নতুন দিল্লী
অপাৰেচন সেন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে মঙলবাৰে ভাৰতীয় সেনাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অদম্য স্থিতিৰ পুনৰাবৃত্তি কৰি এক বাৰ্তা প্ৰেৰণ কৰিছে। ছ’চিয়েল মিডিয়া চাইটত পোষ্ট কৰা ভাৰতীয় সেনাৰ বাৰ্তাত কোৱা হৈছে যে, “যেতিয়া মানৱতাৰ সীমা অতিক্ৰম কৰা হয়, তেতিয়া প্ৰত্যুত্তৰ নিৰ্ণায়ক হয় । ন্যায়ৰ প্ৰাধান্য থাকে। ভাৰত ঐক্যবদ্ধভাৱে থিয় দিয়ে।” এই বাৰ্তাই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ঐতিহাসিক সামৰিক এক্সনৰ আঁৰৰ মনোভাৱক প্ৰতিফলিত কৰিছে।
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোক (২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক)ক নিৰ্মমভাৱে হত্যা কৰিছিল। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পোন্ধৰ দিনৰ পাছত, ৭ মে’ত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তান আৰু PoK ৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছিল । ভাৰতৰ এই আক্ৰমণত কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল । ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত পৰিস্থিতি অৱনতি ঘটে আৰু দুটা দশকৰ পিছত শিখৰত উপনীত হয়।
ইফালে পাকিস্তানে ভাৰতৰ চহৰসমূহক লক্ষ্য কৰি লোৱাৰ পাছত ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলো আক্ৰমণ বিফল কৰে । ইয়াৰ পাছত ভাৰতৰ প্ৰত্যুত্তৰত ১৪টা পাকিস্তানী সামৰিক সংস্থাপন ধ্বংস হয়। ইয়াৰ বাবে আতংকিত হৈ পাকিস্তানে ১০ মে’ত ভাৰতক যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ায়, যিটো দুয়োখন দেশৰ মাজত আলোচনাৰ অন্তত কাৰ্যকৰী কৰা হয়।