মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা সম্প্ৰসাৰণ; মুঠ ১২ গৰাকী বিধায়কৰ মন্ত্ৰী হিচাবে শপতগ্ৰহণ

Story by  atv | Posted by  Munni Begum • 9 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা সম্প্ৰসাৰণ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা সম্প্ৰসাৰণ
 
গুৱাহাটী
 
শুকুৰবাৰে সম্প্ৰসাৰণ কৰা হ'ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা৷ শুকুৰবাৰে মুঠ ১২ গৰাকী বিধায়কে মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰীসহ ১৭ জনীয়া হ'ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা। দিনৰ ১২.৪৫ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান।
 
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১২ গৰাকী বিধায়কক মন্ত্ৰীৰূপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত কোনে কোনে স্থান পাব তাকে লৈ বিগত এটা মাহ ৰাজনৈতিক মহলত চলি থকা চৰ্চা আছিল। সেই চৰ্চাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকাৰ।
শুকুৰবাৰে মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ক্ৰমে ডাঃ ৰণোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীযুষ হাজৰিকা, অশোক সিংঘাল, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, বিমল বড়া, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্তই।
 
মুখ্য সচিব ডঃ ৰবি কোটাই আঁতধৰা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী অতুল বৰাৰ লগতে কেইবাগৰাকী বিধায়ক আৰু বিশিষ্ট ব্যক্তি৷
 
গোলকগঞ্জ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অশ্বিনী ৰায় সৰকাৰে অসমীয়াতে শপতবাক্য পাঠ কৰে ৷ ইফালে পীযুষ হাজৰীকা, অশোক সিংঘাল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, নীলিমা দেৱী, ডাঃ ৰণোজ পেগু, সুশান্ত বৰগোঁহায়ে অসমীয়াতে শপত বাক্য পাঠ কৰে ৷ আনহাতে কৌশিক ৰায়ে হিন্দীত, পুনৰ মন্ত্রিত্ব লাভ কৰা কৃষ্ণেন্দু পালে বাংলাত আৰু বিমল বড়াই সংস্কৃতত শপতবাক্য পাঠ কৰে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত কেইবাগৰাকী বিধায়কে প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিলে ৷ ইয়াৰ ভিতৰত আছে গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, নীলিমা দেৱী, ৰামেশ্বৰ তেলী আৰু সুশান্ত বৰগোঁহাই৷
 
উল্লেখ্য যে, মন্ত্রী হিচাপে শপত লোৱাৰ পূৰ্বে কেইবাগৰাকী বিধায়কে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয়। উল্লেখ্য যে, ১২ মে'ত মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী হিচাবে অজন্তা নেওগ, অতুল বৰা, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলীয়ে শপত গ্ৰহণ কৰিছিল। 
 
আজিৰ ১২ গৰাকী আৰু পূৰ্বতে অন্তৰ্ভুক্ত হোৱা চাৰিগৰাকী মন্ত্ৰীক সামৰি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাখন ১৬ জনীয়া হ'ল। এই ১৬ জনীয়া মন্ত্ৰীসভাক লৈ আজি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী শৰ্মাৰ কেবিনেট বৈঠক৷
 
সাংবিধানিক বিধি অনুসৰি মুখ্যমন্ত্ৰীসহ অসমৰ মন্ত্ৰীসভাখন ১৯ জনীয়াতকৈ ডাঙৰ হ'ব নোৱাৰিব। সেই হিচাবে মন্ত্ৰীসভাত এতিয়াও দুখন আসন খালী হৈ থাকিল।