ছিকিমৰ সুৰংগত ভয়ংকৰ দুৰ্ঘটনা; ৭ জন শ্ৰমিকৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 7 h ago
ছিকিমৰ সুৰংগত ভয়ংকৰ দুৰ্ঘটনা
ছিকিমৰ সুৰংগত ভয়ংকৰ দুৰ্ঘটনা
 
নতুন দিল্লী
 
ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰে পুৱতি নিশা খহি পৰি এক দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷
 
এতিয়াও এই সুৰংগটোত বহুতো শ্ৰমিক আৱদ্ধ হৈ আছে৷ এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে। শেহতীয়া চৰকাৰী তথ্য অনুসৰি, জিলা প্ৰশাসনে ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব দিছে।
ৰাজ্যখনৰ তথ্য জনসংযোগ বিভাগে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, উদ্ধাৰ হোৱা মৃতদেহকেইটা চিংটাম জিলা চিকিৎসালয়, গেংটকৰ এছটিএনএম চিকিৎসালয় আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নামচি জিলা প্ৰশাসনে বিষয়া, এছডিআৰএফ, এনডিআৰএফ, ছিকিম আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগত অবিৰতভাৱে উদ্ধাৰ অভিযান চলাই থকা হৈছে।
 
উক্ত বিবৃতিটোত কোৱা হৈছে যে এছ এছ ডি এম এয়ে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন অনুসৰি তেওঁলোকে অধিক আপডেট দি থাকিব৷
 
নামচি জিলাৰ জিলা উপায়ুক্ত অনুপা তামলিঙে পূৰ্বে উল্লেখ কৰিছিল, "প্ৰায় ২৭ জন শ্ৰমিক সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। অৱশ্যে সুৰংগটোৰ ভিতৰৰ অৱস্থাৰ সম্পূৰ্ণ তথ্য এতিয়াও পোৱা হোৱা নাই, গতিকে প্ৰকৃত সংখ্যা নিশ্চিত কৰা হোৱা নাই।"
 
তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে সুৰংগটোত প্ৰৱেশ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। তেওঁ আৰু কয় যে NDRF-ৰ দলটো ঘূৰি অহাৰ পাছতহে আমাৰ হাতত ভিতৰত থকা শ্ৰমিকৰ সংখ্যা আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে স্পষ্ট তথ্য আহি পৰিব।
 
মন কৰিবলগীয়া যে, সোমবাৰে বিয়লি সমৰদঙৰ এটা সুৰংগৰ ভিতৰত গেছ নিৰ্গত হোৱা বুলি জানিব পৰা গৈছিল৷ তাৰ পাছতে সুৰংগটোৰ ভিতৰত শ্ৰমিকসকল আৱদ্ধ হৈ পৰে৷ এই কথা জানিব পৰাৰ পাছতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিয়োগ কৰা হয়। অৱশ্যে সুৰংগটোৰ ভিতৰত সঠিকভাৱে কি হৈছিল আৰু কিমানজন লোক এতিয়াও আবদ্ধ হৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।