নতুন দিল্লী
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি, ৩০ জুনৰ পৰা ১ ছেপ্টেম্বৰলৈকে যোৱা ৬৪ দিনত হিমাচল প্ৰদেশত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱে এক ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে। নেৰানেপেৰা ধাৰাষাৰ বৰষুণ, ভয়ংকৰ ভূমিস্খলন, বানপানী আৰু ইয়াৰ ফলশ্ৰুতিত ঘটা পথ দুৰ্ঘটনাই পাহাৰীয়া ৰাজ্যখনৰ জনজীৱন তথা আন্তঃগাঁথনি সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে।
প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ পৰিণতিত এই সময়ছোৱাত ৰাজ্যখনত মুঠ ২৫৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ১৫৩ জন লোকৰ মৃত্যু কেৱল পথ দুৰ্ঘটনাত হোৱাৰ বিপৰীতে ১০৬ জন লোকে বৰষুণ আৰু অন্যান্য দুৰ্যোগজনিত কাৰণত মৃত্যুবৰণ কৰিছে। এই দুৰ্যোগজনিত মৃত্যুৰ ভিতৰত ভূমিস্খলনত ১৮ জন আৰু পানীত ডুবি ১৩ জন লোকৰ মৃত্যু হোৱা বুলি তথ্য পোহৰলৈ আহিছে।
প্ৰকৃতিৰ এই ৰোষত কেৱল মানুহৰেই নহয়, ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে। পাহাৰৰ বুকুত সঘনাই ঘটা ভূমিস্খলন আৰু পানীৰ প্ৰবল সোঁতৰ বাবে সমগ্ৰ ৰাজ্যখনত যাতায়াত ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু বৰ্তমানলৈকে ১৫০টা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। ইয়াৰে সৰ্বাধিক ৭৮টা পথ মাণ্ডী জিলাত আৰু ৩০টা পথ শিমলাত অৱস্থিত। ইয়াৰ লগতে ৩৭৪টা বিদ্যুৎ বিতৰণ ট্ৰেন্সফৰ্মাৰ বিকল হৈ পৰা আৰু ৪০খন খোৱাপানী যোগান আঁচনিৰ কাম-কাজ স্থবিৰ হৈ পৰাত যোগাযোগ তথা অত্যাৱশ্যকীয় সেৱাসমূহ বেয়াকৈ প্ৰভাৱিত হৈছে।
উল্লেখযোগ্য যে, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড সামৰি ৰাজ্যখনত ক্ষয়ক্ষতিৰ পৰিমাণ ইতিমধ্যে ১,২০২.৬৪ কোটি টকা অতিক্ৰম কৰিছে। এই ভয়ংকৰ দুৰ্যোগত ৪৬০টা বাসগৃহ সম্পূৰ্ণৰূপে ধূলিসাৎ হোৱাৰ লগতে ৪৬০টা পশুৱেও প্ৰাণ হেৰুৱাইছে। বিচ্ছিন্ন পথ-ঘাট আৰু প্ৰতিকূল পৰিৱেশে উদ্ধাৰ আৰু পুনৰুদ্ধাৰ অভিযানত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যদিও প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতায়াত, বিদ্যুৎ আৰু খোৱাপানীৰ ব্যৱস্থা পুনৰ স্থাপনৰ অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে।