বুলি জানিব পৰা গৈছে।