ছলমান খানে ক্ষমা খুজিবই লাগিব; টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি মুকলি ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

Story by  atv | Posted by  [email protected] • 49 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহু অঞ্চলত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ বলীউডক জোকাৰি গৈছে। বলীউডৰ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব মুকলিকৈ স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণৈ গোটে। কেৱল সেয়াই নহয়, বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানলৈও এক ভয়ংকৰ সকীয়নি প্ৰেৰণ কৰিছে গোটটোৱে। গেঙৰ স্পষ্ট দাবী— ছলমান খানে বিষ্ণৈ সম্প্ৰদায়ৰ ওচৰত ক্ষমা খুজিবই লাগিব, অন্যথা ইয়াৰ পৰিণাম অতি ভয়াবহ হ'ব।
 
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি মটৰ চাইকেলত অহা তিনিজনীয়া দুৰ্বৃত্তৰ এটা দলে গুলীচালনা কৰে। এই ভয়ংকৰ কাণ্ডৰ পাছতেই লৰেন্স বিষ্ণৈ গোটৰ প্ৰতিনিধি অনিল পণ্ডিতে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি আক্ৰমণৰ দায়িত্ব নিজৰ কান্ধলৈ লয়। তেওঁ স্পষ্ট কৰি দিয়ে যে, টাইগাৰ শ্ৰফক পূৰ্বতেই সকীয়নি প্ৰদান কৰা হৈছিল, কিন্তু অভিনেতাজনে সেই কথালৈ ভ্ৰূক্ষেপ কৰা নাছিল। সেয়ে বাধ্য হৈ তেওঁলোকে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। অনিল পণ্ডিতে লগতে সকীয়াই দিয়ে যে, ছলমান খানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা বলীউডৰ যিকোনো ব্যক্তিয়েই তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হ'ব আৰু কাকো ৰেহাই দিয়া নহ'ব।
 
সামাজিক মাধ্যমৰ পোষ্টটোত বিষ্ণৈ গোটে লিখিছে, "জয় মহাকাল... জয় শ্ৰী ৰাম... সকলো ভাই-ভনীলৈ শুভেচ্ছা। আমি অনিল পণ্ডিত আৰু হৰমন সন্ধুৱে আজি টাইগাৰ শ্ৰফৰ লগত ঘটা কাণ্ডৰ সম্পূৰ্ণ দায়িত্ব লৈছোঁ। আমি তেওঁক ফোনযোগে সকীয়াই দিছিলোঁ, কিন্তু তেওঁ আমাৰ কথা বুজি নাপালে। সেয়ে আজি আমি তেওঁক আমাৰ ভাষাৰে অধিক শক্তিশালী ৰূপত বুজাই দিলোঁ। মুম্বাই চলচ্চিত্ৰ জগতৰ যিয়েই আমাৰ কথা নুশুনে বা ছলমান খানৰ সৈতে কাম কৰে, তেৱেঁই পৰৱৰ্তী লক্ষ্য হ’ব। ৰওক আৰু চাই যাওক।" পোষ্টটোৰ শেষত আন এটা বিশেষ সকীয়নি দি কোৱা হৈছে যে, "বি:দ্ৰ: আমাৰ নাম ব্যৱহাৰ কৰি খ্যাতি অৰ্জন কৰিব বুলি ভবা আন গোটৰ লোকসকলক অতি সোনকালে হত্যা কৰা হ'ব, আৰু আমি তেওঁলোকক তেনেকৈয়ে বিখ্যাত কৰিম।"
 
ইপিনে, মুম্বাইৰ অপৰাধ শাখাই শেহতীয়াকৈ এটা অডিঅ’ পোহৰলৈ আনিছে, য’ত অনিল পণ্ডিতে ছলমান খানলৈ প্ৰত্যক্ষ ভাবুকি প্ৰেৰণ কৰিছে। অডিঅ'টোত অনিল পণ্ডিতে কয়, "মোৰ কথা ভালদৰে শুনক ছলমান খান। যদি আপুনি মোৰ ডাঙৰ ভাই লৰেন্স বিষ্ণৈ আৰু সমগ্ৰ বিষ্ণৈ সমাজৰ ওচৰত ক্ষমা নিবিচাৰে, তেন্তে আমি আপোনাৰ ঘৰত কুকুৰ এটাও জীৱাই নাৰাখিম। আমি আপোনাৰ সমগ্ৰ পৰিয়ালটো ধ্বংস কৰি দিম। এই কথা মনত ৰাখিব আৰু ভুলতো নাভাবিব যে আপুনি নিৰাপত্তাৰ মাজত আছে আৰু আপোনাৰ একো নহ'ব।"
 
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰে সন্ধিয়াৰ এই গুলীচালনাৰ ঘটনাত টাইগাৰ শ্ৰফৰ গাড়ীচালক আৰু পথত থকা এজন অ'ট'চালক আহত হৈছে। এই স্পৰ্শকাতৰ ঘটনাৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱীছে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তেওঁ মুম্বাইৰ আৰক্ষী আয়ুক্তক তৎকালীনভাৱে সমগ্ৰ বিষয়টোৰ ক্ষীপ্ৰ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
 
উল্লেখ্য যে, ছলমান খান আৰু বিষ্ণৈ গেঙৰ মাজৰ এই সংঘাত নতুন নহয়। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ অৰ্থাৎ ২০২৪ চনৰ ১৪ এপ্ৰিলতো মুম্বাইৰ বান্দ্ৰাস্থিত ছলমান খানৰ বাসগৃহ 'গেলেক্সী এপাৰ্টমেণ্টছ'ৰ বাহিৰত মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই অনুৰূপ ধৰণে গুলীচালনা কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল।