নতুন দিল্লী
আগৰতলাৰ পৰা কলকাতালৈ এজন ৰোগী আৰু আন ছয়জন লোকক কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেন্সৰ দৰ্জা উৰণৰ মাজতে খোল খাই যোৱাৰ ফলত ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱা হয়।
আগৰতলাৰ এম বি বি বিমানবন্দৰৰ সূত্ৰই জনোৱা মতে, অঞ্জনা ভৌমিক বুলি চিনাক্ত কৰা ৰোগীগৰাকীক লগে লগে ঢাকাৰ কুৰ্মিটোলা জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰই লগতে জনায় যে হাস্পতালত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
সূত্ৰৰ পৰা জানিব পৰা মতে, "এছ কে বি ইনফ্রাকন প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত এই এয়াৰ এম্বুলেন্সখনত ৰোগীগৰাকীৰ উপৰিও এজন চিকিৎসক, এজন পেৰামেডিক, দুজন আত্মীয় আৰু দুজন পাইলট আছিল। ৰোগীগৰাকীৰ লগত যোৱা লোকসকলৰ ভিতৰত আছিল ডাঃ ফিৰোজ খান, পেৰামেডিক আজিম খান আৰু সংগী শান্তা ভৌমিক তথা দীপ জ্যোতি মিশ্ৰ। বিমানখনৰ মুখ্য পাইলট আছিল কেপ্টেইন পূণ্য অনুপ আৰু সহ-পাইলট আছিল কেপ্টেইন তনুজ শৰ্মা।"
প্ৰাথমিক তথ্য অনুসৰি, উৰণৰ সময়ত বিমানখনৰ দৰজা খোল খাই যোৱাৰ বাবেই পাইলট দুজনে জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়। পাইলট দুজন আৰু ৰোগীগৰাকীৰ লগত যোৱা আন লোকসকল নিৰাপদে থকা বুলি জানিব পৰা গৈছে।