ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; এদিনতে ২১ জনৰ মৃত্যু, ১৬ খন জিলাত ৫.৪ লাখ লোক আক্ৰান্ত

Story by  atv | Posted by  [email protected] • 6 h ago
ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি
ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি
 
গুৱাহাটী
 
অসমৰ অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই মঙলবাৰৰ মাজনিশা জাৰি কৰা বুলেটিন অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত ২১ জন লোকৰ মৃত্যু হৈছে। শিৱসাগৰ জিলাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চৰাইদেউত ৫ জন, গোলাঘাটত ২ জন আৰু যোৰহাটত ২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে৷
 
ইফালে বানত গোলাঘাট, কামৰূপ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি, নগাঁও, চৰাইদেউ , কামৰূপ (ম), যোৰহাট , তিনিচুকীয়া, কাৰ্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰকে ধৰি ১৬ খন জিলাত ৫.৬৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ২৪,২১০.৩৫ হেক্টৰ কৃষিভূমি ডুব গৈছে আৰু ৪৪টা ৰাজহ চক্ৰৰ ৮৭২খন গাঁও ক্ষতিগ্ৰস্ত হৈছে।
 
শিৱসাগৰ জিলাত ৩.৫৯ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক আক্ৰান্ত হৈছে। বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ২৭৩টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত ১.১৪ লাখৰো অধিক লোকে আশ্ৰয় লৈছে।
 
ইফালে ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা, এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈছে।
 
আনহাতে, ঐতিহাসিক শিৱসাগৰ চহৰত বৰ্তমান বান পৰিস্থিতিয়ে চৰম সংকটজনক ৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীৰ তীব্ৰ সোঁত আৰু জলমগ্নতাই চহৰখনৰ জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ কৰি পেলাইছে। ঐতিহাসিক দৰিকা নৈৰ সংহাৰী ৰূপৰ বাবে চহৰখনৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত পৰে, যাৰ ফলত যিকোনো মুহূৰ্ততে সমগ্ৰ শিৱসাগৰ চহৰ ডুবি যোৱাৰ তীব্ৰ আশংকাই দেখা দিছে।
 
উল্লেখযোগ্য যে,  শিৱসাগৰ চহৰৰ মুখ্য যাতায়াতৰ পথসমূহ এতিয়া একপ্ৰকাৰ নদীলৈ ৰূপান্তৰিত হৈছে।  শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ ব্যস্ত দ’লমুখ চাৰিআলি আৰু জেঙণিকটীয়া চাৰিআলি সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। লগতে  বানৰ ধলে চহৰখনৰ একাধিক গুৰুত্বপূৰ্ণ প্ৰশাসনিক স্থান প্লাৱিত কৰিছে। আনকি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে বহুকেইটা চৰকাৰী কাৰ্যালয়ৰ চৌহদ পানীত ডুব গৈছে।
 
দৰিকা নৈৰ বলিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰি চহৰখনলৈ ভয়ংকৰ বিপদ চপাই আনিছে। পানীৰ তীব্র সোঁতে ঐতিহাসিক চহৰখনক যিকোনো মুহূৰ্ততে তচনচ কৰি পেলোৱাৰ আশংকা কৰা হৈছে। পৰিস্থিতি অত্যন্ত আশংকাজনক হৈ পৰাত জিলা প্ৰশাসন আৰু জৰুৰীকালীন সেৱাসমূহে বানাক্ৰান্তসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে উদ্ধাৰ অভিযান চলাই আছে। স্থানীয় ৰাইজক অত্যন্ত সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
 
আনহাতে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে ইতিমধ্যে ৮টাকৈ বন শিবিৰ জলমগ্ন হৈ পৰিছে।
 
যোৱা কেইদিনমানৰ পৰা অব্যাহত থকা বৰষুণ আৰু নৈ-উপনৈসমূহৰ পানী বৃদ্ধি পোৱাৰ ফলত উদ্যানখনৰ অভ্যন্তৰত পানীৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বাঢ়নী পানীয়ে উদ্যানখনৰ ৮টাকৈ বন শিবিৰ সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত বনকৰ্মীসকলে পানীৰ মাজতেই পহৰা ব্যৱস্থা অব্যাহত ৰাখিছে।
 
পানীৰ পৰা আত্মৰক্ষাৰ বাবে উদ্যানখনৰ হাতী, গঁৰ আৰু হৰিণকে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে ওখ ঠাইৰ সন্ধানত কাৰ্বি আংলং পাহাৰৰ দিশে অগ্ৰসৰ হ’বলৈ ধৰিছে। বন্যপ্ৰাণীৰ নিৰাপদ প্ৰব্ৰজন নিশ্চিত কৰিবলৈ উদ্যান কৰ্তৃপক্ষই ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিশেষ বন্যপ্ৰাণী কৰিড’ৰসমূহত বেৰিকেড স্থাপন কৰিছে।
 
আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হ’বলৈ চেষ্টা কৰা বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা হৈছে। গাড়ী চালকসকলক ধীৰে-সুস্থে আৰু সতৰ্কতাৰে বাহন চলাবলৈ নিৰ্দেশ দিয়া হৈছে। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু চোৰাং চিকাৰ প্ৰতিৰোধৰ বাবে বন বিভাগে বোকাৰে নাও চলাই বিশেষ পহৰাৰ ব্যৱস্থা কৰি সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।