নতুন দিল্লী
উত্তৰ প্ৰদেশৰ বানপীড়িত ২৬খন জিলাৰ পৰা এতিয়ালৈকে ১৭,৫০০ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এতিয়ালৈকে বানত কোনো লোক বা পশুধনৰ মৃত্যু হোৱা নাই বুলি শুকুৰবাৰে ৰাজ্য চৰকাৰে জানিবলৈ দিয়ে।
ৰাজ্যৰ সাহায্য আয়ুক্তৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, বানৰ ফলত প্ৰায় ৩.৫৩ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান ৪,৮৪৭ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।
ৰাজ্য চৰকাৰে জনোৱা মতে, বানপীড়িত অঞ্চলসমূহত মুঠ ১,৩১২টা বান সাহায্য শিবিৰ স্থাপন কৰা হৈছে। লগতে ১,৬৩৪টা বান নিয়ন্ত্ৰণ চকী, ১,৬৯৭খন নাও আৰু মটৰবোট, আৰু ১,০৬৮টা চিকিৎসা দল মোতায়েন কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
সাহায্য অভিযানৰ অংশ হিচাপে বানপীড়িত লোকসকলৰ মাজত ৭২,৮৯৭টা খাদ্যৰ পেকেট আৰু ৩,৬৭,৫৫১টা দুপৰীয়াৰ আহাৰৰ পেকেট বিতৰণ কৰা হৈছে। স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থাৰ অংশ হিচাপে ৫.৫২ লাখৰো অধিক ক্ল’ৰিন টেবলেট আৰু ১.৮৭ লাখ ORS পেকেট যোগান ধৰা হৈছে। পশুধনৰ বাবে ৫,০০০ কুইণ্টলৰো অধিক পশুখাদ্য যোগান ধৰা হৈছে।
চৰকাৰৰ মতে, বানৰ ফলত ৪৫,০০০ৰো অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে যদিও এতিয়ালৈকে কোনো পশুধনৰ মৃত্যু হোৱা নাই।
বানপীড়িত ২৬খন জিলা হৈছে, আমৰোহা, অযোধ্যা, আজমগড়, বদায়ুঁ, বালিয়া, বাৰাবংকি, বস্তী, চান্দৌলী, ফাৰুখাবাদ, গাজীপুৰ, গণ্ডা, গোৰখপুৰ, হাৰদৈ, কাসগঞ্জ, কানপুৰ, লখিমপুৰ খেৰী, মিৰ্জাপুৰ, মোৰাদাবাদ, পিলিভীত, প্ৰয়াগৰাজ, ৰায়বৰেলী, ৰামপুৰ, সন্ত কবীৰ নগৰ, শ্বাহজাহানপুৰ, উন্নাও আৰু বাৰাণসী।
চিত্ৰকূটত মন্দাকিনী নদীৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে। ২৯ আগষ্টত ১৩৫.২০ মিটাৰলৈ বৃদ্ধি পোৱা জলপৃষ্ঠ এতিয়া ১২৮ মিটাৰলৈ নামিছে। অৱশ্যে পৰিস্থিতিৰ ওপৰত কৰ্তৃপক্ষই এতিয়াও সতৰ্ক দৃষ্টি ৰাখিছে আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।
চিত্ৰকূটত মুঠ ৬৮৮ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। লগতে বানপীড়িত ৩৬খন গাঁৱৰ ১৩,৯০৬ জন লোকক সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত কাৰৱী অঞ্চলৰ ১৯খন, ৰাজাপুৰৰ ৭খন আৰু মানিকপুৰৰ ১০খন গাঁও আছে।
বানপীড়িত অঞ্চলসমূহত প্ৰশাসনে ২৮,৮০৩টা দুপৰীয়াৰ আহাৰৰ পেকেট আৰু ২,০৬৫টা সাহায্য সামগ্ৰীৰ কিট বিতৰণ কৰিছে। বৰ্তমান ১৮টা বান সাহায্য শিবিৰ সক্ৰিয় হৈ আছে। এম্বুলেন্স আৰু প্ৰয়োজনীয় ঔষধসহ ২৮টা চিকিৎসা দল মোতায়েন কৰা হৈছে।
বানৰ ফলত চিত্ৰকূটত ৬৫৩টা ঘৰৰ আংশিক ক্ষতি হৈছে। ক্ষতিগ্ৰস্ত ১৮৮ জন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ মুঠ ৭.৫২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰেৰণ কৰা হৈছে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত এটা ঘৰৰ ক্ষেত্ৰত ১.২০ লাখ টকা সাহায্য প্ৰদান কৰা হৈছে। আন ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ প্ৰক্ৰিয়া চলি আছে।
জিলাখনত ৩০জনীয়া NDRFৰ এটা দল আৰু ২৭জন কৰ্মীৰে গঠিত SDRFৰ দুটা দল মোতায়েন কৰা হৈছে। কৃষকসকলৰ ক্ষয়-ক্ষতি নিৰূপণৰ বাবে শস্যৰ ক্ষয়ক্ষতিৰ জৰীপো চলি আছে। গাজীপুৰত ২,০০০ৰো অধিক ভেড়াসহ ১২জন পালকক উদ্ধাৰ
গাজীপুৰত গংগা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত দুহিয়া চৰাইয়া অঞ্চলৰ ওচৰৰ এটা দ্বীপত আবদ্ধ হৈ পৰা ১২জন পালক আৰু ২,০০০ৰো অধিক ভেড়াক আৰক্ষী আৰু প্ৰশাসনে উদ্ধাৰ কৰে।
উদ্ধাৰ অভিযানটো প্ৰায় ছয় ঘণ্টা ধৰি চলিছিল। নিশা পলমকৈ এই ঘটনাৰ খবৰ পোৱাৰ পিছত আৰক্ষী-প্ৰশাসনৰ যুটীয়া দলটো দাদৰি ঘাটত উপস্থিত হয়। আবদ্ধ হৈ থকা লোক আৰু পশুধন বিচাৰি উলিয়াবলৈ নাইট-ভিজন ড্ৰোন ব্যৱহাৰ কৰা হয়।
ইয়াৰ পিছত পিএচিৰ বান উদ্ধাৰকাৰী দল, আৰক্ষী আৰু প্ৰশাসনৰ কৰ্মীৰ লগতে স্থানীয় নাৱৰীয়াসকলে মিলি উদ্ধাৰ অভিযান চলায়। এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই।
ৰাজ্য চৰকাৰে জনোৱা মতে, বানপীড়িত জিলাসমূহত সাহায্য, উদ্ধাৰ, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম অব্যাহত আছে। প্ৰয়োজন অনুসৰি লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু এতিয়ালৈকে কোনো লোক বা পশুধনৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।