গুৱাহাটী
শিৱসাগৰ নগৰত বানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মঙলবাৰৰ নিশাটোৰ ভিতৰত নগৰখনৰ অৰ্ধেক সংখ্যক ঠাইত বাঢ়নী পানীয়ে দুৰ্যোগৰ সৃষ্টি কৰিছে। শিৱসাগৰ নগৰৰ এটি ৰোড, বিজি ৰোডৰ পাছত এতিয়া হাস্পতাল ৰোড, দ'লমুখ চাৰিআলি, বাবুপট্টি, জেঙনিকটীয়া, নিউ কলনী, ধাই আলি, থানামুখ আদি বিস্তৃত অঞ্চলত দৰিকা নদীৰ বাঢ়নী পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
নগৰীয়া লোকৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে। নগৰৰ বিভিন্ন অঞ্চলত এতিয়াও বহু লোক আবদ্ধ হৈ আছে। আশ্ৰয় শিৱিৰৰ অভাৱৰ লগতে খাদ্য আৰু খোৱাপানীৰ সমস্যাত ভূগিছে ৰাইজে।
জিলাখনৰ সকলো ঠাইতে হোৱা আকস্মিক বানৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনেও উৱাদিহ পোৱা নাই । দৰিকা নদীৰ পানী যি হাৰত শিৱসাগৰ নগৰত সোমাইছে, এই পৰিস্থিতি অব্যাহত থাকিলে সম্পূৰ্ণ নগৰখন পানীত বুৰ যাবলৈ সময় নালাগিব।
ইফালে শিৱসাগৰৰ লগতে চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হয়৷ তেওঁ চৰাইদেউ জিলাৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সকলো ধৰণৰ সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে৷ তেওঁ বানত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে ৪ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷
ইফালে জিলা তিনিখনৰ বানৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তিনিখন জিলাৰ নিৰ্দিষ্ট বান প্ৰভাৱিত অঞ্চলত যদি কোনো ম'বাইল অপাৰেটৰৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হয়, তেন্তে গ্ৰাহকে আন উপলব্ধ অপাৰেটৰৰ নেটৱৰ্ক ব্যৱহাৰ কৰি নিৰৱচ্ছিন্নভাৱে ম'বাইল সেৱা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে৷
এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহাৰ্য আৰু পুনৰ্বাসন কাৰ্য অধিক ফলপ্ৰসূভাৱে আগবঢ়োৱাত বিশেষ সহায়ক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।