গুৱাহাটী
বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যোৰহাট জিলাত। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ ১৬২খন গাঁও বানৰ কবলত পৰিছে। এই প্ৰলংকৰী বানত মুঠ ৫০,৯৮৭ জন লোক পোনপটীয়াভাৱে প্ৰভাৱিত হৈছে।
জিলাখনৰ তিতাবৰ আৰু টীয়ক ৰাজহ চক্ৰত বানৰ প্ৰভাৱ আটাইতকৈ বেছি দেখা গৈছে।তিতাবৰ ৰাজহ চক্ৰৰ ৪৯১৭জন লোক প্ৰভাৱিত হৈছে। টীয়কত প্ৰায় ২২ হাজাৰ জন লোক বানৰ কৱলত পৰিছে। যোৰহাট পশ্চিম আৰু পূবত ক্ৰমে ৪৫৯৩ জন আৰু ১৭৯৬৯ জন লোক প্ৰভাৱিত হৈছে। মৰিয়নী ৰাজহ চক্ৰৰ ১,৫০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
জিলাখনৰ প্ৰায় ৪৪৪৩ হেক্টৰ কৃষিভূমি বানৰ পানীত বুৰ গৈছে, যাৰ ফলত খেতিয়কসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে।
বানৰ ফলত জিলাখনত এতিয়ালৈকে ৪জন লোকে প্ৰাণ হেৰুৱাইছে। টীয়ক ৰাজহ চক্ৰত মেছাগাঁও ১৪০ নং গ্ৰাণ্টৰ অৰ্জুন কৰ্মকাৰ (২৫) আৰু চেলেনঘাটৰ ললিত গগৈ (৫০) নামৰ ব্যক্তি দুজনৰ মৃত্যু হৈছে। আনহাতে তিতাবৰ ৰাজহ চক্ৰৰ পাণবাৰী চাহ বাগানত সোণিয়া পাহাৰীয়া (১৪) আৰু মাইনা মিৰ্ধা (১৫) নামৰ দুজনী কিশোৰীৰ সলিল সমাধি ঘটে।
প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলৰ বাবে জিলাখনত ৩টা আশ্ৰয় শিবিৰ আৰু ৩০টা সাহায্য বিতৰণ কেন্দ্ৰ খোলা হৈছে। বৰ্তমান এই শিবিৰসমূহত ৯৪০জন লোকে (৪০৪ জন পুৰুষ, ৪১৯ গৰাকী মহিলা আৰু ১১২টা শিশু) আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত ৯৩১জন আশ্ৰয়প্ৰার্থী কেৱল তিতাবৰ ৰাজহ চক্ৰৰ শিবিৰসমূহতে আছে। প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত চাউল, দাইল, নিমখ, মিঠাতেল আৰু গৰু-মহৰ বাবে দানা বিতৰণৰ ব্যৱস্থা কৰিছে।
ভোগদৈ নদীৰ পানী উফন্দি পৰাৰ ফলত জিলাখনৰ বহু অংশত মথাউৰি আৰু পথৰ ক্ষতি হৈছে। যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং সোণাৰী, গায়ন গাঁও, মজীয়া ভেটী আৰু মালৌপামত ভোগদৈ নদীৰ মথাউৰি ভাঙি প্লাবিত হৈছে। টীয়ক ৰাজহ চক্ৰত জাজী নদীৰ বাওঁফালে মথাউৰি চিঙিছে।
উল্লেখযোগ্য যে, যোৰহাট পশ্চিমৰ মালো-আলি পথ আৰু মোমাই কাটা গোসাঁই পথৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে বিদ্যুৎ পৰিবাহী খুঁটা আৰু লাইন বিছিন্ন হৈ পৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাটাও খোৱাপানী যোগান প্ৰকল্প পানীৰ তলত পৰাত খোৱাপানীৰ সমস্যাই দেখা দিছে। ইতিমধ্যে বিএইচডি, এচডিআৰএফ আৰু ফায়াৰ চাৰ্ভিছে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। পৰিস্থিতি নিৰীক্ষণৰ বাবে জিলা প্ৰশাসনে সজাগ দৃষ্টি ৰাখিছে।