ইছৰো'ৰ EOS-05 উপগ্ৰহক দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ‘গেম চেঞ্জাৰ’ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  [email protected] • 50 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ভাৰতৰ মহাকাশ গৱেষণাৰ ইতিহাসত পুনৰ এক সোণালী অধ্যায়ৰ সূচনা হৈছে। শুকুৰবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ 'ইছৰো'ৰ দ্বাৰা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ‘ই অ’ এছ-০৫’ৰ সফল প্ৰক্ষেপণৰ পাছতে সমগ্ৰ দেশবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ঐতিহাসিক আৰু দেশৰ প্ৰথমটো নিবেদিত ইমেজিং উপগ্ৰহৰ সফল উৎক্ষেপণক মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য তথা দেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ বা ‘গেম-চেঞ্জাৰ’ হিচাপে অভিহিত কৰিছে।
 
উল্লেখ্য যে, শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা ইছৰোৰ জি এছ এল ভি-এফ ১৭ ৰকেটৰ জৰিয়তে এই ই অ’ এছ-০৫ উপগ্ৰহটো মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হয়। ইয়াৰ জৰিয়তে ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক সুবৃহৎ মাইলৰ খুঁটি স্থাপিত হ’ল। নিৰ্ধাৰিত জিঅ’ কক্ষপথত এই উপগ্ৰহটোৱে সফলতাৰে নিজৰ কাৰ্যক্ষমতা আৰম্ভ কৰাৰ লগে লগে ই ভাৰতৰ প্ৰথমটো নিবেদিত ইমেজিং উপগ্ৰহ হিচাপে পৰিগণিত হ’ব। দেশৰ নিৰাপত্তা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে ই অতিশয় গুৰুত্বপূৰ্ণ কৌশলগত তথ্য নিৰন্তৰভাৱে প্ৰদান কৰি যাব।
এই অভূতপূৰ্ব সাফল্যৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই জনপ্ৰিয় সামাজিক মাধ্যম ‘এক্স’ যোগে নিজৰ আনন্দ ব্যক্ত কৰি কয়, "ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি সংযোজিত হ’ল এক নতুন সাফল্যৰ অধ্যায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ জি এছ এল ভি-এফ ১৭ ৰকেটে ই অ’ এছ-০৫ ছেটেলাইটক সফলতাৰে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হ’ল। এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে এতিয়াৰে পৰা দেশৰ বিজ্ঞানীসকলে মহাকাশৰ পৰা ভাৰতক অধিক নিয়মিত, সূক্ষ্ম আৰু স্পষ্টভাৱে নিৰীক্ষণ কৰাৰ এক নতুন আৰু শক্তিশালী সক্ষমতা অৰ্জন কৰিলে।"
 
উপগ্ৰহটোৰ কাৰিকৰী আৰু ব্যৱহাৰিক দিশৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিশেষত্ব সন্দৰ্ভত উল্লেখ কৰে যে, ই অ’ এছ-০৫ উপগ্ৰহটোৱে পৃথিৱীক পৰিক্ৰমা কৰি কেৱল মাত্ৰ কিছু সময়ৰ বাবে কোনো এটা অঞ্চলৰ ওপৰেৰে পাৰ হৈ যোৱাৰ পৰিৱৰ্তে, ই ভাৰতৰ ভূ-খণ্ডৰ ওপৰত অবিৰতভাৱে দীৰ্ঘ সময় ধৰি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সক্ষম হ’ব।
 
বিশেষভাৱে নিৰ্বাচিত অঞ্চলসমূহক প্ৰতি ৫ মিনিটৰ মূৰে মূৰে আৰু সমগ্ৰ ভাৰতীয় ভূ-খণ্ডক প্ৰায় ৩০ মিনিটৰ ভিতৰতে নিৰীক্ষণ কৰিব পৰা এই উপগ্ৰহটোৰ অতুলনীয় সক্ষমতা দেশৰ প্ৰযুক্তিগত যাত্ৰাত এক উল্লেখযোগ্য অগ্ৰগতি।
 
তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে, বিশেষকৈ বানপানী, ভয়ংকৰ ঘূৰ্ণীবতাহ, আকস্মিক ভূমিস্খলন আদিৰ দৰে দ্ৰুতগতিত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই উপগ্ৰহটোৱে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। এনে ছেটেলাইটৰ পৰা নিৰন্তৰ আৰু সঘনাই লাভ কৰা বাস্তৱসন্মত তথ্যই দুৰ্যোগৰ পৰিস্থিতি অনুসৰি প্ৰশাসনক দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব, যাৰ ফলত দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্ধাৰ আৰু সাহায্য অভিযানসমূহ পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু ফলপ্ৰসূ হৈ পৰিব।
 
উল্লেখযোগ্য যে, অতীতৰ সকলোধৰণৰ প্ৰত্যাহ্বান আৰু বাধাক নেওচি এই বিৰল সাফল্য অৰ্জন কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে 'ইছৰো'ৰ প্ৰতিগৰাকী বিজ্ঞানী, অভিযন্তা আৰু সমগ্ৰ কৰ্মকৰ্তাৰ দলটোক আন্তৰিক অভিনন্দন আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। নিজৰ বাৰ্তাৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱেৰে উল্লেখ কৰে যে, ইছৰোৰ বিজ্ঞানীসকলৰ অসীম ধৈৰ্য, একাণপতীয়া নিষ্ঠা আৰু অদম্য সংকল্পই ভাৰতৰ মহাকাশ যাত্ৰাক প্ৰতিদিনে ন ন দিগন্তলৈ লৈ গৈছে।