মিত্ৰতা ভংগ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ

Story by  atv | Posted by  [email protected] • 50 m ago
অখিল গগৈ আৰু গৌৰৱ গগৈ
অখিল গগৈ আৰু গৌৰৱ গগৈ
 
গুৱাহাটী
 
আজি কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা মিত্ৰতা তৎকালীনভাৱে ভংগ কৰা বুলি ঘোষণা কৰে। ইয়াৰ জৰিয়তে অসমৰ বিৰোধী শিবিৰত দীৰ্ঘদিন ধৰি চলি থকা এক তিক্ততাপূৰ্ণ আৰু কেৱল নামতহে থকা মিত্ৰতাৰ অন্ত পৰিল।
 
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু জল্পনা-কল্পনা আৰু ৰহস্যৰ অন্তত মাজনিশা গৌৰৱ গগৈ আৰু অখিল গগৈয়ে একেলগ হৈ এই মিত্ৰতাৰ কথা ঘোষণা কৰিছিল। কিন্তু বাস্তৱিকতে এই মিত্ৰতাত ৰাজনৈতিক ৰসায়নৰ চৰম অভাৱ আছিল। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে প্ৰবল হেঁচাত পৰিহে এই মিত্ৰতাত সন্মতি দিছিল; আন্তৰিকতাৰে তেওঁ অখিল গগৈক কেতিয়াও বন্ধুৰূপত বিচৰা নাছিল। অখিল গগৈয়েও এই মনোভাৱ উপলব্ধি কৰিছিল। পৰৱৰ্তী সময়ত, নিৰ্বাচনত কংগ্ৰেছে শোচনীয় পৰাজয় বৰণ কৰাৰ লগে লগে এই মিত্ৰতাই যে ৰাইজৰ মাজত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে, সেয়া স্পষ্ট হৈ পৰে।
 
নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছৰে পৰাই দুয়ো শীৰ্ষ নেতাৰ মাজত শীতল যুদ্ধই মুকলি ৰূপ লয়। মিত্ৰজোঁটক নেতৃত্ব দিয়াত গৌৰৱ গগৈৰ বিফলতাক অখিল গগৈয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছক ‘ডুপ্লিকেট বিৰোধী’ বুলি কটাক্ষ কৰে। উজনি অসমৰ ভয়ংকৰ বানপানীৰ সময়তো এই বাকযুদ্ধই চৰম সীমা অতিক্ৰম কৰে। অখিল গগৈয়ে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈক লক্ষ্য কৰি তেওঁৰ 'ভৰিত বোকা লগা নাই' বুলি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছেও তীব্ৰ আক্ৰমণ কৰি কয় যে ৰাজ্যৰ জ্বলন্ত সমস্যাতকৈ গৌৰৱ গগৈৰ ভৰিত বোকা আছেনে নাই, সেয়াহে অখিল গগৈৰ বাবে মুখ্য বিষয়। তদুপৰি, কংগ্ৰেছ নেতাই মুকলিকৈ দাবী কৰে যে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে গোপন বুজাবুজি ৰাখিছে আৰু শিৱসাগৰত কেৱল কংগ্ৰেছৰ 'অক্সিজেন' লৈহে তেওঁ নিৰ্বাচন জিকিবলৈ সক্ষম হৈছে।
 
ক্ৰমাগত সংঘাত আৰু অপবাদৰ ফলশ্ৰুতিতেই কংগ্ৰেছৰ ধৈৰ্যৰ বান্ধ ছিগি যায়। গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে এ পি চি চিৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই স্বাক্ষৰ কৰা এখন আনুষ্ঠানিক চাৰ্কুলাৰৰ জৰিয়তে মিত্ৰতা ভংগৰ কথা ঘোষণা কৰা হয়। বিবৃতিত স্পষ্টকৈ উল্লেখ কৰা হয় যে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ বাওঁপন্থী আৰু আঞ্চলিক দলসমূহক লৈ গঠন কৰা এই মিত্ৰজোঁটৰ নীতি-নিয়ম ৰাইজৰ দলে ভংগ কৰিছে। কংগ্ৰেছৰ অভিযোগ অনুসৰি, ৰাইজৰ দলৰ নেতৃত্বই ধাৰাবাহিকভাৱে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে আৰু গৌৰৱ গগৈৰ চৰিত্ৰহননৰ দৰে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে। এনে পৰিস্থিতিত তেওঁলোকৰ সৈতে মিত্ৰতা ৰক্ষা কৰাটো অসম্ভৱ।
 
উল্লেখযোগ্য যে, এই আনুষ্ঠানিক বিচ্ছেদে অসমৰ বিৰোধী ৰাজনীতিত চলি থকা 'তিনি গগৈ'ৰ চৰ্চা আৰু নেৰেটিভ সম্পূৰ্ণৰূপে অতীত কৰি পেলালে। পৰিৱৰ্তনকামী ৰাইজৰ বাবে কোনো আশাৰ ৰেঙনি কঢ়িয়াব নোৱাৰা এই মিত্ৰতাৰ অন্ত পৰাৰ লগে লগে, এতিয়া অখিল গগৈ আৰু গৌৰৱ গগৈ নিজ নিজ সুকীয়া ৰাজনৈতিক পথত অগ্ৰসৰ হোৱাটো নিশ্চিত হ'ল।