নতুন দিল্লী
কেৰালাৰ ত্ৰিশূৰ জিলাত শুকুৰবাৰে নিশা এক ভয়ংকৰ আৰু অতি দুখজনক পথ দুৰ্ঘটনাত তামিলনাডুৰ কমেও ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থীয়ে অকালতে প্ৰাণ হেৰুৱায়।
কেৰালা আৰক্ষীয়ে জনোৱা অনুসৰি, কাইপামংগলামৰ পানাম্বিকুন্নুত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে শিক্ষাৰ্থীসকলক কঢ়িয়াই নিয়া বাহনখনৰ প্ৰচণ্ড সংঘৰ্ষ হোৱাৰ ফলতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, এই দুৰ্ভগীয়া শিক্ষাৰ্থীসকল তামিলনাডুৰ ডিণ্ডিগুলস্থিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল।
শুকুৰবাৰে নিশা প্ৰায় ১১:১৫ বজাত তেওঁলোকে গুৰুভায়ুৰৰ পৰা ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কোডুংগালুৰলৈ যাত্ৰা কৰি থকা অৱস্থাতে এই শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হয়।
বৰ্তমানলৈকে নিহত ৮ গৰাকী ছাত্ৰৰ ভিতৰত ৬ গৰাকীক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, চিনাক্ত হোৱা ছাত্ৰকেইগৰাকীৰ ভিতৰত সূৰ্য্য, যুৱসঞ্জিত, বিশ্ব আৰু জোহুৱা তামিলনাডুৰ ডিণ্ডিগুলৰ বাসিন্দা হোৱাৰ বিপৰীতে সন্তোষ আৰু প্ৰসন্ন মাদুৰাইৰ বাসিন্দা।
আনহাতে, বাকী দুগৰাকী নিহত শিক্ষাৰ্থীৰ পৰিচয় এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই আৰু আৰক্ষীয়ে তেওঁলোকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱা অঞ্চলটোত বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম চলি থকাৰ বাবে সুৰক্ষাৰ দৃষ্টিৰে পথটোৰ ক্ষতিগ্ৰস্ত অংশসমূহত বেৰিকেড লগোৱা হৈছিল।
কিন্তু ট্ৰাক চালকগৰাকীয়ে যান-বাহনৰ নিয়ম উলংঘা কৰি ট্ৰাকখন ঘাইপথৰ ওপৰতে বিপজ্জনকভাৱে ৰখাই থৈছিল। এনে অৱস্থাত শিক্ষাৰ্থীসকলৰ গাড়ীখনে পোনে পোনে গৈ ট্ৰাকখনত খুন্দা মৰাৰ ফলতেই বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় আৰু ঘটনাস্থলীতেই ছাত্ৰকেইগৰাকীয়ে কৰুণ মৃত্যুক আঁৱালি লয়।