CJPৰ প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি দিল্লীৰ ৫টা মেট্ৰ' ষ্টেচন বন্ধ; দুৰ্ভোগৰ সন্মুখীন হাজাৰ হাজাৰ যাত্ৰী

Story by  atv | Posted by  Munni Begum • 18 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ৰাজধানী নতুন দিল্লীত সোমবাৰে সংসদ অভিমুখে প্ৰস্তাৱিত ক'কৰোজ জনতা পাৰ্টি (CJP)ৰ প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত দিল্লী মেট্ৰ' ৰে'ল কৰ্প'ৰেশ্যন (DMRC)এ নিৰাপত্তাজনিত কাৰণত পাঁচটা গুৰুত্বপূৰ্ণ মেট্ৰ' ষ্টেচন পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ ঘোষণা কৰাত হাজাৰ হাজাৰ যাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হয়।
 
বন্ধ ঘোষণা কৰা ষ্টেচনসমূহ হ'ল ৰাজীৱ চ'ক, জনপথ, পেটেল 'চক, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট আৰু সেৱা তীৰ্থ। এই সিদ্ধান্তৰ ফলত ৰাজধানীৰ বিভিন্ন প্ৰান্তত যাতায়াত ব্যৱস্থা ব্যাহত হয় আৰু বহু লোকে গন্তব্যস্থানলৈ যাবলৈ বিকল্প পথ বাছি ল'বলৈ বাধ্য হয়। বিশেষকৈ ৰাজীৱ চ'ক মেট্ৰ' ষ্টেচনত, যিটো দিল্লীৰ অন্যতম ব্যস্ত ইণ্টাৰচেঞ্জ ষ্টেচন, বন্ধ প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰৰ সন্মুখত বহু যাত্ৰীৰ ভিৰ পৰিলক্ষিত হয়। 
 
আনহাতে, পেটেল চ'ক ষ্টেচনৰ ওচৰত যন্তৰ মন্তৰ অভিমুখে যোৱা প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে মৃদু বল প্ৰয়োগ কৰা বুলিও জানিব পৰা গৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা কেইবাটাও ভিডিঅ'ত দেখা গৈছে যে, ষ্টেচনৰ দুৱাৰ বন্ধ কৰি দিয়াৰ পিছত কিছুমান যাত্ৰীয়ে বাহিৰলৈ ওলাই যাবলৈ বেৰিকেড আৰু বন্ধ গেটৰ ওপৰেৰে কেইবাজনো যাত্ৰী উঠি পাৰ হৈছে।  
 
জনপথ মেট্ৰ' ষ্টেচনৰ বাহিৰতো ছাত্ৰ-ছাত্ৰী, কাৰ্যালয়গামী কৰ্মচাৰী আৰু অন্যান্য যাত্ৰীসকলে বন্ধ গেটৰ সন্মুখত থিয় হৈ নিৰাপত্তাৰক্ষীৰ পৰা পৰৱৰ্তী তথ্যৰ অপেক্ষা কৰি আছে। এগৰাকী যাত্ৰী অমিত শৰ্মাই কয়, "সোমবাৰৰ ভিৰ এৰাবলৈ মই সাধাৰণতকৈ এঘণ্টা আগতেই ঘৰৰ পৰা ওলাই আহিছো। কিন্তু ষ্টেচন বন্ধ থকাত এতিয়া আন এখন মেট্ৰ' ষ্টেচনলৈ খোজকাঢ়ি যাব লাগিব। ফলত অফিচ পাবলৈ আৰু ৩০-৪০ মিনিট অধিক সময় লাগিব।" 
 
আনহাতে, কলেজৰ ছাত্ৰী ৰিয়া বর্মাই কয় যে, সহপাঠীৰ সৈতে জনপথ ষ্টেচনত উপস্থিত হৈ গেট বন্ধ দেখি তেওঁলোক আচৰিত হৈ পৰে। "কি হৈছে কোনো কথা বুজি পোৱা নাছিলোঁ। এতিয়া কলেজলৈ যাবলৈ আন এটা পথ বিচাৰিবলগীয়া হৈছে," বুলিও তেওঁ মন্তব্য কৰে।
 
ডিএমআৰচিয়ে সোমবাৰে পুৱাই সামাজিক মাধ্যম এক্সত জনোৱা অনুসৰি, নিৰাপত্তাজনিত কাৰণত উক্ত পাঁচটা মেট্ৰ' ষ্টেচন পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ থাকিব।
 
ইফালে, মধ্য দিল্লীজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাত বহু যাত্ৰীক মোবাইলত নেভিগেচন এপ ব্যৱহাৰ কৰি বিকল্প পথ বিচাৰা দেখা গৈছে। বহুতে সহকৰ্মী বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰাৰ লগতে মেট্ৰ' কৰ্মচাৰী আৰু আৰক্ষীৰ পৰা সহায় বিচাৰিছে। 
 
বহু যাত্ৰীয়ে ওচৰৰ খোলা মেট্ৰ' ষ্টেচনলৈ খোজকাঢ়ি যোৱাৰ বিপৰীতে আন বহুতে বাছ, অট'ৰিক্সা আৰু কেবৰ সহায়ত গন্তব্যস্থানলৈ ৰাওনা হয়। 


শেহতীয়া খবৰ