এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মাদক দ্ৰব্য সেৱন কৰা বুলি নিশ্চিত AAIB; উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ DGCAক

Story by  atv | Posted by  Munni Begum • 46 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
বিমান দুৰ্ঘটনা তদন্ত সংস্থা Aircraft Accident Investigation Bureau (এএআইবি)এ শুকুৰবাৰে জনায় যে এয়াৰ ইণ্ডিয়াৰ ফুকেট-দিল্লী বিমানখনৰ পাইলট-ইন-কমাণ্ডে মাদকজাতীয়/মনঃপ্ৰভাৱ পেলাব পৰা পদাৰ্থ সেৱন কৰা বুলি নিশ্চিত হোৱা বিষয়টো অতি গুৰুতৰ চিন্তাৰ বিষয়। এই সন্দৰ্ভত বিমান পৰিবহণ নিয়ন্ত্ৰক সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়(DGCA)-ক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। 
 
৪ আগষ্টত সংঘটিত ঘটনাটোৰ ওপৰত এএআইবিয়ে প্ৰকাশ কৰা প্ৰাথমিক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। সেইদিনা এ৩২০ বিমানখনে হঠাতে প্ৰায় ৩০০ ফুট উচ্চতা নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বিমানখনত থকা কেইবাজনো লোক আহত হৈছিল। ঘটনাটোৰ ওপৰত এতিয়াও বিস্তৃত তদন্ত চলি আছে।
 
এএআইবিয়ে ইয়াৰ অন্তৱৰ্তীকালীন সুৰক্ষা পৰামৰ্শত কয় যে, বিমানৰ এজন ক্ৰু সদস্যৰ দেহত মনঃপ্ৰভাৱ পেলাব পৰা পদাৰ্থৰ উপস্থিতিৰ পৰীক্ষাৰ ফলাফল পজিটিভ/নন-নেগেটিভ পোৱা গৈছে। সেয়েহে এনে পদাৰ্থৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ডিজিচিএয়ে নিজৰ বিবেচনা অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত।  
 
এআই ২৩৭৯ নম্বৰৰ ফুকেটৰ পৰা দিল্লী অভিমুখী বিমানখন এ৩২০-২৫১এন মডেলৰ আছিল আৰু ইয়াৰ পঞ্জীয়ন নম্বৰ আছিল ভিটিএক্সঅ’। বিমানখনত মুঠ ১৪৫ জন লোক আছিল। ইয়াৰ ভিতৰত ২ জন পাইলট আৰু ৬ জন কেবিন ক্ৰু সদস্য আছিল।
 
১০ পৃষ্ঠাৰ প্ৰাথমিক প্ৰতিবেদন অনুসৰি, বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত ২৪ জন লোকক চিকিৎসা সহায় প্ৰদান কৰা হৈছিল। তেওঁলোকৰ ভিতৰত ৪ জনৰ আঘাত গুৰুতৰ আছিল।
 
এএআইবিয়ে কয় যে, এই ঘটনাত বিমানখনৰ পাইলট-ইন-কমান্ডৰ নিশ্চিত কৰা পৰীক্ষাত মনঃপ্ৰভাৱ পেলাব পৰা পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে।
 
তদন্ত সংস্থাটোৱে কয়, এনে পদাৰ্থ সেৱনৰ বিষয়টো অতি গুৰুতৰ চিন্তাৰ বিষয়, আৰু সেইবাবে ডিজিচিএয়ে অগ্ৰাধিকাৰৰ ভিত্তিত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত।
 
এএআইবিয়ে লগতে জনায় যে, আৰম্ভণিতে বিমানখন দিল্লীলৈ আহি থকা সময়ত 'বায়ুৰ অস্থিৰতা' (turbulence)ৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছিল। কিন্তু সংগ্ৰহ কৰা তথ্য-প্ৰমাণ আৰু বিমানখনত থকা লোকসকলৰ আঘাতৰ পৰিমাণ বিশ্লেষণ কৰাৰ পিছত ঘটনাটোক ‘দুৰ্ঘটনা’ (accident) হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। 
 
বৰ্তমান তদন্তকাৰী দলে বিভিন্ন সংস্থা আৰু সংশ্লিষ্ট পক্ষৰ পৰা সংগ্ৰহ কৰা তথ্য, নথি-পত্ৰ আৰু অন্যান্য তথ্য-প্ৰমাণ পৰীক্ষা কৰি আছে। তদন্তকাৰী দলে দিল্লী বিমানবন্দৰত বিমানখনৰ পাইলট আৰু কেবিন ক্ৰু সদস্যসকলৰ সৈতে কথা পাতিছিল। ইয়াৰ ভিতৰত কেবিন ছুপাৰভাইজাৰো আছিল। পিছত বিমানখনৰ দুয়োজন পাইলটক পৃথকভাৱে সাক্ষাৎকাৰ লোৱা হয়। তদন্ত এতিয়াও চলি আছে আৰু সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ঘটনাটোৰ বিষয়ে অধিক স্পষ্ট তথ্য পোহৰলৈ আহিব।