নতুন দিল্লী
২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনীতি আশা কৰাতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে। এই চৰকাৰী তথ্য প্ৰকাশ পোৱাৰ এদিন পিছতে অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ বৈঠক। উক্ত বৈঠকত অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শনিবাৰে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ (ইএচি-পিএম) এক গুৰুত্বপূৰ্ণ বৈঠকত পশ্চিম এছিয়াত যুদ্ধৰ বাবে সংকটৰ ফলত সৃষ্টি হোৱা বিশ্বজনীন প্ৰত্যাহ্বান আৰু ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজত ভাৰতৰ অৰ্থনৈতিক বিকাশক অধিক শক্তিশালী কৰাৰ ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়।
চৰকাৰী সূত্ৰৰ মতে, বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহেও ভূ-ৰাজনৈতিক উত্তেজনা, বাণিজ্য সম্পৰ্কীয় অনিশ্চয়তা আৰু ভাৰসাম্য়হীন বৃদ্ধিৰ প্ৰৱণতাৰ সৈতে মোকাবিলা কৰি আছে। এনে পৰিস্থিতিৰ সময়ত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ গতি অক্ষুণ্ণ ৰাখিবলৈ বিভিন্ন ধাৰণা আৰু ব্যৱস্থা সন্দৰ্ভত এই বৈঠকত গুৰুত্ব লাভ কৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।
তদুপৰি একেটা সূত্ৰই উল্লেখ কৰা মতে, উক্ত বৈঠকত দেশৰ লোকসকলৰ জীৱন-যাপন আৰু ব্যৱসায়ত সহজতা বৃদ্ধিৰ লক্ষ্যৰে সংস্কাৰসমূহৰ বিষয়েও পৰ্যালোচনা কৰা হয়। অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলে সম্প্ৰতি অব্য়াহত থকা পশ্চিম এছিয়াৰ সংঘাতৰ ফলত ভাৰতৰ লগতে বিশ্ব অৰ্থনীতিৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত কৰা মূল্যায়নৰ বিষয়ে অৱগত কৰে।
উল্লেখ্য় যে, যোৱা ৫ জুনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনীতিৰ গতি সন্দৰ্ভত চৰকাৰী তথ্য প্রকাশ কৰা হৈছে। এই তথ্য়ত দেশখনৰ অৰ্থনীতিৰ গতি আশা কৰাতকৈ বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছে। এই তথ্য় অনুসৰি যোৱা জানুৱাৰী-মাৰ্চৰ ত্ৰৈমাসিকত ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৭.৮ শতাংশ বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে। আনহাতে, ২০২৫-২৬ৰ সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ বাবে বৃদ্ধি ৭.৭ শতাংশ হোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে।
প্ৰকাশিত তথ্য় মতে, চতুৰ্থ ত্ৰৈমাসিকত স্থিৰ মূল্যত জিডিপি আনুমানিক ৮৭.৭৭ লাখ কোটি টকা অনুমান কৰা হৈছে। উল্লেখ্য যে, পূৰ্বৰ বৰ্ষত একে সময়ছোৱাত এই পৰিমাণ আছিল ৮১.৪০ লাখ কোটি টকা। আনহাতে, এই ত্ৰৈমাসিকৰ মুঠ জিডিপি ৯৪.৬৫ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে। এই পৰিমাণ ৯.১ শতাংশ বৃদ্ধি হোৱা দেখুৱাইছে।
উল্লেখ্য় যে, ২০২৫-২৬ চনৰ সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ বাবে প্ৰকৃত জিডিপি ৩২৩.১২ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে। এই পৰিমাণ ২০২৫ বিত্তীয় বৰ্ষত প্ৰথম সংশোধিত অনুমান ২৯৯.৮৯ লাখ কোটি টকা আছিল। এই পৰিমাণে ৭.৭ শতাংশ বৃদ্ধিৰ হাৰৰ প্ৰতিফলন ঘটাইছে। মুঠ জিডিপি ৩৪৬.৩৬ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে। এই জিডিপি পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৮.৯ শতাংশ বৃদ্ধি পাইছে।
তথ্য সমূহে এইটোও প্ৰকাশ কৰিছে যে, অৰ্থনৈতিক কাৰ্যকলাপৰ এক মূল পৰিমাপ গ্ৰাছ ভেলু এডেড (জিভিএ) বিত্তীয় বৰ্ষ ২০২৬ত ৭.৯ শতাংশ বৃদ্ধিৰ মূল্যায়ন কৰা হৈছে। ইপিনে, মুঠ জিভিএ ৯.১ শতাংশ বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে। চতুৰ্থ ত্ৰৈমাসিকত প্ৰকৃত জিভিএ বৃদ্ধি ৭.৯ শতাংশ হোৱাৰ বিপৰীতে মুঠ জিভিএ ৯.৯ শতাংশ বৃদ্ধি পাইছে।
ঔদ্য়োগিক উৎপাদন আৰু সেৱা পৰ্যায়ৰ খণ্ডই বৃদ্ধিৰ গতি অব্যাহত ৰাখিছে। স্থিৰ মূল্যত গৌণ খণ্ডৰ ৮.৮ শতাংশ আৰু সেৱা পৰ্যায়ৰ খণ্ডত ৯.৩ শতাংশ বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে। আনহাতে, প্ৰাথমিক খণ্ডত ৩.২ শতাংশ বৃদ্ধি পাইছে।
উল্লেখ্য় যে, যোৱা মাহত প্ৰধানমন্ত্ৰী মোদীয়ে আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি পৰিৱেশ বহনক্ষম বিকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তদুপৰি স্বদেশী সামগ্ৰীৰ প্ৰচাৰ, ৰন্ধন তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈও আহ্বন জনাইছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ কৰাৰ লগতে এবছৰৰ বাবে অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ পৰিহাৰ আৰু অত্যধিক সোণ ক্ৰয় ৰোধ কৰিবলৈও নাগৰিকসকলক আহ্বান জনাইছিল।