প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ৰ ইণ্টাৰনেটত আলোড়ন, এদিনতে চালে ১০ কোটি লোকে

Story by  atv | Posted by  [email protected] • 2 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ’ই ইণ্টাৰনেটত খলকনি তুলিছে৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে জনপ্ৰিয় ষ্ট্ৰীটফুড ঝালমুৰিৰ সোৱাদ উপভোগ কৰিবলৈ এখন বিপণিলৈ যোৱাৰ এটা বিশেষ দৃশ্যৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ এই ভিডিঅ’টোৱে বেছ চৰ্চা লাভ কৰাৰ লগতে ডিজিটেল জগতত প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাক পুনৰবাৰ প্ৰমাণিত কৰে।
 
ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ এদিনৰ ভিতৰতে ভিডিঅ’টোৱে ১০ কোটিতকৈ অধিক ভিউছ লাভ কৰাৰ বিপৰীতে ফেচবুকত ভিডিঅ’টোৱে প্ৰায় ৯ কোটি ভিউছ লাভ কৰে। ‘‘পি এম মোডী ইফেক্ট’’ কেৱল ছ'চিয়েল মিডিয়াতে সীমাবদ্ধ নাছিল; ই এই বিশেষ খাদ্যবিধৰ প্ৰতি জনসাধাৰণৰ কৌতুহলতো ইন্ধন যোগাইছিল। গুগলত "ঝালমুৰি"ৰ সন্ধানে ২২ বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হোৱাৰ ফলত এই ষ্ট্ৰীটফুড নিশাটোৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰে।
 
বিশ্বৰ আগশাৰীৰ ৰাজনৈতিক নেতাসকলৰ তুলনাত সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা অতুলনীয়। ইনষ্টাগ্ৰামত এক কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছৰ সৈতে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী বিশ্ব নেতাত পৰিণত হৈছে প্ৰধানমন্ত্ৰীগৰাকী৷
 
ফেচবুকত প্ৰধানমন্ত্ৰী মোদীৰ ৫ কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছ আছে । ইয়ে তেওঁৰ জনপ্ৰিয়তাক প্ৰমাণ কৰিছে ৷ সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰীগৰাকীৰ ১ কোটি ১০ লাখ অনুগামীয়ে নেতাগৰাকীৰ সামগ্ৰিক প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰে।
 
উল্লেখযোগ্য যে, ২৩ আৰু ২৯ এপ্ৰিলত পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰচাৰ অব্যাহত থকাৰ মাজতে ঝাৰগ্ৰামৰ এখন স্থানীয় বিপণিৰ সমীপত প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিশেষ মুহূৰ্তটো দেখা যায়।
 
ভিডিঅ'টোত প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীজনৰ সৈতে আড্ডা দিয়াৰ ভংগীমাৰে দুই-এষাৰ কথা পাতে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীক উদ্দেশ্যি কয়, ‘‘ভাই আপোনাৰ ঝালমুৰি আমাক খুৱাওক ।’’ এই কথা-বতৰাৰ সময়ত পিঁয়াজ খায় নেকি বুলি সোধাত প্ৰধানমন্ত্ৰী মোদীয়ে ধেমালিতে উত্তৰ দিয়ে, ‘‘মই পিঁয়াজ খাওঁ, কিন্তু মই মগজু নাখাও ৷’’ প্ৰধানমন্ত্ৰীৰ কথা শুনি দোকানীজনে নাহাঁহি নোৱাৰিলে। দোকানীজনে অতি বিনম্ৰতাৰে ঝালমুৰিৰ বিনিময়ত প্ৰধানমন্ত্ৰীয়ে যঁচা ১০ টকাটো ল’বলৈ দ্বিধাবোধ কৰে যদিও প্ৰধানমন্ত্ৰীৰ অনুৰোধ এৰাব নোৱাৰি তাক গ্ৰহণ কৰে৷
 
প্ৰধানমন্ত্ৰীয়ে উক্ত স্থানত সমবেত স্থানীয় ৰাইজৰ মাজত ঝালমুৰি বিলোৱাও দেখা গৈছিল৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত ঝালমুৰিৰ বিপণিখন এনেদৰে হঠাতে চৰ্চালৈ আহে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷
 
ৰাজ্যখনৰ প্ৰধান খাদ্য হিচাপে পৰিচিত মুৰিৰ লগতে বিভিন্ন জলপান আৰু মিশ্ৰণৰ পেকেট পৰিপাটিকৈ বাকচত ভৰাই থোৱা সৰু বিপণিখনত প্ৰধানমন্ত্ৰীৰ পদাৰ্পণে অভাৱনীয় হুলস্থুলৰ সাক্ষী হৈ পৰে।
 
ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰচাৰ চলোৱাৰ সময়ত নিজৰ স্বাক্ষৰযুক্ত সাজ-পোছাক পৰিধান কৰে ৷ তেওঁৰ পিন্ধনত আছিল বগা কুৰ্তা, গাঢ় নীলা পিনষ্ট্ৰাইপযুক্ত জেকেট আৰু বগা ৰঙেৰ বিজেপিৰ পদুমৰ চিহ্ন এম্ব্ৰয়ডাৰী কৰা ডাঠ ৰঙা স্কাৰ্ফ । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এনেদৰে হঠাতে নভবাকৈ কাষতে দেখি তাত উপস্থিত প্ৰত্যেকে ফটো উঠিবলৈ হেতা-ওপৰা লগায়৷
 
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিশেষ ক্ষণৰ ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘পশ্চিমবংগৰ ব্যস্ত দেওবাৰে চাৰিটাকৈ ৰেলীৰ মাজতে ঝাৰগ্ৰামত কিছু সুস্বাদু ঝালমুৰি উপভোগ কৰিলোঁ।’’


শেহতীয়া খবৰ