নতুন দিল্লী
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰুদ্ধে কিষাণ মহাপঞ্চায়তত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দিল্লী অভিমুখে বহু কৃষক ৰাওনা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শম্ভু সীমান্তত বেৰিকেড লগোৱাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷
যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ অঞ্চলটোত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।
প্ৰশাসনৰ ফালৰ পৰা ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে ৷ কেইবাটাও স্থানত বেৰিকেড স্থাপন কৰি অন্য যাত্ৰীসকলক প্ৰাশাসনে জাৰি কৰা অন্য দিশেৰে যাতায়ত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ যাৰ ফলত জনসাধাৰণে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।
শেহতীয়া খবৰ অনুসৰি, পঞ্জাব আৰু হাৰিয়ানাৰ মাজৰ শম্ভু সীমান্ত পইণ্টত বহু আৰক্ষী নিয়োগ কৰা হৈছে ৷ ঘগগড় নদীৰ ওপৰত থকা দলংখনতো বেৰিকেড স্থাপন আৰু চিমেণ্টেৰে ব্লক স্থাপন কৰা হৈছে। দিল্লীৰ কিষাণ ঘাটত ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰুদ্ধে "দেশ বাচাও মৰ্চা"ৰ নামেৰে "কিষাণ মহাপঞ্চায়ত"ৰ পৰিকল্পনা কৰা হৈছে।
পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাটাও স্থানৰ পৰা অংশগ্ৰহণকাৰীয়ে মহাপঞ্চায়তত অংশগ্ৰহণ কৰিব বুলি কৃষক নেতাসকলে পূৰ্বেও জনাইছিল।
পঞ্জাবৰ কেইবাটাও স্থানৰ কৃষকসকলে বাছত দিল্লী অভিমুখে যোৱাৰ পৰিকল্পনা কৰিছে। এগৰাকী কৃষকে কয় যে কৃষকসকলে শান্তিপূৰ্ণভাৱে দিল্লীলৈ আগবাঢ়িব বিচাৰে, কিন্তু হাৰিয়ানা চৰকাৰে তেওঁলোকক শম্ভু সীমান্তত ৰখাইছে।
বিগত বৃহস্পতিবাৰে পুৱা গুৰদ্বাৰা শ্ৰী ফতেহগড় চাহাবৰ পৰা কৃষকৰ কেবাখনো বাহন ৰাওনা হয়। ১০০০ৰো অধিক কৃষকে এই যাত্ৰাৰ আগ নিশা গুৰদ্বাৰাত সময় কটায়। গুৰদ্বাৰাৰ পৰা জিটি ৰোডত ছিৰহিন্দৰ সমীপৰ মাধোপুৰ আৰু তাৰ পাছত শম্ভুৰ দিশে আগবাঢ়ে।
সোমবাৰে ভাৰতীয় কিষাণ ইউনিয়নৰ মুৰব্বী গুৰনাম সিং চাৰুনীক মহাপঞ্চায়তৰ বাবে দিল্লী অভিমুখে গৈ থকা অৱস্থাত কুৰুক্ষেত্ৰত আৰক্ষীয়ে আটক কৰে৷ সংগঠনটোৰ মুখপাত্ৰ প্ৰিন্স ৱাৰাইচে দাবী কৰে যে হাৰিয়ানা আৰক্ষীয়ে এই প্ৰতিবাদক বাধা দিবলৈ, বৃহৎ সংখ্যক প্ৰতিবাদকাৰীক আটক কৰে৷
আনহাতে, আম্বালা আৰক্ষীয়ে উল্লেখ কৰা মতে, আইন-শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি কৰা হৈছে । প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে এই সময়ত কোনো কৃষক সংগঠন বা প্ৰতিবাদী গোটক আগবাঢ়ি যাবলৈ দিয়া নহ’ব। বলপূৰ্বকভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰা যিকোনো গোটৰ সৈতে জড়িত লোকৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে, শম্ভু সীমান্ত বন্ধ হোৱাৰ বাবে দিল্লী আৰু পঞ্জাবৰ মাজত যাতায়ত কৰা যান-বাহনৰ বাবে বিকল্প পথ স্থাপন কৰা হৈছে। যাত্ৰীসকলক প্ৰশাসনে জাৰি কৰা পথসমূহ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।