শ্ৰীহৰিকোটা
ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ' এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে৷
সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHARৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয়। ভাৰতৰ জিঅ'চিংক্ৰ'নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ'এছ-০৫ ক লৈ উপ-জিঅ'চিনক্ৰ'নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ')ৰ দিশে যাত্ৰা কৰে।
ইছৰো আৰু এই অভিযানৰ লগত জড়িত বিজ্ঞানীসকলক প্ৰশংসা কৰি মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে এক্সত লিখিছে, "মহাকাশত ভাৰতৰ বাবে আন এক বৃহৎ সাফল্য! জিএছএলভি-এফ১৭/ ইঅ'এছ-০৫ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ দললৈ অভিনন্দন ৷ ইঅ'এছ-০৫ হৈছে এক অত্যাধুনিক পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু জিঅ'চিনক্ৰ'নাছ কক্ষপথৰ পৰা ভাৰতৰ প্ৰথম ইমেজিং উপগ্ৰহ, যিয়ে দৃশ্যমান, অতি ৰঙা, বহু-বৰ্ণালী আৰু হাইপাৰস্পেকট্ৰল বেণ্ডসমূহৰ মাজেৰে উন্নত ইমেজিং সক্ষম কৰি তোলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰদ্বাৰা ভাৰতৰ মহাকাশ ক্ষমতাই নতুন উচ্চতা বৃদ্ধি কৰিছে, যাৰ ফলত বিশ্বব্যাপী মহাকাশ শক্তি হিচাপে আমাৰ স্থিতি সুদৃঢ় হৈছে।"
শুকুৰবাৰে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে, জি এছ এল ভি-এফ ১৭ বাহনখনে জিঅ'-ইমেজিং ষ্টাৰ উপগ্ৰহ এডভান্সড আৰ্থ অবজাৰ্ভেচন চেটেলাইট-০৫ (EOS-০৫)ক নিজৰ নিৰ্দিষ্ট কক্ষপথত সফলতাৰে আৰু সঠিকভাৱে স্থাপন কৰিছে।
নাৰায়ণনে কয় যে, এই সফল অভিযান ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবে এক বৃহৎ সাফল্য আৰু কক্ষপথত স্থাপনৰ পিছত উপগ্ৰহটোৰ অৱস্থা সম্পূৰ্ণ সুস্থিৰ আছিল। মহাকাশ কেন্দ্ৰত অভিযানৰ সফলতা ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে নাৰায়ণনে কয়, "মই এই কথা জনাই অতি সুখী যে জি এছ এল ভি-এফ ১৭ বাহনখনে এডভান্সড আৰ্থ অবজাৰ্ভেচন চেটেলাইট ০৫ নামৰ জিঅ’ ইমেজিং উপগ্ৰহটোক নিৰ্দিষ্ট কক্ষপথত সফলতাৰে আৰু সঠিকভাৱে স্থাপন কৰিছে।"
তেওঁ কয় যে ই অ’এছ-০৫ কক্ষপথত কাৰ্যক্ষম হ’লে ই জিঅ’ কক্ষপথৰ পৰা ভাৰতৰ প্ৰথমটো নিবেদিত ইমেজিং উপগ্ৰহ হিচাপে পৰিগণিত হ’ব আৰু ই দেশখনক গুৰুত্বপূৰ্ণ কৌশলগত তথ্য প্ৰদান কৰিব। নাৰায়ণনে লগতে কয়, "আজি আমি এই উৎক্ষেপণ বাহন ব্যৱহাৰ কৰি ২৩৬৭ কিলোগ্ৰাম ওজনৰ আটাইতকৈ গধুৰ উপগ্ৰহটো কক্ষপথত স্থাপন কৰিছোঁ।"
নাৰায়ণনে এই সফল অভিযানৰ কৃতিত্ব সমগ্ৰ ইছৰো দল, ইয়াৰ ঔদ্যোগিক অংশীদাৰ আৰু শৈক্ষিক সমাজৰ সংযুক্ত প্ৰচেষ্টাক প্ৰদান কৰে। তেওঁ কয়, "এই সফলতা সমগ্ৰ ইছৰো দল, আমাৰ ঔদ্যোগিক অংশীদাৰ, আৰু শিক্ষাবিদসকলৰ কঠোৰ পৰিশ্ৰমৰ ফল।"
উৎক্ষেপণৰ পিছত ইছৰোৰ মুৰব্বীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে, মহাকাশ সংস্থাটোৱে চলিত বিত্তীয় বৰ্ষত আৰু ছটা উৎক্ষেপণৰ লক্ষ্য লৈছে। এই অভিযানে যথেষ্ট জনস্বাৰ্থৰ সৃষ্টি কৰিছে, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু মহাকাশ অনুৰাগীসকলে শ্ৰীহৰিকোটাত সমবেত হৈ উৎক্ষেপণৰ সাক্ষী হৈছিল। বৰষুণৰ মাজতো মানুহে লঞ্চ-ভিউইং এৰিয়াত ৰৈ ৰকেট উৎক্ষেপণ চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছিল।
ই অ' এছ-০৫ হৈছে এখন অত্যাধুনিক পৃথিৱী পৰ্যবেক্ষণ মহাকাশযান আৰু ভূ-সমকালীন কক্ষপথত স্থাপন কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্ৰহ হিচাপে ই উল্লেখযোগ্য। এনে কক্ষপথৰ পৰা এই উপগ্ৰহটোক পৃথিৱীৰ বৃহৎ অঞ্চলৰ সঘনাই পৰ্যবেক্ষণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে৷ ই বতৰ, কৃষিৰ আপডেট আদিৰ তথ্য প্ৰদান কৰিব পাৰিব।
মহাকাশযানখন জি এছ এল ভি-এফ ১৭এ কঢ়িয়াই লৈ যায়, যাৰ পেলোড ফেয়াৰিঙৰ ৪ মিটাৰ ব্যাসৰ অগিভ কম্পোজিট কনফিগাৰেচন আছে। বাহনখনৰ মিছন হৈছে ইঅ’এছ-০৫ক চাব-জিটিঅ’ত স্থাপন কৰা, তাৰ পিছত উপগ্ৰহটোৱে নিজৰ কাৰ্যকৰী কক্ষপথত উপনীত হোৱাৰ সম্ভাৱনা আছে।
এই অভিযান জিএছএলভি কাৰ্যসূচীৰ বাবেও এক উল্লেখযোগ্য উৰণ৷ ইয়াক গধুৰ মহাকাশযানক জিঅ’চিংক্ৰ’নাছ কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ডিজাইন কৰা হৈছে। ইয়াৰ পূৰ্বৰ জিএছএলভি মিছন জিএছএলভি-এফ১৬ এ ২০২৫ চনৰ জুলাই মাহত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ (নিছাৰ) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰিছিল।
জিএছএলভি-এফ১৭ৰ সফল উৎক্ষেপণৰ লগে লগে ইছৰোৱে পুনৰবাৰ নিজৰ জিএছএলভি প্লেটফৰ্মৰ সামৰ্থ্য প্ৰদৰ্শন কৰি ভাৰতৰ পৃথিৱী পৰ্যবেক্ষণ কাৰ্যসূচীক আগুৱাই লৈ গৈছে।