গুৱাহাটী
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত চাইবাৰ অপৰাধ আৰু বিত্তীয় প্ৰতাৰণাৰ গোচৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ পাছতে অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে এক সুবৃহৎ আৰু মাৰাথন অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ ২৯খনকৈ জিলাত একেলগে চলোৱা এই বিশেষ অভিযানত এইপৰ্যন্ত প্ৰায় ৩০০জন সন্দেহযুক্ত ঠগ-প্ৰবঞ্চক আৰক্ষীৰ জালত পৰিছে।
সাধাৰণ জনতাক লক্ষ্য কৰি লৈ এই প্ৰবঞ্চক চক্ৰটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছিল। আৰক্ষীৰ তথ্য অনুসৰি, এই লোকসকলে প্ৰধানকৈ ভুৱা ফোনকল আৰু মেছেজৰ জৰিয়তে সাধাৰণ লোকৰ পৰা ধন লুটিছিল। ইয়াৰ লগতে, চৰকাৰী বা ব্যক্তিগত কাৰ্যালয়ত চাকৰি তথা অন্যান্য কাম কৰাই দিয়াৰ ভুৱা প্ৰলোভন দিয়া আৰু নিজকে আৰক্ষী বিষয়া বুলি ভুৱা পৰিচয় দি জনসাধাৰণক ভয়-ভাবুকি প্ৰদান কৰি ধন আদায় কৰা আদি গুৰুতৰ অভিযোগত এই লোকসকল জড়িত হৈ আছে।
ৰাজ্যৰ ভিন্ন প্ৰান্তত চলোৱা এই অভিযানত কেইবাখনো জিলাৰ পৰা বহুসংখ্যক প্ৰবঞ্চকক আটক কৰা হৈছে। ইয়াৰ ভিতৰত হোজাই জিলাৰ পৰা সৰ্বাধিক ১৬ জন লোকক আটক কৰাৰ বিপৰীতে ডবকা আৰক্ষীৰ অভিযানত লুটফুৰ ৰহমান, নাজিম উদ্দিন, বিলাল আহমেদ, আয়বুৰ ৰহমান আৰু মানিককে ধৰি মুঠ ৬ জন প্ৰবঞ্চক আটক হৈছে। একেদৰে, গোৱালপাৰা আৰক্ষীয়ে ৫ জন আৰু ধুবুৰী আৰক্ষীয়ে ৩ জন প্ৰবঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে, শিৱসাগৰত ইমৰাণ আলী আৰু ইনামূল হক নামৰ দুজন প্ৰবঞ্চক আৰক্ষীৰ জালত পৰাৰ লগতে মোৰাঝাৰ থানাৰ অন্তৰ্গত অঞ্চলৰ পৰাও আন দুজন সন্দেহজনক প্ৰবঞ্চকক আটক কৰা হৈছে।
বৰ্তমানো আৰক্ষীৰ এই ব্যাপক তদন্ত অব্যাহত আছে আৰু আগন্তুক সময়ত প্ৰবঞ্চকবিৰোধী এই মাৰাথন অভিযান অধিক তীব্ৰতৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ছেগতে অসম আৰক্ষীয়ে ৰাজ্যবাসীৰ প্ৰতি এক বিশেষ আহ্বান জনাইছে যাতে যিকোনো সন্দেহজনক ফোনকল, মেছেজ বা অচিনাকি উৎসৰ সৈতে ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত ৰাইজে সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰে।